জীৱন অন্যান্য , জীৱনটো সুন্দৰ । পিছে সঠিকভাৱে অতিবাহিত কৰিব নাজানিলে অনেক সমস্যাৰে ভৰি পৰে । কথাতে কয় বোলে ‘Health is wealth’ সঁচাকৈয়ে আমাৰ স্বাস্থ্য যদি ঠিক নাথাকে, আমি জীৱনটো সঠিক ৰুপত যাপন কৰিব নোৱাৰো । আমি কোনো কামতে আগবাঢ়িব নোৱাৰো । সেয়ে কিছু সাৱধানতা অৱলম্বন কৰা খুবেই প্ৰয়োজন । সাম্প্ৰতিক জীৱনশৈলীত অতি কম বয়সতে আমাক অনেক ৰোগে আক্ৰমণ কৰা দেখা পোৱা গৈছে । কিন্তু কিছু সতৰ্কতাৰ যোগেদি এনে ৰোগসমূহক প্ৰতিৰোধ কৰিব পাৰি ।

তিনিটা কথা আমি মনত ৰখা উচিত ।

প্ৰথম- আমাৰ চিন্তাসমূহ সকৰাত্মক হোৱা উচিত । দ্বিতীয়তে- শাৰীৰিকভাৱে সক্ৰিয় হৈ থকা, তাৰ বাবে ব্যায়াম কৰিবলৈ জিমলৈ নগ’লেও ঘৰুৱা কাম-কাজৰ দ্বাৰা শৰীৰটো সক্ৰিয় কৰি ৰখা প্ৰয়োজন ।

তৃতীয়তে – ৰাগিয়াল সামগ্ৰী যেনে- সুৰা, ধূমপান, কেফেইনযুক্ত খাদ্য সমূলি ত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগে ।

কেনে হোৱা উচিত খাদ্যাভাস -

১) ৰাতিপুৱাৰ আহাৰ ফাইবাৰযুক্ত হোৱা উচিত । আৰু পেট ভৰাই ভালকৈ খোৱা উচিত ।

২) জীৱনশৈলী অনুসৰি আমি খাদ্য খোৱা উচিত ।

৩) ৰাতিৰ আহাৰ সোনকালে গ্ৰহণ কৰি টোপনি যোৱাৰ আগতে যদি ভোক লাগে, গাখীৰ এগিলাচেই যথেষ্ট ।

*কলেষ্ট্ৰ’ৰেল প্ৰতিৰোধৰ বাবে-

৪) সপ্তাহটোত তিনিদিনমান কমেও আধাঘণ্টা সময় ব্যায়াম কৰিব লাগে ।

৫) ফাইবাৰযুক্ত আহাৰ খোৱাৰ ওপৰত গুৰুত্ব দিয়ক ।

৬) ছাগলী মাংসৰ পৰিৱৰ্তে মাছ বা মুৰ্গী মাংসহে খাওক ।

৭) তেলত ডুবাই ভজাৰ সলনি যিকোনো খাদ্য সামগ্ৰী গ্ৰিল বা বেক কৰি বা উহাই খোৱাৰ অভ্যাস কৰক ।

৮) বজাৰত উপলব্ধ অন্যান্য তেলৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰে- বাদাম তেল (Groundhut Oil) , সৰিয়হ তেল (Mustard Oil) , নাৰিকল তেল (Coconut Oil) ।ৰিফাইন কৰা তেল পৰিহাৰ কৰক ।

৯) ঠিক সেইদৰে চাহৰ ক্ষেত্ৰত গাখীৰ চাহৰ পৰিৱৰ্তে ৰঙা চাহ অধিক খাবলৈ যত্ন কৰক ।

মজবুত হাড়ৰ বাবে -

১০) প্ৰতিদিনে অলপ সময়ৰ বাবে হ’লেও ব্যায়ামৰ প্ৰয়োজন ।

১১) ভিটামিন ‘ডি’ যুক্ত খাদ্য (কণীৰ কুহুম আৰু তেল থকা মাছ) আৰু কেলছিয়ামযুক্ত আহাৰ গ্ৰহণ কৰক ।

১২) কাৰ্ব’নেটেড পানীয়, অধিক নিমখ আদি বৰ্জনীয় ।

১৩) অধিক ওজন বৰ্জনীয়, সেয়ে ওজন কমোৱা ব্যায়াম যেনে- চিৰি বগোৱা, খোজকঢ়া আদিৰ অভ্যাস কৰিব লাগে ।

১৪) কম চৰ্বিযুক্ত গাখীৰ গ্ৰহণ কৰাৰ প্ৰয়োজন ।

স্তন কেন্সাৰ প্ৰতিৰোধৰ বাবে -

১৫) প্ৰতিমাহতেই স্তন পৰীক্ষা কৰা অতি প্ৰয়োজন ।

১৬) স্তনত লাম্প হৈছে নেকি ?

১৭) নিপ্পল ডিছাৰ্জ বা ফুলি উঠা বা বিষ হোৱা এনে যিকোনো লক্ষণ দেখিলেই তৎক্ষণাত ডাক্তৰৰ পৰামৰ্শ লওক ।

১৮) চল্লিশ বছৰৰ উৰ্দ্ধৰ মহিলাসকলে প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে মেমগ্ৰাম পৰীক্ষা কৰাওক ।

হৃদৰোগ নহ’বলৈ -

১৯) ওজন বৃদ্ধিৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বনৰ প্ৰয়োজন ।

২০) একেলেথাৰিয়ে কৰি থকা চিন্তা এৰাই চলিবলৈ যত্ন কৰক ।

২১) আহাৰত অধিক তেল ব্যৱহাৰ কৰাৰ পৰা সমূলি আঁতৰত থাকক ।

২২) ৰাতিপুৱাৰ আহাৰত ফাইবাৰযুক্ত আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক ।

২৩) নিমখ খোৱাৰ ক্ষেত্ৰত সাৱধান হওক । প্ৰতিদিনে ছয় গ্ৰামতকৈ অধিক নিমখ বৰ্জনীয় ।

মধুমেহ ৰোগ নহ’বলৈ -

২৫) পৰিয়ালত মধুমেহ ৰোগ কাৰোবাৰ হ’লে তেওঁলোকে আগৰ পৰাই সাৱধানে থকা উচিত ।

২৬) আৰামদায়ক জীৱন বৰ্জন কৰি এক সক্ৰিয় কৰ্মক্ষম জীৱন অতিবাহিত কৰিবলৈ যত্নপৰ হোৱা উচিত ।

২৭) কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে ।

২৮) প্ৰতিদিনে খোজকঢ়াৰ অভ্যাস কৰিব লাগে ।

২৯) মিঠা আৰু কাৰ্ব’হাইড্ৰেটযুক্ত আহাৰ অধিক খোৱা অনুচিত ।

৩০) ওখ অনুপাতে ওজন হোৱা উচিত । (এই সংক্ৰান্তত ডাক্তৰৰ পৰা সম্পূৰ্ণ বুজি ল’ব )

৩১) মাজে মাজে ব্লাড চুগাৰ লেভেল পৰীক্ষা কৰাব লাগে ।

ডিপ্ৰেচন নহ’বলৈ -

৩২) সদায় মনৰ ভাৱধাৰা সকৰাত্মক পৰ্যায়ত ৰাখিব লাগে । ইয়াৰ বাবে সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ যত্ন কৰক ।

৩৩) ঔষধ সেৱনৰ ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লওক ।

৩৪) শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰক ।

প্ৰতিৰোধ ক্ষমতা বঢ়াওক -

৩৫) দিনে পাঁচটামান আমণ্ড (বাদাম) খাওক ।

৩৬) অৰ্গেনিক প্ৰমাণ পত্ৰ থকা আহাৰ গ্ৰহণ কৰিবলৈ যত্ন কৰিব লাগে ।

৩৭) ৰাতিপুৱা খালীপেটত আমলখি আৰু নেমুৰ ৰস মিহলাই খাব ।

৩৮) এটা মধুৰিআমেও আমাৰ শৰীৰত যথেষ্ট ভিটামিন ‘চি’ৰ যোগান ধৰে ।

৩৯) ৰাতিপুৱা অধিক ঘিউ, মাখন দিয়া পৰঠা, ব্ৰেড আদিৰ সলনি অ’টচ বা বাৰ্লি অধিক লাভদায়ক ।

৪০) নিতৌ বডি মাছাজ ল’বলৈ যত্ন কৰক ।

মেন’পজৰ বেলিকা -

৪১) চয়াবিনৰ পৰা উৎপাদন কৰা গাখীৰ খাব পাৰে ।

৪২) ব্যায়ামৰ প্ৰয়োজন ।

৪৩) পটাছিয়ামেৰে সমৃদ্ধ কল খেতি উপকাৰী ।

৪৪) মাল্টি ভিটামিন অৰ্থাৎ A,B6,B12, C আৰু D সমৃদ্ধ টেবলেট ডাক্তৰৰ পৰামৰ্শ লৈ খাব পাৰে ।

সুন্দৰ টোপনিৰ বাবে -

৪৫) বিছ্নালৈ যোৱাৰ আগতে কুহুমীয়া গৰম পানীৰে স্নান কৰক ।

৪৬) কুহুমীয়া গাখীৰ এগিলাচ খাবও পাৰে ।

৪৭) ৰাতিৰ আহাৰ কমাই খাওক ।

৪৮) বহুলোকে ৰাতিৰ আহাৰ খোৱাৰ পিছত চাহ-কফি আদি খায়, এনে কাৰণত টোপনি নাহে ।

চকুৰ গুৰি ক’লা পৰিলে -

৪৯) প্ৰথমেই হিম’গ্লবিন পৰীক্ষা কৰাওক ।

৫০)ফ্ৰ’জেন (Frozen) টি-বেগ চকুৰ গুৰিত দহ মিনিটৰ বাবে ৰাখক ।

৫১) ফ্ৰিজত থোৱা ঠাণ্ডা তিয়ঁহ ৰুকি বা থেঁতালি চকুৰ গুৰিত দিয়ক ।

৫২) এক চাহচামুচ দৈ আৰু মৌ সম পৰিমাণত মিহলাই চকুৰ গুড়িত সানি পোন্ধৰ মিনিট সময় ৰাখক, পিছত ধুব ।

৫৩) বাহিৰলৈ ওলাই যোৱাৰ পৰত ছানগ্লাচ পিন্ধিব ।

ৰিংকল বা বলিৰেখা দূৰ কৰিবলৈ -

৫৪) ফেচ চিৰামৰ ব্যৱহাৰে বলিৰেখা দূৰ কৰাত সহায় কৰে ।

৫৫) পকা অমিতা ফেনেকি লগাব পাৰে ।

৫৬) এণ্টি অক্সিডেণ্ট চাপ্লিমেণ্ট ল’লে কেৱল ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে ল’ব ।

৫৭) প্ৰতিদিনে কেইটামান শুকান ফল ( Dry fruits) খোৱা প্ৰয়োজন ।

৫৮) এণ্টি এজিং প্ৰডাক্ট অৰ্থাৎ ভিটামিন A,C আৰু E সমৃদ্ধ ক্ৰীম ব্যৱহাৰ কৰিব লাগে । কেৱল মুখতেই নহয়, হাত , ডিঙি আদিতো সানিব পাৰে ।

চুলিৰ স্বাস্থ্যৰ বাবে -

৫৯) শ্বেম্পু কৰাৰ আগতে মেথীগুটি পিহি চুলিৰ গুৰিত দহমিনিটমান সময় লাগে ।

৬০) জবাফুল আৰু নৰসিংহৰ পাত একেলগে তেলত উতলাই ঠাণ্ডা কৰি থ’ব । এই তেল চুলিৰ গুৰিত লগালে চুলি মজবুত হোৱাৰ উপৰিও ভাল কণ্ডিচনাৰ কাম কৰে ।

৬১) একোছা কিচকিচীয়া ক’লা চুলি পাবলৈ হ’লে চুলি ধোৱাৰ পিছত হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ নকৰিব ।

৬২) চুলিৰ গুৰিবোৰত ভালকৈ ৰক্ত সঞ্চালনৰ বাবে সপ্তাহত এবাৰ কুহুমীয়া নাৰিকল তেল মালিচ কৰিব ।

৬৩) নেমুৰ ৰস আৰু আমণ্ড অইল সম পৰিমাণত মিহলাই চুলিৰ গুৰিত মালিচ কৰিলে উফি আঁতৰ হোৱাৰ উপৰিও কোমল হয় ।

সুন্দৰ ছালৰ অধিকাৰী হ’বলৈ -

৬৪)অধিক গৰম পানীৰ ব্যৱহাৰ কৰিলে ছালত থকা নমনীয়তা নোহোৱা হয় ।

৬৫) অধিক শুকান ছালৰ অধিকাৰীসকলে স্নান কৰাৰ পৰত চাবোনৰ সলনি ফেচৱাছ ব্যৱহাৰ কৰিব পাৰে ।

৬৬) সংবেদনশীল ছালত এলক’হলযুক্ত ক্ৰীম ব্যৱহাৰ নকৰিব ।

৬৭) সদায় কামৰ পৰা ঘৰলৈ অহাৰ পিছত প্ৰথমেই মুখমণ্ডল পৰিষ্কাৰ কৰিব ।

৬৮) নোমকূপসমূহ বা Open pores সমূহ সংকুচিত কৰিবলৈ মূলতানী মাটিৰ পেক লগাব পাৰে । ফলত ছালৰ স্থিতিস্থাপকতাও অটুট থাকিব ।

৬৯) ছালৰ উজ্জ্বলতাৰ বাবে ফলমূল তথা শাক-পাচলি অধিক প্ৰয়োজনীয় ।

৭০) মুখৰ ছাল শুকান হ’লে স্ক্ৰাব নকৰিব । অতি প্ৰয়োজনত আমণ্ড ক্ৰাবৰ সৈতে গাখীৰ মিহলাই ক্ৰাব কৰিব পাৰে ।

অন্যান্য -

৭১) এণ্টি অক্সিডেণ্টযুক্ত খাদ্য খাবলৈ যত্ন কৰক ।

৭২) এবাৰত এসোপা খাদ্য নাখাই দিনটোত অলপ অলপকৈ খাদ্যগ্ৰহণহে অধিক লাভজনক ।

৭৩) খোজ কঢ়া আৰু পানী খোৱাৰ অভ্যাস গঢ়ি তোলে ।

৭৪) পৰাপক্ষত ঘৰত তৈয়াৰী খাদ্য খোৱাৰ অভ্যাস কৰক ।

৭৫) দিনটোৰ বাবে বজাৰ কৰিবলৈ যোৱাৰ আগতে ঘৰতেই পেট ভৰাই খাই ওলাব ।

৭৬) শকতৰ পৰা ক্ষীণাবলৈ খাদ্যাভ্যাস পৰিৱৰ্তন কৰোতে হঠাৎ একেবাৰে কমাবলৈ চেষ্টা নকৰিব ।

৭৭) যিকোনো চৰ্বিজাতীয় আহাৰ গ্ৰহণৰ পিছত এক বা দুই কিলোমিটাৰমান খোজকাঢ়ক ।

৭৮) খোজকঢ়াৰ আগতে পানী খাওক আৰু খোজকঢ়াৰ পিছত অলপ ৰৈ খাওক যাতে ডিহাইড্ৰেচন নহয় । বিশেষকৈ জহকালি ।

৭৯) ফলমূল আৰু শাক-পাচলিৰ যোগেদি অধিক ফাইবাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে ।

৮০) ৰাতিপুৱাৰ আহাৰ নোখোৱাকৈ নাথাকিব ।

৮১) পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ আমাৰ সমস্ত শৰীৰৰ বাবে প্ৰয়োজনীয় ।

৮২) দুখৰ সময়তো এটি সুন্দৰ হাঁহিয়ে জীৱনত যথেষ্ট সকাহ যোগায় ।

৮৩) এনে অভ্যাস গঢ়ি তোলক, যিয়ে আপোনাৰ জীৱনটোত সমস্যাৰ সৃষ্টি নকৰে ।

৮৪) সম্প্ৰতি আমাৰ জীৱনবোৰ অতি ব্যস্ত হৈ পৰিছে, সেয়ে প্ৰতি ৰবিবাৰে ঘৰৰ সকলো সদস্য একেলগ হৈ আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা ৰাখক যাতে ভাৱৰ আদান-প্ৰদানত সুবিধা হয় । ইজনে সিজনৰ সমস্যা তথা মনৰ কথা ভালদৰে বুজিব পাৰে ।

৮৫) সকলোৰে সৈতে সুন্দৰ ব্যৱহাৰৰ যোগেদি নিজকে জনপ্ৰিয় কৰি তোলক ।

লেখিকা:- শ্ৰুতি জৈন

উৎস :- নন্দিনী