পিৰামিডৰ দৰে আকৃতিৰ চিৰসেউজ থুজা গছজোপা আপোনালোকৰ বহুতে হয়তো চিনি পায় আৰু হয়তো কাৰোবাৰ ফুলনিও শুৱনি কৰিছে কেইজোপামান থুজা গছে ৷ কিন্তু এইবিধ গছৰ গুণাগুণৰ বিষয়ে আমি হয়তো ভালদৰে অৱগত নহয় ৷ এই থুজা গছৰ ঔষধি গুণৰ বিষয়ে জানিবলগীয়া কথা আলোচনা কৰাটোৱেই হ'ল আজিৰ লিখনিৰ উদ্দেশ্য ৷

থুজা গছৰ ব'টানিকেল নাম হ'ল থুজা অক্টিডেন্টেলিচ (Thuja occidentalis ) ৷ ইয়াৰ আন আন নাম হ'ল- আৰ্বৰ ভিটা, ইষ্টাৰ্ণ আৰ্বৰ ভিটা, হোৱাইট চিডাৰ, নডাৰ্ণ হোৱাইট চিডাৰ, য়েল্লো চিডাৰ, টুজা (স্বিডিচ), টুয়া (স্পেনিছ), থুয়া ডি'অক্টিডেন্ট (ফৰাচী) আৰু জাৰ্মান ভাষাত লিবেন্সবেউম ৷ লেটিন শব্দ আৰ্বৰ ভিটাৰ (Arbor vitae ) অৰ্থ হ'ল 'জীৱনদায়ী গছ' - নিশ্চয় গছৰ গুণ বুজাবলৈকে এইদৰে নামাংকন কৰা হৈছিল ৷

অৱস্থান - সাধাৰণতে এই গছৰ বাবে সেমেকা মাটি হ'ল বেচ উপযুক্ত ৷ ১৬ শতিকাত কানাডাৰ স্থানীয় আবাসীসকলে পোনপ্ৰথমবাৰৰ বাবে থুজা গছৰ ঔষধি গুণ চিনাক্ত কৰে ৷ ভিটামিন-চিৰ অভাৱত দাঁতৰ আলুৰ পৰা হোৱা ৰক্তক্ষৰণ আৰু শাৰীৰিক দুৰ্বলতা যাক স্কাৰ্ভি (Scurvy ) বোলে ৷ সেই ৰোগৰ উপশম ঘটাবলৈ থুজা গছৰ প্ৰয়োগ কৰা হৈছিল ৷ ১০০গ্ৰাম থুজাৰে নিৰ্মিত চাহত ৫০মিলিগ্ৰাম ভিটামিন-চি উপলব্ধ হৈছিল ৷ পিছলৈ থুজা গছ আমেৰিকা, ইউৰোপ আৰু বিশ্বৰ নানান দেশলৈ নাৰ্চাৰীসমূহৰ মাধ্যমেৰে বিয়পি পৰে ৷ উজ্বল চিৰসেউজ থুজা গছে বাৰীৰ বা ফুলনিৰ শোভা বঢ়ায় আৰু ইয়াক ফেনচিং দিবলৈয়ো ব্যৱহাৰ কৰিব পাৰি ৷

একোজোপা থুজাগছ পিৰামিডৰ দৰে আকৃতিৰ হয় তলখন বহল আৰু ওপৰলৈ ক্ৰমে জোঙা ৷ গছজোপা ৬০ফুট বা তাতোকৈয়ো ওখ হয় ৷ থুজা গছৰ লিৰিকি পাত খহটা, এটা সময়ত গছত সৰু আকৃতিৰ মতা ফুল ফুলে আৰু সামান্য দীঘল শংকু আকৃতিৰ স্ত্ৰীলিংগৰ পুষ্প দেখা যায় ৷

এবছৰ নোহোৱা গছৰ কোমল ডালপাত, গছৰ ছাল সিজাই , ডিষ্টিলেচন কৰি তাৰ পৰা নিৰ্গত হয় - চিডাৰওদ অইল আৰু চিডাৰ লিভ অইল ৷ ইয়াত অন্তৰ্নিহিত থকা মূল ৰাসায়নিক তত্বৰ নাম হ'ল- থুজন ৷ গছত থকা আন ৰাসায়নিক পদাৰ্থসমূহ হ'ল টেনিন, ফ্লেভনইড, মিউকাচ, পলিচেকৰাইড আৰু চিকুৱেন্টাৰপিন ৷ থুজাৰ পৰা ওলোৱা তেলৰ গোন্ধ কেম্ফৰৰ নিচিনা,ৰঙ উজ্বল হালধীয়া বা পানীৰ নিচিনা ৷ থুজন হ'ল বিষাক্ত দ্ৰব্য-সেয়ে ইয়াৰ প্ৰয়োগ উচিত মাত্ৰাত বিজ্ঞ বা অভিজ্ঞ লোকৰ তত্বাবধানত কৰাটো দৰকাৰী কথা ৷

থোৰতে কবলৈ হলে থুজাৰ ভাইৰাচ-বিনষ্টকাৰী, বেক্টেৰিয়া-বিনাশকাৰী, ভেঁকুৰ- বিনাশকাৰী গুণ পৰিলক্ষিত হয় আৰু সেই গুণ অনুসৰি থুজাৰ ব্যৱহাৰিক প্ৰয়োগ কৰি অহা হৈছে ৷

থুজাৰ প্ৰাচীন কালৰ পৰা কৰি অহা ব্যৱহাৰিক প্ৰয়োগ সমূহ হ'ল :–
টিংচাৰ আৰু মলম হিচাবে - আচিনাই, যৌনাংগৰ ঘা,খৰ-খজুৱতি, চ'ৰিয়াচিচ, জুইয়ে পোৰা, বাত-গাঁঠিৰ বিষত ৷
কোমল পাতৰ ঘোল (Decoction ) হিচাবে- পেলুৰ ঔষধ, মূৰৰ বিষ,জ্বৰ-কাহ-চৰ্দিত, প্ৰসাবৰ সংক্ৰমণ, যৌনব্যাধিত ৷ তদুপৰি এটা সময়ত থুজাৰ পাতেৰ বনোৱা চাহেৰে স্কাৰ্ভিৰ চিকিৎসা কৰিছিল ৷
পৌৰাণিক কালত থুজা গছৰ জুইৰ ধোঁৱা মহ-ডাঁহ,কীট-পতংগ খেদিবলৈ ব্যৱহাৰ কৰিছিল ৷ অতীজতে মানুহৰ ধাৰণা আছিল ইয়াৰ ধোঁৱাই দুষ্ট আত্মা, প্ৰেত আদিক খেদি পঠায় ৷

আজিৰ যুগত - হোমিঅ'পেথি আৰু এলোপেথি উভয় ক্ষেত্ৰতে থুজাৰ বহল প্ৰয়োগ হব ধৰিছে ৷
শেহতীয়াকৈ জাৰ্মানীত হোৱা গবেষণাত বিজ্ঞানীসকলে পাইছে যে থুজাই শৰীৰৰ ৰোধ প্ৰতিৰোধ ক্ষমতা (Immunity) বঢ়ায় ৷ টি-লিম্ফচাইট আৰু ইন্টাৰলুকিন -২ৰ বৃদ্ধি হোৱাৰ ফলত এনে হয় ৷ ভবিষ্যতে এই দিশত আৰু ন ন যোগাত্মক তথ্য অচিৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷ কেমথিৰাপি আৰু ৰেডিঅ'থিৰাপি লোৱা ৰোগীয়ে এক সময়তে থুজা গ্ৰহণ কৰিলে সহনশীলতা বৃদ্ধি পায় বুলি ঠাৱৰ কৰা হৈছে ৷

থুজাই প্ৰসাব পৰিস্কাৰ কৰাত সহায় কৰে ৷ পাটিমুতুৰা ৰোগ, মূত্ৰাশয়ৰ সংক্ৰমণত থুজা উপকাৰী সিদ্ধ হৈছে ৷ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (যেনে ব্ৰংকাইটিচ,টনচিলাইটিচ, ফেৰিনজাইটিচ, চাইনোচাইটিচ,অটাইটিচ মিডিয়া) আদিৰ চিকিৎসাত থুজা সহায়ক ৷

আচিনাই, জুয়ে পোৰা, ঘা,বাত বিষ আৰু খজুৱতিজাতীয় চৰ্মৰোগতো থুজাৰ প্ৰয়োগ হয় ৷

থুজাৰ সানমিহলি প্ৰয়োগ-
মাংসপেশিৰ বিষ,গাঁঠিৰ বিষৰ মালিশ কৰা মলম হিচাবে ৷
কীট-পতংগ খেদা দৰব হিচাবে ৷
চাবন আৰু কচমেটিক হিচাবে ৷
কিছুমান খাদ্যত সুগন্ধি হিচাবে ৷

থুজাৰ পাৰ্শ্বক্ৰিয়া, ড্ৰাগ ইন্টাৰ একচন, লবলগীয়া সতৰ্কতা আদি: -
থুজাৰ আভ্যন্তৰীন প্ৰয়োগত হব পৰা পাৰ্শ্বক্ৰিয়া - বমি, ওকালি, হাগনি, পেটৰ বিষ, মেলিনা, ভৰি ফুলা, বুকুৰ ধপধপনি, ৰক্তচাপ নিম্নগামী হোৱা আদি ৷ ভুল প্ৰয়োগে লিভাৰ আৰু কিডনিৰ অপকাৰ সাধিব পাৰে ৷
থুজাই গৰ্ভপাত সাধিব পাৰে ৷ গৰ্ভৱতী মহিলা আৰু কেঁচুৱাক স্তনপাণ কৰোৱা মাতৃয়ে থুজা গ্ৰহণ কৰা অনুচিত ৷ মৃগীৰোগত ভোগা ৰোগীয়ে থুজা কোনো কাৰণত গ্ৰহণ নকৰিব ৷
অটো ইমিউন ডিজিজত (যেনে ৰিউমেটইড আৰ্থাইটিচ, চিষ্টেমিক লুপাচ এৰিথ্ৰমেটাচ, মাল্টিপল স্কেৰচিচ) ভোগা ৰোগীৰ লক্ষণসমূহ থুজাই বঢ়াই তুলিব পাৰে - কাৰণ থুজাই ইমিউন চিষ্টেমৰ সক্ৰিয়তা বঢ়ায় ৷ সেয়ে তেনে ৰোগীক থুজা দিয়া নাযায় ৷

থুজাৰ সৈতে ড্ৰাগ ইন্টাৰএকচন কৰিব পৰা ঔষধ কিছুমান হ'ল - এন্টিবায়টিক (এম্ফটেৰিচিন, পেনিচিলিন, চিফালোস্পৰিন), থিয়ফাইলিন, চাইক্লস্পৰিন জাতীয় ইমিউনো চাপ্ৰেচেন্ট দৰব, চাইপ্ৰহেপ্তাদিন নামৰ এন্টিহিষ্টামিনিক দৰব, কিছুমান এনাচথেচিয়া আৰু এন্টিডিপ্ৰেচেন্ট ঔষধ আদি ৷

উৎস:ডা০ ভূপেন শইকীয়া