কিড্নী আমাৰ শৰীৰৰ এটি অতি গুৰুত্বপূৰ্ণ অংগ। ই আমাৰ শৰীৰৰ তেজ পৰিশোধন কৰে, হ’ৰমন উৎপাদন কৰে, ইউৰিন উৎপন্ন কৰে, টক্সিন নিষ্কাষণ কৰে, এচিড প্রশমিত কৰে। কিডনীৰ কার্যক্ষমতা ২০% থাকিলেও ই কাম কৰি থাকে। সেয়ে কিডনীৰ ক্ষতিসাধন হ’লেও বহুদিনলৈ ৰোগী তথা চিকিৎসকে পৰীক্ষা নকৰাকৈ এই কথা গম নাপায়। সেয়ে ইয়াক নীৰৱ ঘাতক’ বুলিও কোৱা হয়। সেয়ে আগতীয়াকৈ কিডনীৰ যত্নৰ ক্ষেত্ৰত সচেতন হোৱাটো প্রয়োজনীয়। আমি আজি এনে কিছু অভ্যাসৰ বিষয়ে জনাম যিয়ে কিডনীৰ ওপৰত প্ৰচুৰ চাপ প্ৰয়োগ কৰে আৰু সময়ৰ লগে লগে কিডনীৰ গুৰুতৰ ক্ষতিসাধন কৰে। পেইন কিলাৰৰ অপব্যৱহাৰ সামান্য বিষৰ বাবে পেইন কিলাৰ খোৱাটো অতি বেয়া অভ্যাস। বেছিভাগ পেইন কিলাৰৰে গুৰুতৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া থাকে। কেতিয়াবা আকৌ কিডনীৰ দৰে গুৰুত্বপূর্ণ অংগৰো ক্ষতিসাধন কৰে। মাদক দ্রব্য গ্রহণ অতি বেছি মাদক দ্ৰব্য গ্ৰহণ কৰিলে কিডনী তথা লিভাৰ ক্ষতিগ্ৰস্ত হয়। পৰ্য্যাপ্ত পৰিমাণৰ পানী পান নকৰা কিডনীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে তেজ পৰিশোধন কৰা আৰু শৰীৰৰ বৰ্জনীয় আৰু বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া। সেয়ে আপুনি পৰ্য্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ নকৰিলে শৰীৰৰ বৰ্জনীয় আৰু বিষাক্ত পদাৰ্থসমূহ শৰীৰত জমা হৈ থাকি শৰীৰৰ মাৰাত্মক ক্ষতিসাধন কৰে। নিমখ বেছিকৈ খোৱা শৰীৰৰ কাৰ্য্যাৱলী সঠিকভাৱে সম্পাদনৰ বাবে ছডিয়াম বা নিমখৰ প্রয়োজন হয়। কিন্তু অতিৰিক্ত নিমখ খোৱাৰ ফলত ব্লাড প্রেছাৰ বাঢ়ি গৈ কিড্নীত প্ৰচুৰ চাপ পৰে। সেয়ে দৈনিক ৫ গ্ৰামতকৈ অধিক নিমখ খোৱা উচিত নহয়। উৎস: সাদিন।