এই আঁঠটা ৰোগ নিৰাময় কৰাৰ বাবে উপযোগী কুঁহিয়াৰৰ ৰস (জ্যুচ) গৰমৰ দিনত সকলোৰে প্ৰিয় কুঁহিয়াৰৰ ৰস। ভাৰতত অধিক পৰিমাণে ইয়াৰ উতপাদন হয় । সোৱাদযুক্ত হোৱাৰ লগতে কুঁহিয়াৰৰ ৰসত স্বাস্থ্যৰ পক্ষে লাভদায়ক অন্যান্য বহুতো তত্ব থাকে। ইয়াৰ ভিতৰত কেলচিয়াম, ক্ৰ’মিয়াম, কোবাল্ট, কঁপাৰ, মেগনেচিয়াম, মেংগানিজ, ফঁচফৰাচ, পটেচিয়াম আৰু জিংক উল্লেখযোগ্য। ইয়াৰ উপৰিও ইয়াত ভিটামিন-এ, বি-1, বি-2, বি-3, বি-5, বি-6, আৰু ভিটামিন-চি’ৰ লগতে এন্টি-অক্সিডেন্টচ, প্ৰ’টিনচ আৰু খাদ্য পাচক ফাইবাৰো উপলব্ধ। উৰ্জা/এনাৰ্জি দায়ক উষ্মকালত কুঁহিয়াৰৰ ৰস সেৱনৰ হেপাহ এইবাবেও হয়, কিয়নো ইয়াক সেৱন কৰিলে অতি সোনকালে এনাৰ্জি পোৱা যায়। কুঁহিয়াৰৰ ৰস গ্ল’কজৰ অতি ভাল উতস, যাৰ বাবে ই শৰীৰক হাইড্ৰেট কৰি ৰখাৰ লগতে এনাৰ্জি বুষ্টাৰৰ কাম কৰে।সেয়েহে কোনো পেকেজ জ্যুচ সেৱন কৰাতকৈ সদায় এগিলাচ কুঁহিয়াৰৰ ৰস সেৱন কৰা অতি লাভদায়ক। অন্যান্য উপকাৰিতা ডায়েবেটিচৰ পৰা দূৰত ৰাখে, কেঞ্চাৰৰ পৰা ৰক্ষা কৰে, কিডনী সুৰক্ষিত কৰি ৰাখে, এন্টি-অক্সিডেন্টৰ কাম কৰে, খাদ্যৰ পাচন ঠিক ৰাখে, দাঁতৰ সমস্যা দূৰ কৰে, নখসমূহ মজবুত কৰি ৰাখে, দাগ-ধাব্বাৰ পৰা মুক্ত দিয়ে । ডায়েবেটিচৰ পৰা দূৰত ৰাখে কুঁহিয়াৰৰ ৰসত অধিক মাত্ৰাত চেনী থাকে, তথাপি ই ডায়েবেটিচ ৰোগীসকলৰ বাবে লাভদায়ক, কাৰণ ইয়াৰ মিঠা সোৱাদৰ কাৰণ হৈছে ইয়াত থকা নেচৰেল ছুগাৰ যিয়ে গ্লাইচেমিক ইণ্ডেক্সৰ লগতে তেজত থকা গ্লুক’জৰ মাত্ৰাও নিয়ন্ত্ৰিত কৰি ৰাখে। টাইপ-2 ডায়েবেটিচ ৰোগী সকলে কুঁহিয়াৰৰ ৰস সেৱন কৰাতো অতি জৰুৰি। কেঞ্চাৰৰ পৰা ৰক্ষা কৰেকুঁহিয়াৰৰ ৰসত থকা কেলচিয়াম, মেগনেচিয়াম, মেংগানিজ, পটেচিয়াম আৰু আয়ৰনে শৰীৰত এল্কাইন হিচাপে কাম কৰে। যাৰ ফলত কেঞ্চাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট দূৰ কৰি ৰাখে।গৱেষণাৰ পৰা এই কথাৰ প্ৰমাণ পোৱা গৈছে যে, কুঁহিয়াৰৰ ৰস সেৱনে কেঞ্চাৰ জনিত ভাইৰাচৰ শংকা কম কৰি ৰাখে, বিশেষভাৱে মহিলাসকলৰ মাজত অধিক পৰিমাণত দেখিবলৈ পোৱা ব্ৰেষ্ট আৰু প্ৰোষ্ট্ৰেট কেঞ্চাৰৰ সম্ভৱনা কম কৰি ৰাখে। কিডনী সুৰক্ষিত কৰি ৰাখে কুঁহিয়াৰৰ ৰসে শৰীৰত প্ৰ’টিনৰ মাত্ৰা কন্ট্ৰোল কৰে, যিয়ে কিডনীৰ স্বাস্থ্যৰ বাবে বহুত জৰুৰি। গৰমৰ দিনত মহিলা সকলে ভোগা ইউৰিনাৰী টেক্ট ইনফেকচন, এচিডীটি আৰু জলন আদি সমস্যাবোৰ কুঁহিয়াৰৰ ৰস সেৱন কৰি দূৰ কৰিব পাৰি।তদুপৰি বেয়া খাদ্য-পানীৰ কুপ্ৰভাৱ আটাইতকৈ বেচি কিডনীত পৰে যাৰ বাবে বিভিন্ন প্ৰকাৰৰ ৰোগে বাহ পাতিব পাৰে। এই সকলোবোৰৰ পৰা ৰক্ষা পৰিবলৈ কুঁহিয়াৰৰ ৰস অতি লাভদায়ক। এন্টি-অক্সিডেন্টৰে ভৰপূৰ কুঁহিয়াৰৰ ৰস এন্টি-অক্সিডেন্টেৰে ভৰপূৰ থাকে, যিয়ে বিভিন্ন প্ৰকাৰৰ ইনফেকচনৰ বাবে দেহৰ ইমিউনিটী ছিষ্টেম সৱল কৰি ৰাখে। জণ্ডিচ ৰোগী সকলৰ বাবে কুঁহিয়াৰৰ ৰস অতি প্ৰয়োজনীয়। পাচন সঠিক কৰি ৰাখে কুঁহিয়াৰৰ ৰসত পটেচিয়ামৰ মাত্ৰা পাচন শক্তি সঠিক কৰি ৰখাত সহায় কৰে । পেটৰ বিভিন্ন প্ৰকাৰৰ ইনফেকচনৰ বচোৱাৰ লগতে তাক কেঞ্চাৰ, গেছ, বদহজম, পেটৰ জলন আদি সমস্যাৰ পৰাও দূৰত ৰাখে । দাঁতৰ সমস্যা সমূহ দূৰ কৰে মুখৰ দূৰ্গোন্ধৰ সমস্যা বা দাঁতৰ আলুৰ লগত জৰিত বিভিন্ন সমস্যা, আনকি দাঁতৰ লগত জৰিত সকলো ৰোগ দূৰ কৰি ৰখাত কুঁহিয়াৰৰ ৰস অতি উপযোগী। দাঁতৰ সুস্বাস্থ্যৰ লগতে দাঁত চাফ কৰি ৰাখিবলৈ কুঁহিয়াৰৰ ৰস সেৱন কৰাতো অতি লাভদায়ক। দাগ আদি দূৰ কৰে হেল্দী স্কিনৰ বাবে আলফা হাইড্ৰ’ক্সী এচিড বহুত উপযোগী। ইয়ে শালমইনা আদি দূৰ কৰাৰ লগতে স্কিন হাইড্ৰেট কৰি ৰখাত সহায় কৰে। কুঁহিয়াৰৰ ৰসে অসময়ত অহা বৃদ্ধাৱস্থাৰ সমস্যাৰ পৰাও মুক্ত কৰি ৰাখে। কুঁহিয়াৰৰ ৰস ছালত লাগালে ... বিভিন্ন প্ৰকাৰৰ চৰ্মৰোগৰ সমস্যা দূৰ হয়। ইয়াক মাস্ক বা স্ক্ৰাব হিচাপেও ব্যৱহাৰ কৰিব পাৰি। নখ মজবুত কৰি ৰাখে কেলচিয়ামৰ কম মাত্ৰাই কেৱল হাড় দুৰ্বলে নকৰে, আনকি হাত-ভৰিৰ নখ সমূহো সোনকালে ভাঙি যায়। ইয়াৰ বাবে ভৰিৰ সৌন্দৰ্য্য বেয়া হ’বলৈ ধৰে। যদি নখৰ মধ্যাংশত বগা দাগ পৰে বা ইয়াৰ পৰিচন্নতা নোহোৱ হ’বলৈ ধৰে, তেন্তে কুঁহিয়াৰৰ ৰস সেৱ্ন কৰি তাৰ পৰা ৰেহাই পাব পাৰি। উৎস: বিকাশপেডিয়া