ঘৰুৱা টিপচ ইস্ত্ৰি কৰি থাকোতে কাপোৰ জ্বলি গ’লে কটা পিয়াঁজৰ ৰস জ্বলা অংশত লগাই থৈ ধুই পেলালে জ্বলাদাগ নাইকিয়া হয়। তিতা কেৰেলা কাটি নিমখত কিছুসময় ডুবাই থৈ দিলে তিতা কম হয়। এতিয়া গৰমৰ দিনত মাখিৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ পদিনাৰ পাত কেইখিলামান অলপ পানীৰ সৈতে মোহাৰি লৈ ঘৰৰ চাৰিওকাষে ছটিয়াওক। ৰহৰ দাইল সোনকালে সিজিবলৈ দাইলখিনি উতলাৰ সময়ত ন বা দহটা মান চাউল দি দিয়ক। কম্বল বা ৰাগবোৰ ধুবৰ সময়ত গধুৰ নহবৰ বাবে গ্লিচাৰিণ কেইটোপালমান পানীত পেলাই দি ধুব লাগে। কিছু লাগতিয়াল নতুন জোতা পিন্ধিলে ভৰি কাটিবই।ৰেহাই পাবলৈ সামান্য চাবোন জোতাৰ কাটিব পৰা স্থানসমূহত লগাই দিয়ক। কেঁচিখনত যদি ধাৰ নোহোৱা হৈ গৈছে তেন্তে কাঁচৰ বটল ৰ মুখখনত কেঁচিখন লগাই কটাৰ দৰে চেষ্টা কৰক।কেঁচি ধাৰ হৈ যাব। নেমু ভালে ৰাখিবলৈ বগা পলিথিনৰ মোনাৰে মেৰিয়াই লওঁক। কুকাৰ বেছি লেতেৰা হ’লে কুকাৰত এটুকুৰা নেমু আৰু পানী দি দুটা হুইচেল দি দিয়ক।কুকাৰ পৰিস্কাৰ হব। ৰান্ধনিঘৰ বেছি গোন্ধালে অলপ ভিনেগাৰ কেৰাহীজাতীয় পাত্ৰত উতলাওক।গোন্ধ নোহোৱা হ’ব। এলিজা তালুকদাৰ