কেইটামান কিটিপ ১) ওঁঠত ক’লা দাগ পৰিলে তুলাত কেঁচা গাখীৰ লগাই নিয়মীয়াকৈ ওঁঠত ঘঁহিলে ওঁঠৰ ক’লা দাগ নোহোৱা হয়। ২) প্ৰচণ্ড ৰ’দৰ বাবে মুখত দাগ পৰিলে বিলাহীৰ ৰস আৰু গাখীৰ মিহলি কৰি মুখত লগালে সুফল পোৱা যায়। ৩) সাধাৰণতে বাচন ধোৱাৰ পিছত হাতৰ কোমলতা নোহোৱা হৈ পৰে। এই সমস্যাৰ পৰা আঁতৰি থাকিবলৈ বাচন ধোৱাৰ পিছত গাখীৰৰ লগত কেইটোপালমান নেমু টেঙাৰ ৰস মিহলাই হাতত ঘঁহিলে হাতৰ কোমলতা ঘূৰাই আহে। ৪) গেৰুৱা ফাটিলে নেমুৰ বাকলি ঘহিব লাগে। ইয়াৰ ফলত গেৰুৱা কোমল হৈ পৰে আৰু ফটা বন্ধ হয়। ৫) মুখত হোৱা শালমনে আপোনাৰ সৌন্দৰ্য্য নষ্ট কৰে। এনে ক্ষেত্ৰত শালমনৰ ওপৰত নহৰু খুন্দি ঘহিলে অতি সোনকালে শালমন নোহোৱা হয়। ৬) লিগমেন্টেছন বা ক’লা দাগৰ পৰা হাত সাৰি থাকিবলৈ আলু, নেমুৰ ৰস, তিয়হৰ ৰসৰ লগত আধা চামুচ গ্লিচাৰিন মিহলি কৰি লৈ দাগ পৰা ছালত লগাওক। ৭) আমলখি আৰু চিকাকাইযুক্ত তেল লগালে চুলি সৰাৰ পৰিমাণ কমাব পাৰি। ৮) মুখৰ ছাল তেলেতীয়া হ’লে ইয়াত ঘাম জমা হৈ মুখখন ক’লা বৰণৰ হৈ পৰে। এই ভাৱ নোহোৱা কৰিবলৈ উটমিলৰ লগত নেমুৰ ৰস মিহলি কৰি আধাঘন্টাৰ বাবে মুখত সানি থওক। আধা ঘন্টাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক। ৯) যিসকলৰ হাতৰ তলুৱা ঘামে সেইসকলে লাওৰ বাকলি হাতত লগাই থৈ এই সমস্যাৰ পৰা মুক্তি পাব পাৰে। ১০) পিঁয়াজ বটি প্ৰলেপ লগাই থৈও গেৰুৱা ফটাৰ পৰা আঁতৰি থাকিব পাৰি। ১১) মুখত দাগ পৰিলে ৰহৰ দাইল বটি দাগৰ ওপৰত অলপ সময় ঘহি থৈ ধুই পেলাওক। ১২) পিঠিত ক’লা দাগ পৰিলে ময়দা আৰু গাখীৰ মিহলি কৰি লৈ দহমিনিট মানৰ বাবে পিঠিত ঘঁহক। নিয়মীয়াকৈ ঘহিলে কম দিনতে পিঠিৰ দাগ নোহোৱা হ’ব। ১৩) তৎক্ষণাত মুখৰ সৌন্দৰ্য্য বঢ়াই তুলিবলৈ হ’লে আধা চামুচ নেমু টেঙাৰ ৰস, এক চামুচ মৌৰ সৈতে মিহলি কৰি মুখ আৰু ডিঙিত লগাওক। এনেকৈ ১৫ মিনিট থকাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক। ১৪) হাত আৰু ভৰিৰ সৌন্দৰ্য্য বজাই ৰাখিবলৈ আপেলৰ বাকলি নিয়মীয়কৈ ঘঁহক। ১৫) ইয়াৰ ফলত হাত আৰু ভৰিৰ ৰঙ বগা হ’ব। ১৬) মুখত বাদামী ৰঙৰ দাগ পৰিলে পকা অমিতা মুখত লগাওক। ১৭) নিশ্বাসত দূৰ্গন্ধ নিৰ্গত হ’লে দুমাহৰ বাবে প্ৰতিদিন দুফুটাকৈ কমলা টেঙা খাওক সমস্যাৰ সমাধান হ’ব। ১৮) সম পৰিমাণৰ তুলসী পাতৰ ৰস আৰু নেমুৰ ৰস মিহলি কৰি ৰাতিপুৱা গধূলি নিয়মীয়াকৈ মুখত লগালে মুখৰ যিকোনো দাগৰ পৰা পৰিত্ৰাণ পাব। ১৯) মুখৰ ছাল শুকাই ৰেখাৰ সৃষ্টি কৰিলে মৌ, গাখীৰ আৰু বেচন মিহলি কৰি নিয়মীয়াকৈ মুখত সানক। উৎস: ইন্টাৰনেট।