(১) শৰীৰৰ কোনো অংশত আঘাত লাগি থেতেলা খালে বা মোচোকা খালে- চূণ আৰু হালধি মিহলাই গৰম কৰি লগালে উপকাৰ পায়। নাইবা তেতেলি পাত বটি গুড় মিহলাই গৰম কৰি লগালে ফুলা বা বিষ ২-১ দিনতে ভাল হয়। (২) দেহৰ কোনো ঠাইত হঠাৎ কাটিলে- নাৰ্জিফুলৰ পাতৰ ৰস নাইবা দুবৰি বন থেতেলিয়াই বান্ধি দিলে তেজ ওলোৱা বন্ধ হয়। কম পৰিমাণে কাটিলে ক’লা কচুৰ ঠাৰিৰ ৰস দিলেও তেজ বন্ধ হয়। (৩) জুয়ে পুৰিলে- (ক) পোৰা ঠাইখিনিত ‘কেষ্টৰ অইল’ তুলাত ভিজাই লগালে অতি কম সময়তে জ্বলা-পোৰা কৰাটো কমি যায়। (খ) আলু থেতেলিয়াই লগালে উপকাৰ পায়। (গ) মৌ-জোল বা কেৰাচিন সানি দিলে জ্বলনি-পোৰণি বহু পৰিমাণে কমে। (ঘ) জুয়ে পোৰা জ্বলা লগে লগে নিবাৰণ কৰিবৰ হ’লে নাৰিকল তেলৰ লগত চূণ মিহলাই পোৰা ঠাইত লগালে বেছ উপশম হয়। (৪) শিঙি বা মাগুৰ মাছে বিন্ধিলে, আলপিন, বেজী বা অন্য কোনো হুলে বিন্ধিলে, কাঁটা বা হুল বাহিৰ কৰি নিমখ ভাজি কাপোৰৰ টোপোলাত বান্ধি সেক দিলে বিষ ভাল হয়। যদি কাঁটাডাল ভিতৰতে থাকে তেন্তে হালধি বটাৰ লগত হিং গৰম কৰি লগাব। নাইবা আকণ গছৰ আঠা লগালে ১-২ দিনত কাঁটাডাল ওলাই আহিব। (৫) পুৰণি ডিচেণ্ট্ৰিত- (ক) তেঁতেলি পাত পানীত সিজাই খচি ৰসখিনি উলিয়াই চাহ চামুচৰ আধা চামুচ জিৰাগুড়ি মিহলাই ১ কাপকৈ (সৰু কাপৰ জোখত) দিনে এবাৰ খাব। ২-৩ দিনতে বহুখিনি ভাল পাব। (খ) মানিমুনি পাতৰ ৰসৰ লগত ইছবগুল খালেও উপকাৰ হয়। (গ) ডালিম গছৰ ছাল সিজাই তাৰ পানী দিনে একাপ ৩-৪ দিনলৈ খালে ভাল হয়। (৬) গৰমত শৰীৰ গৰম হৈ প্ৰস্ৰাৱ হালধীয়া বৰণৰ হ’লে ১ চাহ চামুচ পিঁয়াজৰ ৰস ঠাণ্ডা পানীৰ লগত খালে বৰ উপকাৰ হয়। (৭) স্বৰভংগ (মাত ভাঙিলে) হ’লে- আধা চাহ চামুচ গুড়ি হালধি অলপ চেনিৰ সৈতে চৰবৎ কৰি খালে ভাল হয়। (৮) খুউব বেছি জ্বৰ হ’লে- ভাল চন্দন এটুকুৰা ঘঁহি ঘঁহি (পাউদাৰখিনি) সেইখিনি পানী বা গাখীৰৰ লগত মিহলাই খালে জ্বৰ তৎক্ষণাত এৰে। (৯) পেটত বায়ু (Gas) জমা হ’লে- ১০ গ্ৰাম ধনিয়া (শুকান গুটি) থেতেলিয়াই এগিলাচ গৰম পানীত এৰাতি ভিজাই থৈ পিচদিনা ৰাতিপুৱা-দুপৰীয়া আৰু আবেলি তিনিবাৰ খালে উপশম হয়। (১০) হাপানীৰ কষ্ট কমাবলৈ হ’লে- ৫-৭ টা মান নহৰুৰ ৰস ঠাণ্ডা গাখীৰত মিহলাই দিনে এবাৰকৈ খাব লাগে। (১১) শিশুৰ হুপিং কাহ হ’লে- সিহঁতৰ ভৰিৰ তলুৱাত ভেচ্লিন লগাই লগতে ২-৩ ফোটা নহৰু বটি লগাই দিলে বহুখিনি আৰাম পাব। (১২) ঘা যদি সোনকালে নুশুকায় তেন্তে- নহৰু কেইফোটামান বটি গৰু ঘিউৰ লগত মিহলাই ঘা ডোখৰত লগাই থ’লে অতি সোনকালে শুকাবলৈ ধৰে। (১৩) গৰম দিনত ঘামচি হ’লে- (ক) তেজপাত বটি গাত সানি এঘণ্টামান পিছত গা ধুই দিলে ঘামচি কমে। (খ) হেলচী শাকৰ ৰস আৰু বগা চন্দন পিহি তাৰ লগত কৰ্পূৰ মিহলাই গাত সানিলে ঘামচি কমে। (১৪) এলাৰ্জী হ’লে- আমলখিৰ গুড়ি, নিমপাতৰ গুড়ি আৰু হালধি গুড়ি একেলগে মিহলাই ১ চাহ চামুচ পৰিমাণত কিছুদিন পুৱাই খালী পেটত খালে ভাল হৈ যায়। (১৫) আঙুলহাৰা বা পবা হ’লে- (ক) এটা লোহাৰ পাত্ৰত শিলিখা ঘঁহি অলপ গৰম কৰি প্ৰতি এঘন্টাৰ মূৰে মূৰে প্ৰলেপ দিলে ৩-৪ দিনৰ ভিতৰতে ভাল হৈ যায়। (খ) এটা গোটা পটল জুইত অলপ পুৰি মুখখন কাটি গুটিবোৰ উলিয়াই পেলাই পবা হোৱা আঙুলিটো ভৰাই ৰাখিলে ভাল হয়। (গ) ভোলা বেঙেনা এটাৰ মুখখন কাটি গাঁত কৰি আঙুলিটো আধা ঘণ্টামান তাত ভৰাই ৰাখিলেও পবা ভাল হয়। (১৬) চুলিৰ অকালপক্কতাত, ৰঙচুৱা হোৱা আৰু চুলিসৰা বন্ধ কৰিবলৈ- আমলখি, জবাফুলৰ কলি, কেঁহেৰাজ বন, তিল, ঘৃতকুমাৰী এই আটাইবোৰ একেলগে বটি তাৰ লগত নেমুৰ ৰস মিহলাই নিয়মিত মূৰত সানি পিছত ধুই পেলাব লাগে। (১৭) নখচকুৱা হ’লে- (ক) আমগছৰ আঠাৰ ৰসৰ লগত ধূনাৰ গুড়ি মিহিকৈ বটি মিহলাই নখৰ কোণত লগাব লাগে। ফলত বিষ কমে আৰু নখচকুৱাও ভাল হয়। (খ) বটগছৰ আঠা বা পাণৰ ৰস গৰম কৰি দিলেও ভাল ফল পোৱা যায়। (১৮) কাণ পকিলে- পিঁয়াজৰ ৰস গৰম কৰি প্ৰতিদিনে দুয়োখন কাণত দিলে ভাল হয়। (১৯) মূৰৰ বিষ বা মূৰ কামোৰণিত- (ক) লাউ গছৰ পাতৰ ৰস দুই কুমত লগালে বিষ কমে। (খ) আদাৰ ৰস বা নেমুৰ ৰস লগালেও আৰাম পোৱা যায়। (গ) নহৰুৰ নস্য ল’লে যিকোনো মূৰৰ বিষ উপশম হয়। (ঘ) বগা চন্দন আৰু কৰ্পূৰ মিহলাই প্ৰলেপ দিলেও মূৰৰ বিষ কমে। (২০) শৰীৰত খুউব গৰম সোমালে- কেঁচা আম পুৰি চৰবৎ কৰি খালে উপকাৰ পোৱা যায়। (২১) অসময়ত দাঁত লৰিলে- (ক) শিৰীষ গছৰ ছাল বা বকুলৰ গুটি গুড়ি কৰি দাঁত মাজিলে অকালতে দাঁত নলৰে। (খ) কেঁচা আমপাত চোবাই দাঁত নিয়মীয়াকৈ মাজিলে সোনকালে নলৰে বা নসৰে। (গ) নেমুৰ ৰস চেপি পেলোৱাৰ পিছত ৰস নথকা নেমুৰ টুকুৰাকেইটা ৰ’দত শুকুৱাই জুইত পুৰি গুড়ি কৰি লৈ তাৰে দাঁত মাজিলে দাঁত মজবুত আৰু টান হয়। (২২) টনচিল হ’লে- বনৰীয়া সৰু ক’লা কচুৰ পুলিৰ ঠাৰিৰে নিয়মীয়াকৈ কাণ খজুৱালে টনচিলৰ উপশম হয়। ক’লা কচুৰ ৰসত আয়’ডিন থাকে বাবে গ্লেণ্ড ফুলি বিষ আদি হ’লেও তাৰে কাণ খজুৱালে বহুখিনি আৰাম পোৱা যায়। (২৩) শালমইনা বা ব্ৰণ হ’লে- (ক) সৰিয়হ আৰু তিল বটি গাখীৰৰ লগত মিহলাই লগালে ভাল হয়। (খ) বেলপাত আৰু জালুক একেলগে মিহিকৈ বটি লগালেও ব্ৰণ নোহোৱা হয়। (২৪) বাত বিষ আৰম্ভ হোৱাৰ লগে লগে ২১ ফোটা নহৰু বটি গৰম ভাতৰ লগত নিয়মিত খালে উপকাৰ পোৱা যায়। (২৫) পেটত বায়ু জমা হৈ পেটৰ বিষ হ’লে- (ক) কেইটামান আমলখি বটি নাভিৰ তলত প্ৰলেপ দিলে বহুখিনি আৰাম পোৱা যায়। (খ) ৪-৫ ফোটা নহৰু ৰস ঠাণ্ডা পানীৰ লগত মিহলাই খালেও উপকাৰ পোৱা যায়। (২৬) পেটৰ বিষ হ’লে- চাৰিটা পদিনা পাত আৰু এটা বাকলি গুচোৱা ইলাচি, পাণ এখিলাৰ লগত চোবাই খালে তৎক্ষণাত পেটৰ বিষ ভাল হয়। (২৭) যাৰ বুকুত ঘনে ঘনে বিষ হয় বা হাই ব্লাডপ্ৰেছাৰ আছে তেওঁলোকে পুৱাই খালীপেটত ২-৩ ফোটা নহৰু বাকলি গুচাই থেতেলিয়াই খালে এমাহতে কিমান উপকৃত হৈছে নিজেই বুজি পাব। (২৮) ডায়েবেটিছ ৰোগ- পাঁচভাগ আমলখিৰ ৰস, এভাগ মৌ আৰু এভাগ হালধি গুড়ি একেলগে মিহলাই এটা বটলত ভৰাই ভালকৈ সাঁফৰটো মাৰি বটলটো এমাহ মাটিত পুতি থওক। এমাহৰ পিছত উলিয়াই দিনে আউন্সকৈ প্ৰত্যেক দিনে এমাহ মানলৈ খালে ‘ডায়েবেটিছ’ ৰোগ বহুখিনি কমি যায়। (২৯) কুকুৰীকণা ৰোগৰ বাবে- গাজৰ সৰু সৰু কৰি কাটি আইনাৰ পাত্ৰত থৈ গাজৰখিনি তল যোৱাকৈ নেমুৰ ৰস ঢালিব লাগে। এৰাতি নেমুৰ ৰসত ডুবি থকা গাজৰৰ টুকুৰাবোৰ ৰাতিপুৱা খালী পেটতে খোৱা উচিত। এনে ধৰণেৰে একেৰাহে দুমাহ খালে কুকুৰীকণাৰ দৃষ্টি শক্তি উভতি আহে। (৩০) জিভাৰ ঘা ভাল কৰিবলৈ হ’লে- কিছু কৰ্পূৰ পানীৰ লগত মিহলাই দিনে ৫-৬ বাৰ জিভা ভালকৈ ধুলে ভাল হৈ যায়। (৩১) শৰীৰৰ কোনো অংশত আঁচিনা হ’লে- হিং গুড়ি চন্দনৰ দৰে বটি আঁচিনাৰ ওপৰত বাৰে বাৰে লগাই থাকিলে ভাল হৈ যায়। (৩২) যদি মুখ বা অন্য ঠাইত কটা বা ফোঁহাৰ কিবা দাগ ৰৈ যায় তেন্তে জিংক আৰু ইউক্লিপটাচ একেলগে মিহলাই প্ৰলেপ তৈয়াৰ কৰি প্ৰতিদিনে দুবাৰকৈ সেই দাগৰ ওপৰত লগালে সেই দাগ উঠি যায়। (৩৩) বৰল, মৌ-মাখি আদিয়ে কামুৰিলে- (ক) সেই ক্ষতস্থানত পিঁয়াজৰ ৰস ঘঁহি দিলে কমি যায়। (খ) ধপাত বা ক’লা কচুৰ ৰস ঘঁহি দিলেও বিষ কমি যায়। (গ) অন্য একো নাপালে আমৰ আচাৰ এডোখৰ বা পিঁয়াজৰ বাকলি ঘঁহি দিব লাগে। লগে লগে বিষ কমি যাব। (৩৪) ৰঙা চন্দন ঘঁহি ম’হ (যি ম’হৰ অলপতে পোৱালি হৈছে) ৰ গাখীৰৰ সৈতে এসপ্তাহ একেধাৰে খালে জণ্ডিচ ৰোগ ভাল হয়। (৩৫) দাঁতৰ ক’লা দাগ, দাঁতৰ বিষ, আলু ফুলা আৰু দাঁতৰ গুৰিয়েদি তেজ ওলোৱা বন্ধ কৰিবলৈ তিল তেলেৰে কুলকুলি কৰিব লাগে। (৩৬) নাকেদি তেজ পৰা তৎক্ষণাত বন্ধ কৰিবলৈ ডালিম গছৰ ফুলৰ ৰস কেইটোপালমান নাকত দিব লাগে। (৩৭) যাৰ খুউব পাতল শৌচ ঘনে ঘনে হয় তেওঁ- মিথি আধা চামুচ গুড়ি কৰি দুই চামুচ টেঙা দৈৰ লগত মিহলাই খালে অতি সোনকালে পাতল শৌচ বন্ধ হয়। (৩৮) আঙুলহাৰা বা পবা হ’লে- গন্ধক, তুঁতিয়া পাৰা, ফিট্কিৰি, ধূনা আৰু গোটা কৰ্পূৰ এই সকলোকেইবিধ বস্তু মিহলাই মিহিকৈ বটি, তাৰ লগত নেমুৰ ৰস মিহলাই পবাত লগালে ৪-৫ দিনৰ ভিতৰতে ভাল হয়। (৩৯) কিছুমানৰ মূৰত চুলিত টাক পৰি ফাক হৈ থাকে। তেনে লোকে ৪-৫ টা মান জালুক ভালকৈ গুড়ি কৰি তাৰ লগত এটা সৰু পিঁয়াজৰ ৰস মিহলাই মিশ্ৰণতো চুলি নোহোৱা ঠাইখিনিত ভালকৈ ঘঁহি দিব লাগে। এনেদৰে ১০-১৫ দিন ঘঁহিলেই দেখিব ঠাইডোখৰত চুলি গজিবলৈ আৰম্ভ কৰিছে। (৪০) শুকান শিলিখা গুড়ি কৰি কৰবী ফুলৰ আঠাৰ লগত মিহলাই নিয়মিত দাঁত মাজিলে এসপ্তাহৰ ভিতৰত ‘পায়োৰিয়া’ ভাল হয়। (৪১) শৰীৰত পোৰণি বা দাহ হ’লে- (ক) ভিজোৱা মগু দাইলৰ লগত চেনি মিহলাই খালে শৰীৰৰ পোৰণি বা দাহ নোহোৱা হয়। (খ) মিছিৰিৰ চৰবত বা ঘোলৰ চৰবত খালেও দাহ কমে। (৪২) মেলেৰিয়া জ্বৰ কমাবলৈ- (ক) হিং আধাৰতি আৰু পিপলি চূৰ্ণ তিনিৰতি, গুলঞ্চ ফুলৰ ৰসৰ লগত পুৱা আৰু গধূলি দিনে দুবাৰকৈ খালে দুদিনতে কমি যায়। (খ) তুলসী পাতৰ ৰস এতোলা আৰু বেলপাতৰ ৰস এতোলা একেলগে মৌৰ লগত মিহলাই প্ৰত্যেক দিনে এক ছটাককৈ খালে মেলেৰিয়া জ্বৰ কমে। (৪৩) ক’লা তুলসীৰ ৩০ টা পাত বটি পুৰণি গুড়েৰে সৈতে মিহলাই বড়ি বনাই জ্বৰ উঠিবৰ দুঘণ্টা আগত আধা ঘণ্টা অন্তৰে অন্তৰে এটাকৈ তিনিওটা বড়ি খালে সৰ্ব প্ৰকাৰ পালজ্বৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। (৪৪) মূৰত হোৱা বহুদিনৰ পুৰণি টাক ভাল কৰিবলৈ হ’লে- (ক) তিতা জিকা গছৰ পাতৰ ৰস ঘঁহিব লাগে। প্ৰায় তিনিদিন ঘঁহাৰ পিছত লাহে লাহে চুলি গজিব ধৰিব। (খ) এটা পিঁয়াজ সামান্য চেনিৰে সৈতে মিহলাই টাকত ঘঁহিলে চুলি গজিব ধৰে। (গ) চুফাৰী সিজোৱা বা তামোল সিজোৱা পানীৰে তাক ধুই তাত পিঁয়াজ ঘঁহিলে চুলি গজে। (৪৫) সিজোৱা পানীত অলপমান ফিট্কিৰি মিহলাই মূৰ ধুলে চুলি সৰা বন্ধ হয়। (৪৬) চকুৰ ছানি পৰাত- (ক) চেঙেৰী টেঙা (টেঙচী শাক) পাতৰ ৰস কৰ্পূৰৰ লগত মিহলাই চকুত লগালে চকু পৰিষ্কাৰ হয় আৰু ছানি পৰা ভাল হয়। (খ) মানিমুনি পাতৰ ৰসৰ লগত একবিন্দু (এক ছিকুট) নিমখ মিহলাই চকুত দিলে ছানি পৰা ৰোগ ভাল হয়। (৪৭) ৰক্তপাত আৰু কটা ঘাত- (ক) দূবৰি বনৰ ৰস প্ৰয়োগ কৰিলে তেজপৰা ভাল হয় আৰু কটা ঘা জোৰা লাগে। (খ) কাচকল দিলে তেজ ওলোৱা বন্ধ হয়। (গ) ক’লা কচুৰ ঠাৰি বটি (পানী নিদিয়াকৈ) কটা স্থানত বান্ধি থ’লে তেজ বন্ধ হয় আৰু জোৰা লাগে। (ঘ) জালুক আৰু কেঁচা হালধি একেলগে বটি কটা ঘাত প্ৰলেপ দিলে ঘা অতি সোনকালে শুকায়। (৪৮) বিছাই ডাকিলে- ওলকচুৰ আঠা লগাই দিলে যন্ত্ৰণা তৎক্ষণাত লাঘৱ হয়। (৪৯) মাছৰ কাঁইটে বিন্ধিলে- ডালচেনি আৰু গুড় মিহলাই প্ৰলেপ দিলে অসহ্য যন্ত্ৰণাৰ শাম কাটে। (৫০) বহুত দূৰ খোজকাঢ়ি ভাগৰ লাগিলে- নিমখ মিহলোৱা গৰম পানীত ভৰি সুমুৱাই থ’লে ভাগৰ গুচে আৰু আৰাম পোৱা যায়। (৫১) শৰীৰৰ গাঁঠিয়ে গাঁঠিয়ে বিষ হ’লে- সমান জোখৰ কেঁচা নেমুৰ ৰস আৰু নাৰিকল তেল (তেলখিনি গৰম হ’লে ভাল) লৈ ভালকৈ মিহলাব লাগে আৰু সেই মিশ্ৰণ তেল বিষ হোৱা ঠাইত মালিচ কৰক। বৰ আৰাম পাব। (৫২) দাঁতৰ আলুৰ পৰা যদি তেজ ওলাই থাকে তেন্তে- এটা কেঁচা পিঁয়াজ বটি লৈ দাঁতৰ গুৰিত আৰু দাঁতৰ আলুত ভালদৰে মালিচ কৰিব লাগে। এইদৰে একেধাৰে কিছুদিন কৰি থাকিলে অসুখটো একেবাৰে ভাল হ’বগৈ। (৫৩) হঠাৎ কোনোবা অজ্ঞান হৈ গ’লে- এটোপাল বা দুটোপাল পিঁয়াজৰ ৰস নাকেদি সুমুৱাই দিলে সোনকালে জ্ঞান উভতি আহে। (৫৪) ভৰিৰ গোৰোহা ফাটি কষ্ট পালে- আধা আউন্স কেষ্টৰ অইলৰ (এড়ি তেল) লগত ১ চাহ চামুচ হালধি গুড়ি ভালকৈ মিহলাই তুলাত লগাই দিনে দুবাৰকৈ গোৰোহাত লগাব লাগে। ২০ মিনিটৰ পিছত গোৰোহাটো ধুই পেলাব লাগে। (৫৫) গৰম বতাহ ‘লু’ লাগিলে- তুলসীৰ ৰসত চেনি বা নিমখ মিহলাই খাবলৈ দিলে আৰাম পোৱা যায়। (৫৬) তুলসী পাতৰ ৰস কাণত দিলে দাঁতৰ পোক মৰে। (৫৭) মূৰ ঘূৰণিত তুলসী পাতৰ ৰসত চেনি মিহলাই খাব লাগে। (৫৮) জাৰকালি তুলসী পাতৰ চাহ তৈয়াৰ কৰি খালে পানী লগা আদিত বৰ উপকাৰ হয়। (৫৯) বমি বন্ধ কৰিবৰ বাবে- আম আৰু পদিনাৰ পাত সমান অনুপাতত লৈ সিজাই পানী টোপা মৌ ৰসত মিহলাই খাব লাগে। (৬০) স্মৃতিশক্তি বঢ়াবৰ বাবে- (ক) গাজৰৰ ৰস ১০০ গ্ৰামত ১ লিটাৰ গাখীৰ মিহলাই সপ্তাহত ২-৩ দিনকৈ খাব লাগে। (খ) মানিমুনি বা ব্ৰাহ্মী শাক ঘিউত ভাজি খাব লাগে। (৬১) স্নায়ৱিক দুৰ্বলতা দূৰ কৰিবলৈ- (ক) ৪/৫ টা কেঁচা আমলখি ৰস উলিয়াই লৈ মিছিৰিৰ সৈতে খাব লাগে। (খ) দিনে ডাঙৰ এটা, সৰু হ’লে দুটা কেঁচা নহৰু খাব লাগে। কেঁচা নহৰু শুদাই খাব নোৱাৰিলে ভাতত দি খাব লাগে। (৬২) বগা চোম পৰা আঁতৰাবলৈ- আৰৈ চাউল আৰু গন্ধক সমজোখত লৈ খুউব মিহিকৈ গুড়ি কৰি ৩-৪ দিন ঘঁহিব লাগে। (৬৩) কোৱা ভাতুৰীৰ পাতৰ ৰস সৰিয়হ তেলেৰে সানি মুখত ঘঁহিলে ক’লা চোম নাইকিয়া হয়। উৎস: ইন্টাৰনেট।