আমি আমাৰ চুলিখিনি দীঘল আৰু ঘন হোৱাটো বিচাৰো। তাৰ বাবে বহু যত্নই কৰো। খুব কেঁকোৰা, ভালদৰে চম্ভালিব নোৱাৰা চুলিক স্মোথিং ৰিবন্দিং আৰু ষ্ট্ৰেইট কৰা দেখা যায়। এনে কৰাৰ পাছত চুলিখিনিৰ বাবে কোনো ধৰণৰ ষ্টাইল কৰাৰ প্ৰয়োজন নাই। চুলিখিনি মেলিও যাব পৰা যায়। আমি ভাবো যে যিহেতু চুলি স্মোথিং কৰিছো গতিকে একো যত্নৰ প্ৰয়োজন নাই। যত্ন অলপ কৰিবই লাগিব। কাৰণ চুলিৰ বণ্ড ভাঙি দিয়া হয় আৰু চুলিখিনি কেমিকেলযুক্ত হয়। ফলত চুলিত ব্যৱহাৰ কৰিবলগীয়া সামগ্ৰীখিনিও ছালফেট ফ্ৰী নতুবা কেমিকেল ট্ৰিটেড্ শ্বেম্পু হোৱাটো বাঞ্ছনীয়। এনে চুলিত কেমিকেলযুক্ত শ্বেম্পু যদি এবাৰো ব্যৱহাৰ কৰা হয়, তেন্তে চুলি ছিঙি যায়। নতুবা খুব বেছি শুকান হয়। তৎক্ষণাৎ কেমিকেল ফ্ৰী শ্বেম্পু ব্যৱহাৰ কৰিব লাগে। লগতে কিছু ক্লিনিকেলযুক্ত ট্ৰিটমেণ্ট কৰাব লাগে আৰু কেইটামান নিয়ম মানিব লাগে। কেতিয়াও গৰম বা কুহুমীয়া পানী চুলিত ব্যৱহাৰ কৰিব নালাগে। সদায় ঠাণ্ডা পানী ব্যৱহাৰ কৰিব। সদায় ডাঙৰ ফাঁক থকা ফণিৰে চুলি ফণিয়াব লাগে। তিতি থকা চুলিত চেৰাম লগাই আঙুলিৰে ফণিয়াব লাগে। এনে চুলিৰ বাবে ছুইমিং কৰাটো উচিত নহয়। খুব চুলি সৰে। চুলিত ড্ৰায়াৰ, টং, আইৰন আদি ব্যৱহাৰ কৰিব নালাগে। হাইলাইট কৰিব নালাগে। নিয়মিত চুলিৰ আগটো কাটি থাকিব লাগে। তেতিয়া চুলিৰ আগ দুমুখীয়া নহয়। শ্বেম্পু কৰি কণ্ডিচনাৰ আৰু চেৰাম ব্যৱহাৰ কৰিব লাগে। চুলি যদি তেলেতীয়া আৰু আঠালেতীয়া হয়, তেন্তে এদিনৰ অন্তৰে অন্তৰে ধুব লাগে। কেমিকেলী ট্ৰিটেড শ্বেম্পু পুৱা যায়। সেয়া ব্যৱহাৰ কৰিলে চুলিৰ অৱস্থা ভাললৈ আহে। সূৰ্যৰ পোহৰৰ পৰা চুলিক আঁতৰাই ৰাখিব লাগে। শ্বেম্পু কৰাৰ আগেয়ে অলিভ অইল, নাৰিকলৰ গাখীৰ আৰু জবা ফুলৰ পাতৰ পেষ্ট কৰি চাৰিটা কণীৰ কুহুমৰ লগত মিলাই লগাব লাগে। অন্তত: সপ্তাহত এবাৰকৈ লগালে ভাল ফল পোৱা যায়। স্মোথিং কৰাৰ তিনি দিনলৈ পানীৰ টোপাল লগাব নালাগে। সপ্তাহত এবাৰকৈ চুলিৰ মাস্ক ব্যৱহাৰ কৰিব লাগে। ই চুলিক মইশ্ব’ কৰি ৰাখে। পুষ্টিকৰ খাদ্য খাব লাগে। বিশেষকৈ বাদাম, কাজু, ছান ফ্লাৱাৰ গুটি, ফল-মূল আৰু পাচলি। প্ৰখৰ ৰ’দ, বতাহ, বৰষুণৰ পৰা চুলিক আঁতৰাই ৰাখিব। এণ্টি-ফ্ৰীজ স্প্ৰে লগাব পাৰে। খুব বেছি কাটা, ক্লিপ আদি ব্যৱহাৰ কৰিব নালাগে। উফি যাতে নহয় তাৰ বাবে স্পা কৰাব। বেছি শুকান যেন লাগিলে লিভ-ইন-কণ্ডিচনাৰ ব্যৱহাৰ কৰিব। কেতিয়াবা যদি বৰষুণত তিতি যায় তৎক্ষণাৎ শ্বেম্পু কৰি কণ্ডিচনাৰ ব্যৱহাৰ কৰিব। চুলি সদায় মইশ্ব’ কৰি ৰাখিলে এডালো চুলি নসৰে। চুলি শুকান যেন লাগিলে অলিভ অইল, মৌ, গাখীৰৰ ক্ৰীম আৰু দুটা কণীৰ কুহুম মিহলাই লগাব। সপ্তাহত এবাৰকৈ পকা কল, গাখীৰৰ ক্ৰীম একাপ, মিথি পাউদাৰ টেবুল চামুচেৰে দুচামুচ মিহলাই এটা কণীৰ কুহুম মিহলাই ২০-২৫ মিনিটৰ বাবে লগাব। ই চুলিক পুষ্টি যোগাব। বিলাহী বিশেষকৈ কণবিলাহী নিয়মিত খালে ৰ’দে নোপোৰে আৰু ছালক মইশ্ব’ কৰি ৰাখে। লগতে চুলিকো মইশ্ব’ কৰি ৰাখে। পানী কমেও ১০-১২ গিলাছমান খাব লাগে। লেখিকা: ভানু শৰ্মা, অসম বাণী।