শৰীৰৰ অন্যতম প্ৰয়োজনীয় উপাদান কেলচিয়াম। হাড়ৰ লগতে দাঁতৰ গঠন ভাল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছে কেলচিয়ামৰ। এজন প্ৰাপ্তবয়স্ক লোকক দৈনিক ১ হাজাৰৰ পৰা ১৩শ মিলিগ্ৰাম কেলচিয়ামৰ প্ৰয়োজন হয়। একেদৰে শিশুক ৭০০ৰ পৰা ১০০০ মিলিগ্ৰাম কেলচিয়ামৰ দৈনিক প্ৰয়োজন হয়। আমি দৈনিক খাদ্য তালিকাত আমলখি, গাখীৰ, আদা আৰু দৈৰ সংযোজন ঘটালে যথেষ্ট পৰিমাণে কেলচিয়াম পাব পাৰোঁ। আমলখিত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱাৰ লগতে এণ্টি-অক্সিডেণ্টো যথেষ্ট পৰিমাণে থাকে। একেদৰে দৈনিক দুই গিলাচ গাখীৰে শৰীৰত প্ৰয়োজনীয় কেলচিয়ামৰ চাহিদা পূৰণ কৰে। ইয়াৰ উপৰি আদাৰ জৰিয়তেও কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। এক গিলাচ পানীত এটুকুৰা বা দুটুকুৰা আদা মিহলাই কিছু সময় উতলাই ঠাণ্ডা হোৱাৰ পাছত সোৱাদ অনুযায়ী মৌ মিহলাই সেৱন কৰিলে শৰীৰত কেলচিয়ামৰ অভাৱ দূৰ হয়। ইয়াৰ উপৰি প্ৰতিদিনে এক কাপ দৈ খালে শৰীৰৰ বাবে প্ৰয়োজনীয় কেলচিয়াম পোৱা যায়। উৎস: নিয়মীয়া বাৰ্তা