আমাৰ দেশত প্ৰায় ১০ শতাংশ মহিলা আৰু ৭ শতাংশ পুৰুষ কিডনী ৰোগত আক্ৰান্ত হয়। ভাৰতীয় চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ এক সমীক্ষা অনুসৰি প্ৰতি এশ জন ভাৰতীয়ৰ ১৭ জনেই কিডনী সমস্যাত ভুক্ত ভোগী। এই কিডনী ৰোগৰ বহু কাৰন আছে। তাৰ ভিতৰত উল্লেখযোগ্য কাৰন সমুহ হল- (১) ডায়েবেটিডছ। (২) উচ্চৰক্তচাপ। (৩) বংশগত বা জেনেটিক কাৰণ যেনে-মেদবহুলতা আলস্য জীৱন যাপন, শাৰীৰিক অভাব। (৫) অত্যাধিক মদ্যপ্ৰাণ। (৬) অত্যাধি্ক ধূম্ৰপ্ৰাণ। (৭) অত্যাধিক জ্বলা-পোৰো, তেল মচলা আদি খাদ্য খোৱা। (৮) অত্যাধি মাছ মাংস খোৱা। (৯) পৰ্যাপ্ত পৰিমানে পানী নোখোৱা। (১০) ভিটামিন বি আৰু ডিৰ অভাৱ। (১১) বিষনাষক দৰব আৰু এন্টিবায়টিক ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা। (১২) গ্ৰেষ্টিকৰ দৰব ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা আদি। এতিয়া আহো মূল বিষয়লৈ- ক্ৰিয়েটিনিন - কিমান চিৰাম ক্ৰিয়েটিনিন লেৱেলত কিমান শতাংশ কিডনী বেয়া হ’ব? পুৰুষৰ প্ৰতি ডেচিলিটাৰ লিটাৰ তেজত ক্ৰিয়েটিনিনৰ স্বাভাৱিক মাত্ৰা হল - ০.৬ ৰ পৰা ১.২ মিলিগ্ৰাম। মহিলা- প্ৰতি ডেচিলিটাৰ ০.৬ ৰ পৰা ১.১ মলিগ্ৰাম। যদি- ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিটাৰ তেজত ১.৫ মিলিগ্ৰাম হলে - ২৫% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়। ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিতাৰত ২ মিলিগ্ৰাম হলে ৫০% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়। ক্ৰিয়েটিনিনৰ প্ৰতি ডেচিলিটাৰত পৰিমান ৩.৫ মিলিগ্ৰাম হলে ৭৫% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়। ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিটাৰত ৫ মিলিগ্ৰাম হলে ৯০% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়। ক্ৰিয়েটিনিনৰ পৰিমান ৬ৰ পৰা ৮মিলিগ্ৰাম প্ৰতি ডেচি লিতাৰ হলে ৯৫% কিডনী বেয়া হোৱা বুলি ধৰিব পৰা যায়। ৪০ উদ্ধৰ ব্যক্তি সকলে পৰাপক্ষত বছৰৰ মূৰত এবাৰকৈ কিডনি সম্বন্ধীয় পৰীক্ষা কৰোৱা ভাল। লেখক: ডাঃ হৰিকান্ত দাস ফোন-9954340102