বহু সময়ত দেখা যায় যে বহুতো লোকে গেছ হৈছে পেট জ্বলিছে, উগাৰ আহিছে ইত্যাদি ধৰণৰ অভিযোগবোৰ কৰি কৰি চিকিৎসকসকলক বিমোৰত পেলাই থাকে। গেছৰ দৰব ব্যৱহাৰ কৰিবলৈ দি দি ভাগৰি পৰে অথচ গেছৰ সমস্যা দূৰ কৰিব নোৱাৰে। বেমাৰীসকলেও দৰব ব্যৱহাৰ কৰি পৰিত্ৰাণ নাপাই মূৰে-কপালে হাত দিবলৈ বাধ্য হৈ যায়। বৰ্তমান সময়ত ই এটা অতি প্ৰধান সমস্যা হিচপে চিহ্নিত হৈছে। খোৱা-লোৱা, চলন-ফুৰণ, দৈনন্দিন জীৱন ধাৰণৰ পদ্ধতি আদিয়ে মানুহক এই সমস্যাত ভুগিবলৈ বাধ্য কৰায়। এইবোৰৰ ভিতৰত খোৱা খাদ্য আদি ভালদৰে হজম নোহোৱাটোও পেটত অত্যধিক গেছ হোৱাৰ প্ৰধান কাৰক হিচাপে চিহ্নিত হ’ব পাৰে।

হজম নোহোৱাৰ কাৰণ -

মানুহৰ দেহত বহুত ধৰণৰ এনজাইম থাকে। যেতিয়া কোনো খাদ্যবস্তুত কোনো বিশেষ ধৰণৰ এনজাইমৰ অভাৱ হৈ যায় আৰু খোৱা খাদ্যৰ কণাবোৰ ভাঙিব নোৱাৰে, তেতিয়াই অজীৰ্ণ আৰম্ভ হয়। খাদ্য কণাবোৰ ভালদৰে ভাঙিব নোৱাৰে বাবে শৰীৰে সেইবোৰ গ্ৰহণ কৰিব নোৱাৰে। কেতিয়াবা আকৌ খাদ্য গ্ৰহণ কৰাৰ পিছত ওলাই যোৱাৰ কোনো ৰাস্তা নাথাকে তেতিয়াই অজীৰ্ণ আৰম্ভ হয় আৰু ডিঙি জ্বলা, বমি বমি লগা, পেটটো ফুলি থকা আদি সমস্যাই দেখা দিয়ে। কেতিয়াবা এইবোৰৰ যিকোনো এটা লক্ষণ দেখা দিব পাৰে আকৌ কেতিয়াবা প্ৰায়বোৰ লক্ষণ একেলগে দেখা দিব পাৰে।

সহজে হজম হোৱা খাদ্য -

যিসকল মানুহৰ খোৱা খাদ্য হজম কৰাব এনজাইমসমূহ পৰ্যাপ্ত পৰিমাণে সময়মতে নিঃসৰণ হয়, সেইসকল মানুহৰ হজম প্ৰক্ৰিয়াটো নিয়াৰিকৈ সম্পন্ন হয়। সহজতে হজম হোৱা খাদ্যবোৰ যেনে- কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চৰ্বি আদি কম পৰিমাণে থকা খাদ্যবিলাক হজম কৰিবলৈ অধিক এনজাইমৰ প্ৰয়োজন নহয়। সেয়ে ফলৰ ৰস, গলা ভাত, খিচিৰি, জাও ভাত আদি সোনকালে আৰু অতি সহজতে হজম হয়। ফলৰ ৰস আদি সহজতে হজম হয় আৰু এনেবোৰ খাদ্য হজম কৰোঁতে অধিক এনজাইমৰ প্ৰয়োজন নহয়। কিন্তু মাংস, কণী, তেল থকা ডাঙৰ মাছ আদি হজম কৰিবলৈ অধিক এনজাইমৰ প্ৰয়োজন হয় বাবে সাধাৰণতে সেইবোৰ খাদ্য খালে অধিক গেছ হোৱা দেখা যায়। যেনেকৈ বাৰ্লি আদি খালে যিমান সোনকালে হজম হয়, কিন্তু গাখীৰ খালে সিমান সোনকালে হজম নহয়। সেয়ে তেল, মচলা, ভজা-পোৰা-জ্বলা আদি খালে সেইবোৰ হজম কম পৰিমাণে হয় আৰু সেয়ে গেছ বেছি হয়।

মুখৰোচক খাদ্যবোৰৰ পৰা অধিক গেছ হয় -

সাধাৰণতে খাদ্যত বেছি ভজা, পোৰা, মচলাযুক্ত খাদ্য, তেলজাতীয় খাদ্য আদি নোখোৱাই ভাল। তদুপৰি ৪০ৰ ঊৰ্ধ্ব বয়স হোৱাৰ লগে লগে এইধৰণৰ খাদ্যবোৰ সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগে। কাৰণ এই বয়সত তেজত কলেষ্টেৰল, ট্ৰাই গ্লিচাৰিড, ছুগাৰ আদিৰ পৰিমাণ সাধাৰণতে বেছি হোৱাৰ সম্ভাৱনা থাকে। সেয়ে মুখৰোচক খাদ্যৰ ভিতৰত তেল, ঘিউ আদি অধিক পৰিমাণে থাকে আৰু এই তেল ঘিউ আদি অধিক পৰিমাণে থকা খআদ্যবিলাক সহজতে হজম নহয় আৰু এইবোৰৰ পৰা তেজত কলেষ্টেৰলৰ পৰিমাণ বাঢ়ি যায়। কাৰ্বহাইড্ৰেটযুক্ত খাদ্য যিমান সহজতে হজম কৰিব পৰা যায়, কিন্তু চৰ্বিজাতীয় বস্তুবোৰ সিমান সহজতে হজম কৰিব পৰা নাযায়। খাদ্য খোৱাৰ পিছত পানী খোৱা অধিক উপকাৰী। যদিও পানী সিমান মুখৰোচক নহয় তথাপি পানী বেছি পৰিমাণে খালে পেটত গেছৰ পৰিমাণ কম হোৱা দেখা যায়।

হজম কম হোৱাৰ আনুষংগিক কাৰণসমূহ -

১)টোপনিৰ পৰিমাণ কম হ’লে হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। বিশেষকৈ যিসকল মানুহে নিশা পলমকৈ টোপনি যায়, উচ্ছৃংখল জীৱন-যাপন কৰি থাকে, টোপনি ক্ষতি কৰি নৈশ ভাগৰ কৰ্তব্য সমাপন কৰে, সেইসকল ব্যক্তিৰ হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মে আৰু গেছৰ পৰিমাণ বেছি হয়।

২)শাৰীৰিক পৰিশ্ৰম কম কৰিলে, বেছি আৰামত শুই, বহি সময় অতিবাহিত কৰিছে সেইসকল মানুহৰ হজম কম হয় আৰু গেছো বেছি হয়।

৩)মানসিক দুঃচিন্তা, ডিপ্ৰেছন, উদ্বেগ আদিত বেছি পৰিমাণে থাকিলে সেইবোৰ ক্ষেত্ৰত হজম কম হয়।

৪)অধিক সময় খালী পেটত থাকি পিছত একেলগে অধিক ভোজন কৰি দিলেও খোৱা খাদ্যখিনি হজম ভালকৈ নহয় আৰু তেতিয়াও পেটত গেছ হোৱা দেখা যায়।

৫)যিসকল মানুহে অত্যধিক মদ্যপান কৰেফ, তম্বাকু, বিড়ি, চিগাৰেট আদি সেৱন কৰে সেইসকল মানুহৰ হজমত ব্যাঘাত জন্মে আৰু পেটত গেছ হৈ পেটটো ফুলি থকা দেখা যায়।

৬)খোৱা খাদ্যত শাক-পাচলি আদিৰ পৰিমাণ একেবাৰে কম থাকিলেও খাদ্য বস্তুবোৰ হজম হোৱাত বাধাগ্ৰস্ত হয়।

৭)খাদ্য খোৱাৰ পিছত পানী কম পৰিমাণে খালেও হজম কম হয় আৰু ফলস্বৰূপে পেটত গেছ হৈ পেটটো ফুলি থাকে।

খাদ্য হজমৰ ক্ষেত্ৰত যোগ ব্যায়ামৰ ভূমিকা -

খোৱা খাদ্যবোৰ ভালদৰে হজম হ’বলৈ যোগ-ব্যায়াম আদিৰ প্ৰয়োজনীয়তা অপৰিসীম। যোগ-ব্যায়ামৰ দ্বাৰা হজম শক্তি বৃদ্ধি পায় আৰু অংগ-প্ৰত্যংগৰ তেজ চলাচল বাঢ়ি যায়। কিছুমান ব্যায়াম যেনে- পবন মুক্তাসন, অৰ্ধচন্দ্ৰাসন, অধিকুমাসন, তুলাংগম আদি আসন নিয়মিতভাৱে কৰি থাকিলেও খাদ্য হজম হোৱাত সহায়ক হয়। সেইবুলি খাদ্য খোৱাৰ পিছত লগে লগে আগন কৰিব নালাগে। খোজকঢ়া, সাঁতোৰা, চাইকেল চলোৱা আদি হজমৰ কাৰণে ভাল।

হজম শক্তি বঢ়াবলৈ কি কি কৰিব -

হজম শক্তি বঢ়াই পেটত হোৱা গেছৰ পৰিমাণ কমাবলৈ-

১)খোৱাপানী আয়ৰনমুক্ত কৰি বিশুদ্ধ কৰি খাব লাগে।

২)কেঁচা শাক-পাচলি আদি ভালদৰে ধুই লৈ ৰান্ধিব লাগে আৰু অলপ ভাপ দি পানী পেলাই দিব লাগে।

৩)অত্যধিক তেল, মচলা, জ্বলা ইত্যাদি খোৱা নিষেধ।

৪)বহু সময়লৈ খালী পেটত থকা উচিত নহয়।

৫)খাদ্য খোৱাৰ পিছত বিশুদ্ধ পানী বেছি পৰিমাণে পান কৰা উচিত।

৬)মাছ, মাংসতকৈ শাক-পাচলি অধিক পৰিমাণে খাব লাগে।

৭)পেটত যাতে অত্যধিক গেছ হ’ব নোৱাৰে তাৰ কাৰণে টোপনি খতি কৰিব নালাগে। কমেও ৬ ঘন্টা টোপনি যোৱা প্ৰয়োজন।

৮)ডীপ ফ্ৰিজত খোৱা বস্তু ৰাখি আকৌ সোনকালে উলিয়াই দি লগে লগে খাব নালাগে।

৯)অত্যধিক মানসিক চাপ, টেনছন আদি এৰাই চলিব লাগে। তেতিয়াহ’লে খোৱা বস্তু সোনকালে হজম হয় আৰু গেছৰ পৰা হাত সাৰি থাকিব পৰা যায়।

উৎস: নিয়মীয়া বাৰ্তা