কেঁচা ফলমূল, শাক-পাচলিৰ চালাড, ডাৱৰ পানী আদি প্ৰচুৰ পৰিমাণে খাবলৈ চেষ্টা কৰক। প্ৰচুৰ পৰিমাণে পানী খাওঁক। অন্তত: দিনটোৰ ভিতৰত ছয় বা আঠ গিলাচ পানী খাবলৈ অভ্যাস কৰক। অন্তত: দিনত দুবাৰমানকৈ গা ধোৱক আৰু ঠাণ্ডা পানীৰ ছিটা মুখমণ্ডলত কেইবাবাৰো মাৰিব পাৰিলে ভাল। গৰম কালি প্ৰখৰ ৰ’দত ওলাব লাগিলে চানগ্লাচ আৰু ছাতি ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। গৰম দিনত প্ৰায়ভাগ মানুহৰে ঘামচি হোৱা দেখা যায়। ঘামচি হোৱাৰ পিছত দাগ পৰি মুখমণ্ডলৰ ছাল অশুৱনি হৈ পৰে। তেনে অৱস্থাত বৰষুণৰ পানীৰে গা ধুলে ভাল। কৰ্পূৰ তেল আৰু বেচনো সানিব পাৰে। ঘামচিৰ কাৰণে বৰিক পাউদাৰ উপকাৰী। মৌ লগালেও ভাল ফল পোৱা যায়। ৰ’দত গাৰ ছাল পুৰিলে নেমুৰ ৰস আৰু অলিভ অইল মিহলাই গাৰ ছাল পোৰা অংশত ঘঁহি আধা ঘন্টামান পিছত ধুই পেলালে ছালৰ উজ্জ্বলতা বাঢ়ে। মাজে মাজে বৰফৰ টুকুৰাও মুখত বোলাই দিব পাৰে। বীটৰ ৰস ছালৰ কাৰণে ভাল। কিছু সময় বীটৰ ৰস লগোৱাৰ পিছত মুখখন ধুই পেলাওঁক। লগে লগে ক্ৰীম সানিলে ভাল। নিমখৰ লগত সৰিয়হৰ তেল মিহলাই মুখত সানি থৈ অলপ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওঁক। লেখিকা: শেৱালী দাস।