ঠান্ডাৰ দিনকেইটাত বহুতো লোকৰ বাবে গা ধোৱাতো বৰ সমস্যাৰ বিষয় ,নহয়নে বাৰু
? গৰম পানী হলে যেনবা ধুব পাৰি । যদিহে ৰাতিপুৱাই বাহি ঠান্ডা পানীৰে ধুব লগা হয় তেতিয়াহলেতো আৰু ডাঙৰ সমস্যা । কিছুমানেতো বহুদিনলৈ সেইফেৰা নকৰেই ।অৱশ্যে সকলোকে কোৱা নাই দেই ।
যাহক শীতকালত যিসকলৰ নিয়মিত ঠান্ডা পানীৰে (বিশেষকৈ ৰাতিপুৱা)গা ধোৱা অভ্যাস সেইটো খুবেই উত্তম । কিন্তু যিসকলৰ গৰম পানীৰে গাধোৱা অভ্যাস তেওলোকৰ বাবেহে দুআষাৰ লোখিবলৈ ওলাইছো ।
আমি শীত বা গ্ৰীষ্ম সকলো সময়তে কুহুমীয়া গৰম পানী খোৱাতো দেহৰ বাবে হিতকাৰক যদিও সুস্থ্য ব্যক্তিৰ বাবে গৰম পানীৰে গাধোৱাতো ক্ষতি কাৰক । পাৰিলে ঠান্ডা পানী বা অতি শীতত সাধাৰন কুহুমীয়া গৰম পানী বা ৰ'দত তপতোৱা পানী বেয়া নহয় । অবশ্যে ৰুগীয়া বা বয়সিয়াল ব্যক্তিৰ ক্ষেত্ৰত সুকীয়া ।
মনত ৰাখিব :-

শিশু, ডেকা বুঢ়া যিকোনো বয়সৰ লোকেই নহওক গৰম পানীৰে গা ধুলে কেতিয়াও মুৰত আৰু চকুত গৰম পানী নাঢালিব । এনে কৰিলে মানসিক তথা কফজনীত বিভিন্ন ৰোগ হব পাৰে । শিশুৰ মুৰ আৰু চকুত কোনোপধ্যে গৰম পানী নলগাব ।
গা ধোৱোতে প্ৰথমে আঠুৰ তল অংশত পানী ঢলাতো আৰু ক্ৰমান্বয়ে বাহু পেট মুৰত ঢলাতো স্বাস্থ্যসন্মত । সেয়ে প্ৰথমে মুৰত কেতিয়াও পানী নাঢালিব ।
বহুতে ঠান্ডা লাগিব, চৰ্দি জ্বৰ হব বুলি ৰাতিপুৱা গাধোৱাত অৱহেলা কৰে । কিন্তু সেইতো ভ্ৰান্ত ধাৰনা । বৰং ঠান্ডা গৰম সকলো সময়তে সুস্থ্য বা ৰুগীয়া লোকেও ৰাতিপুৱা গাধোৱাতো দেহ মনৰ সুৰক্ষাৰ বাবে অতি হিতকাৰক । চৰ্দি, জ্বৰ কফ, বাতবিষ জনীত ৰোগীয়ে কুহুমীয়া গৰম পানীৰে ধুব
তেনেকৈ নিৰোগী শিশুক সদায় ৰাতিপুৱা গা মালিচ কৰাই ৰদত তপতোৱা পানীৰে গা ধুউৱাতো অতিকে উত্তম ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ