১) ৰঙা চন্দন পটাত পিচি ঘামচি ওলোৱা ঠাইত লগালে ঘামচি নোহোৱা হয়। ইয়াৰ লগত নেমুৰস মিহলালে ভাল উপকাৰ পোৱা যায়। শংখগুড়ি ঘঁহিলেও ঘামচি নাশ হয়।

২) নিমপাত সিজাই সেই পানীৰে গা মচিলে ঘামচি নোহোৱা হয়।

৩) গোল নেমু এটা ফালি ঘামচি হোৱা ঠাইত ঘঁহিলে ঘামচি নোহোৱা হয়।

৪) হেলচি শাকৰ ৰস নাইবা হাঁহঠেঙীয়া (মালভোগ) শাকৰ ৰস ঘামচি হোৱা ঠাইত ঘঁহিলে ঘামচি শাম কাটে।

৫) পকা অমিতাৰ সাহ ঘামচি হোৱা ঠাইত ঘঁহিলে ঘামচি নাশ হয়।

৬) ভেদাইলতাৰ ৰস ঘামচি হোৱা ঠাইত ঘঁহিলে ঘামচি শাম কাটে।

৭) কেঁচা তেজপাত কেইখিলামান মিহিকৈ বটি ঘামচি হোৱা ঠাইত লগালে ঘামচি নাইকিয়া হয়। দুবৰিবন একোছা কেঁচা হালধিৰ সৈতে মিহিকৈ বটি ঘামচি হোৱা ঠাইত লগালে ঘামচি নাইকিয়া হয়।

৮) কাজি নেমু বা গোল নেমুৰ চৰ্বত একেৰাহে কেইদিনমান খালে ঘামচি শাম কাটে। বৰফৰ টুকুৰা ঘামচি ওলোৱা ঠাইত ঘঁহিলে ঘামচি ওলোৱা কমি যায়।

উৎস: দেওবৰীয়া সম্ভাৰ