এখন সুন্দৰ আৰু স্বাস্থ্যোজ্জল ছালৰ অধিকাৰী হোৱাৰ বাসনা সকলোৰে আছে। সেয়ে আমি প্ৰত্যেকেই নিতৌ নিজৰ ছালখনৰ যত্ন লওঁ যাতে সকলোৰে চকুত নিজকে আকৰ্ষণীয় কৰি তুলিব পাৰো। ঠিক তেনেকৈ এজন ব্যক্তিৰ উজ্জল ধুনীয়া চকুযুৰিয়ে আমাক আকৰ্ষিত কৰে। কিন্তু এইধুনীয়া চকুযুৰিৰ তলত যেতিয়া ক'লা দাগ পৰে ই আমাৰ মুখ খনিৰ সৌন্দৰ্য্যও ম্লান কৰি পেলায়। চকু গুৰি ক'লা পৰা ব্যক্তিয়ে প্ৰসাধন ব্যৱহাৰ কৰিলেও মুখ খন নিস্তেজ দেখা যায়। চকুৰ গুৰিত হোৱা ক'লা দাগক আন্দাৰ আই দাৰ্ক চাৰ্কল বুলি কোৱা হয়। ধুনীয়া চন্দ্ৰতো যিদৰে দাগ থাকে ঠিক সেইদৰে আমাৰ চকুৰ গুৰি ক'লা পৰিলে আমাৰ মুখখনিৰ সৌন্দৰ্য্য হেৰাই যায়।

*টোপনি খটি কৰা,

*বহু সময় ধৰি কম্পিউটাৰ, মোবাইলত সময় কটোৱাৰ বাবে চকুত চাপ পৰিলে,

*সূৰ্য্যৰ ক্ষতিকাৰক আলট্ৰা ভাইয়োলেট ৰশ্মিৰ প্ৰভাৱত,

*ৰক্তহীনতা,

*পুষ্টিহীনতা,

*পেচাবৰ সমস্যা,

*লিভাৰৰ অসুখ,

*ষ্ট্ৰেছ বা মানসিক চাপ,

*ডিহাইড্ৰেচনত ভোগা নাইবা কম পৰিমাণে পানী খোৱা,

*দীৰ্ঘদিন ধৰি কোনো ক্ৰনিক ৰোগত ভোগা,

*থাইৰয়ডৰ সমস্যা,

*উগ্ৰ প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ,

*এলাৰ্জি,

*অত্যাধিক চিগাৰেট, মদ্যপান আদিৰ সেৱনৰ বাবে দাৰ্ক চাৰ্কলৰ সমস্যা দেখা দিয়ে।

আজিকালি প্ৰায়বোৰ লোকৰে এই সমস্যা আছে। চকুৰ গুৰিৰ ছালখন অত্যন্ত কোমল আৰু স্পৰ্শকাতৰ। সেয়েহে অলপমান যত্নৰ অভাৱ হলেই ইয়াৰ ক্ষতিসাধন হয়।

কিছুমান প্ৰাকৃতিক উপায়েৰে দাৰ্ক চাৰ্কলৰ সমস্যা নিৰাময় কৰিব পাৰি। কিন্তু ইয়াৰ লগতে দাৰ্ক চাৰ্কল সমস্যাৰ কাৰণটোৰো প্ৰতিকাৰ কৰিব লাগিব, অন্যথা ফলাফল আংশিক হে হব।

এই সমস্যাত ভোগা লোকে কি কি কৰিব লাগে বা নালাগে তাৰ কেইটামান উপায় হৈছে :-

(১)টোপনি খটি নকৰিব। দৈনিক সাতৰ পৰা ন ঘণ্টা মান শোৱক।

(২)সেউজীয়া শাকপাচলি যেনে ব্রকলি, পালেং আদি, গাখীৰ, কমলা, নেমু, কিৱি, তৰমুজ, গাজৰ আদি খালে সুফল পোৱা যায়।

(৩)পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰক।

(৪)ঘৰৰ বাহিৰলৈ ওলাই গলে চানগ্লাছ ব্যৱহাৰ কৰক। ই সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা চকুযুৰিক ৰক্ষা কৰিব।

(৫)ঘন্টা ঘন্টা ধৰি টিভি, কম্পিউটাৰ, মোবাইল চাই থকা ব্যক্তিৰ এই সমস্যা হোৱা দেখা যায়। সেয়েহে যিমান পাৰে এইবোৰ আহিলা কম ব্যৱহাৰ কৰক।

(৬)থাইৰয়ডৰ সমস্যা থাকিলে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক।

(৭)কেতিয়াবা এনিমিয়া বা ৰক্তহীনতাৰ বাবে চকুৰ গুৰি ক'লা পৰে। তেনে হ'লে উপযুক্ত চিকিৎসা আৰু আইৰণ, ফলিক এচিড যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে। কাঁচকল, কলদিল, ডালিম, পনিয়ল, পচলা, ঢেকীয়া আদি উপকাৰী।

(৮)পেচাবৰ সংক্ৰমণ জনীত ৰোগ থাকিলে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। ছালকুঁৱৰীৰ ৰস সেৱন কৰিলেও সুফল পোৱা যায়।

(৯)এলাৰ্জিৰ সমস্যা থাকিলে কোনবিধ বস্তুৰ পৰা এলাৰ্জি হৈছে সেইটো জানি তেনে খাদ্য বা প্ৰসাধন সামগ্ৰী এৰাই চলক।

(১০)লিভাৰ জনীত সমস্যা থাকিলে তাৰ উপযুক্ত চিকিৎসা গ্ৰহণ কৰক।

(১১)কৌষ্ঠকাঠিন্যৰ সমস্যা থাকিলে আঁহযুক্ত শাক পাচলি, ফলমূল আদি পৰ্যাপ্ত পৰিমানে সেৱন কৰক।

(১২)অত্যাধিক মদ্যপান, চিগাৰেট সেৱন এৰাই চলক।

উপৰোক্ত নীতি নিয়ম সমূহৰ লগত কেইটামান প্ৰাকৃতিক উপায় ব্যৱহাৰ কৰি এই দাৰ্ক চাৰ্কল সমস্যাৰ নিৰাময় কৰিব পাৰি। যেনে:-

*ৰাতিপুৱা গা ধোৱাৰ পাছত আৰু ৰাতি শোৱাৰ সময়ত খাটি নাৰিকল তেলেৰে চকুৰ গুৰিত লাহেকৈ মালিচ কৰক।

*আলু এটা পিচি তাৰ ৰস চকুৰ গুৰিত কপাহেৰে লগাওঁক। শুকুৱাৰ পিছত ধুই পেলাওক।

*তিয়ঁহৰ ৰস ফ্ৰীজত থৈ ঠাণ্ডা কৰি কপাহেৰে চকুৰ গুৰিত লগাওঁক।

*টি বেগ (tea bag) পানীত তিয়াই কোমল কৰি ফ্ৰীজত ভৰাই ঠাণ্ডা কৰি লওক। চকু বন্ধ কৰি চকুৰ পতাত দহ মিনিটৰ বাবে ৰাখক। সদায় এনেকৈ টি বেগ ব্যৱহাৰ কৰিব পাৰে।

*তিয়ঁহ পাতল পাতল কৈ চকলিয়াই ফ্ৰীজত ঠাণ্ডা কৰি চকুৰ পতাত দহ মিনিট কৈ লগাওক।

*গোলাপ জল আৰু গাখীৰ মিহলাই ফ্ৰীজত ঠাণ্ডা কৰি ৰাখক। কপাহেৰে চকুৰ গুৰিত লগাওক। শুকুৱাৰ পিছত ধুই পেলাওক। কেৱল গাখীৰ ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।

*বাদাম তেল বা আলমণ্ড অইল এচামুছৰ লগত কেইটোপাল মান নেমুৰ ৰস দি চকুৰ গুৰিত কিছুসময় মালিচ কৰক। দহ মিনিট মান ৰাখি ধুই পেলাওক।

*ছালকুঁৱৰীৰ জেল বা সাহ লগালেও দাৰ্ক চাৰ্কলৰ সমস্যা ভালেখিনি কমি যায়। ইয়াৰ উপৰিও বহুতো ভেষজ ক্ৰীম পোৱা যায়। ছালৰ প্ৰকাৰ অনুযায়ী লগাব পাৰে।

লেখিকা: ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং- 7399114617