সকলো খাদ্যপ্ৰাণেই চকুৰ বাবে গুৰুত্বপূৰ্ণ হ’লেও খাদ্যপ্ৰাণ-ক বিশেষভাৱে গুৰুত্বপূৰ্ণ। গাজৰ, সেউজীয়া শাক-পাচলি, গাখীৰ, কণী(Eggyolk), মাছৰ চৰ্বি যকৃতত(বিশেষকৈ কড লিভাৰ তেল, হেলিবাট লিভাৰ তেল) আৰু পকা ৰঙচুৱা ফলমূলত যথেষ্ট পৰিমাণে ‘ক’ খাদ্যপ্ৰাণে পোৱা যায়।

‘ক’-খাদ্যপ্ৰাণৰ অভাৱ -

দুইধৰণৰ হ’ব পাৰে যেনে:

১)প্ৰাথমিকভাৱে(Primary) খাদ্যতেই ‘ক’- খাদ্যপ্ৰাণ কম পৰিমাণে থাকিলে আৰু দীঘ্লীয়া সুৰাপান(এইবিধ উন্নত দেশত কমকৈ দেখা যায়) (সুৰাপানৰ বাবে খাদ্যৰ খেলিমেলি হয় বাবে সাধাৰণতে এনে হয়)।

২)গৌণভাৱে(Secondary) বদহজম বহুদিনীয়াকৈ চলি থকা অগ্নাশয়ৰ প্ৰদাহ(Chronic Pancreatitis) কিছুমান পাকস্থলী আৰু অন্ত্ৰৰ(Intestine) অস্ত্ৰোপচাৰৰ পিছত আৰু বহুদিনীয়া যকৃতৰ ৰোগ আদি। খাদ্যত উচিত পৰিমাণৰ ‘ক’ খাদ্যপ্ৰাণ থাকিলেও এইবোৰ ক্ষেত্ৰত ই শৰীৰলৈ নাহে গৌণভাৱে হোৱা অভাৱত।

খাদ্যপ্ৰাণৰ অভাৱৰ লক্ষণসমূহ -

কম-পোহৰত দৃষ্টিৰ সমস্যা হয়। (Night blindness) ইয়েই সৰ্বপ্ৰথমে দেখা পোৱা আৰু প্ৰায় প্ৰত্যেকজন ৰোগীৰ ক্ষেত্ৰতে দেখা পোৱা লক্ষণ।

চকুত স্বাভাৱিকভাৱে চকুপৃষ্ঠত থকা চকুপানীৰ পৰিমাণ কমি আহে, স্বচ্ছমণ্ডলৰ কাষত দুই চকুপতাৰ মাজেৰে দেখা নেত্ৰযোজকত্বকৰ অঞ্চলটোত সামান্য ওখকৈ প্ৰায় ৰূপালী ৰঙৰ ফেনৰ থোপা বা মাছৰ সৰু বাকলিৰ দৰে তিনিকোণীয়া একোট অঞ্চল(Bilot’s spot) দেখা যায়। লাহে লাহে স্বচ্ছমণ্ডলৰ সমুখপৃষ্ঠও শুকাই যায়।

চিকিৎসা নকৰিলে সমুখমণ্ডলত ঘা লাগে। দৃষ্টি কমি যায়। পিছলৈ গোটেই স্বচ্ছমণ্ডল অঞ্চল গলি যায়(Keratomalacia) আৰু ৰোগী অন্ধ হৈ যায়। এই লক্ষণবোৰ দুই চকুতে দেখা যায়। তুৰন্তে প্ৰয়োজনীয় চিকিৎসাৰ প্ৰয়োজন। গৌণ অভাৱৰ ক্ষেত্ৰত কাৰণবোৰৰো চিকিৎসা কৰিব লাগে।

লেখক: ডাঃ সৌৰভ ভূঞা(নিয়মীয়া বাৰ্তা)