ৰাস্তাৰে কেতিয়াবা গৈ থকা সময়ত দূৰ্গন্ধ পালে হঠাতে নাকটো চেপি শ্বাস-প্ৰশ্বাস বন্ধ কৰি লৰা-লৰিকৈ পাৰ হও। ওচৰতে পথৰ দাতিত কৰবাত গেলা-পচা মৃতজন্তু পৰি আছে। অথচ অজানিতে বা লোভ সামৰিব নোৱাৰি ইয়াতকৈ বিষাক্ত চালানী মাছ আমি অমৃত হিচাবে ভক্ষণ কৰি আছো। আজিকালি অসমত চালানী মাছৰ পয়োভৰতা দিনক দিনে বাঢ়ি আহিছে। অতিথি, অন্নপ্ৰাশন , বনভোজ , বিহুৰ উৰুকাৰ ভোজ, বিয়া, ৰাজহুৱা অনুষ্ঠানত ভোজ আদিত চালানী মাছ খুৱালেহে নাকটো বাছে। চালানী মাছৰে মৎস্যস্পৰ্শন পাতি ৰাইজৰ আশীৰ্বাদ ললেহে বৈতৰণী পাৰ হোৱা মৃতকৰ আত্মাই মুক্তি পাই পৰমাত্মাৰ লগত বিলীন হয়। গুজৰাটী, ৰাজস্থানীকে আদি কৰি বহুতে মাছ নাখাই বাবে মৃতকৰ শ্ৰাদ্ধৰ অন্তত মৎস্যস্পৰ্শ ভোজ নাপাতে । প্ৰশ্ন হল, এই সকলৰ আত্মাই মুক্তি নাপাই নেকি ??? .
কিন্তু আমি পৱিত্ৰ কামত ব্যৱহাৰ কৰা চালানী মাছবোৰ কিমান অপৱিত্ৰ আৰু বিষাক্ত হয়তো বহুতে নাজানে। চাৰ্ভিচ লেট্ৰিনত জমা হোৱা মানুহৰ বিষ্ঠা , জীৱ-জন্তুৰ মল, মৰা জীৱ-জন্তু তথা বৰ্জিত খাদ্য আৰু ইউৰীয়া খাই ডাঙৰ হোৱা চালানী মাছৰ সোৱাদ মচলা দি ৰন্ধাৰ পিছত বৰ মজা। কিন্তু এই মাছবোৰ অসমলৈ পঠোৱাৰ আগত ফৰ্মেলডিহাইদ মাছৰ দেহত ভালদৰে সানি দিয়া হয় । ফৰ্মেলডিহাইদ সানিলে মাছ নপচে আৰু নেগেলে। তাৰোপৰি মাছৰ পেটৰ ভিতৰত তেজৰ দৰে ৰঙা ৰাসায়নিক জুলীয়া পদাৰ্থ ভৰাই দিয়া হয় যাতে হোলা ভাই মোলা অসমীয়াই লোকেল মাছ বুলি কিনিব পাৰে।
ফৰ্মেলিন বা ফৰ্মেলডিহাইদ কি জানেনে ?
চিকিৎসা বিজ্ঞানৰ ছাত্র-ছাত্ৰীয়ে শৱচ্ছেদন কৰা মৃতদেহ সংৰক্ষণৰ কাৰণে এই ফৰ্মেলডিহাইদ ব্যৱহাৰ কৰা হয়। মাত্ৰ ৫০ মিলি লিটাৰ ফৰ্মেলডিহাইদৰে এটা মৃতদেহ সংৰক্ষিত কৰিব পাৰি। গতিকে আমি কিমান বিষাক্ত চালানী মাছ খাও চিন্তা কৰকছোন । মাছ খোৱাৰ সময়ত কাইটবোৰ আতৰ কৰিব পাৰি , কিন্তু মাছৰ মঙহৰ ভিতৰত সোমাই থকা ফৰ্মেলডিহাইদ আতৰাব কেনেকৈ?
চালানী মাছৰ পৰা কি কি হব পাৰে

(১) চালানী মাছৰ বিষাক্ত পদাৰ্থ তেজত মিহলি হোৱাৰ পিছত তাৎক্ষণিক ভাৱে এলাৰ্জী , চালৰ ৰোগ হয়।
(২) শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ হয়।
(৩) পেটৰ ৰোগ যেনে পেটফুলে, বুকু জ্বলা-পোৰা , টেঙাপানী, বদহজম , পাতল শৌচ হয়। ইয়াৰ পৰা ফুড পইজনিঙ হব পাৰে। একেৰাহে কিছুদিন খালে ক্ৰণিক ডিছেন্ট্ৰীৰ দৰে লক্ষণ দেখা যায় আৰু চিকিৎসা কৰিলেও সহজে আৰোগ্য নহয়।
(৪) ফৰ্মেলডিহাইদৰ কাৰণে লিভাৰ কোষৰ ক্ষতি হোৱা বাবে নানা ধৰণৰ লিভাৰৰ ৰোগ হয়।
(৫) কিডনী আক্ৰান্ত হৈ কিডনী ফেইলাৰ, নেফ্ৰাইটিছ আদি ৰোগ হয়।
(৬) তেজত ইউৰিক এচিড বাঢ়ি গাউট নামৰ গাঠিৰ বিষ হয় ।
(৭) মুখগহ্বৰত ঘা উৎপত্তি হয়, ক্ৰমে মুখৰ ঘাঁ বাঢ়িবলৈ ধৰে আৰু চিকিৎসা কৰিলেও দেৰিকৈ ভাল হয়। কেতিয়াবা এই ঘাঁবোৰৰ পৰা মুখৰ ভিতৰত কেঞ্চাৰ হোৱাৰ অধিক সম্ভাৱনা থাকে।
(৮) একেৰাহে এই বিষাক্ত মাছ খালে কৰ্কট বা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা ।
সেয়েহে চিন্তা কৰি চাওক, জানি শুনি এই মাছ খাবনে নাখায় নিজে বিবেচনা কৰক । চালানী মাছতকৈ আলুপিটিকা ভাত বেছি উপকাৰী।

ডা:মনোজ কুমাৰ শইকীয়া
মবাইল- 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ