আজিকালি বিভিন্ন বিজ্ঞাপন, মেগাজিন আদি চাই মানুহে ছেম্পু ব্যৱহাৰ কৰে। বহুতে ভাল পায় আৰু বহুতৰে অপকাৰ হয়। বহুতে ছেম্পু ব্যৱহাৰ কৰে চুলিখিনি ভাল হ’ব বুলি; কিন্তু দেখিবলৈ পোৱা যায় যে সেই ছেম্পুৰ ব্যৱহাৰৰ ফলত চুলি সৰে আৰু উফি হয়। ছেম্পু হৈছে চুলি আৰু মূৰৰ ছাল পৰিষ্কাৰ কৰা এবিধ প্ৰসাধন। ছেম্পুক দুটা ভাগত ভগোৱা হৈছে-হাৰ্বেল আৰু ছিন্থেটিক। আয়ুৰ্বেদিক পদ্ধতিত বনৌষধিৰে তৈয়াৰ কৰা ছেম্পুক হাৰ্বেল বোলে। ৰসায়ন প্ৰয়োগ কৰি তৈয়াৰ কৰা ছেম্পুক ছিন্থেটিক ছেম্পুৰ শাৰীত ধৰে। এই ছেম্পুৰ ৰূপ অনুযায়ী ইয়াক কেইটামান ভাগত ভগোৱা হৈছে- ১) জেল বা ক্ৰীম ছেম্পু, ২) পনীয়া বা জুলীয়া ছেম্পু, ৩) মেডিকেটেড ছেম্পু জেল বা ক্ৰীম ছেম্পু ইয়াক ক্ৰীম বা জেল ৰূপত পোৱা যায়। খুব শুকান চুলিত ইয়াক লগাই পানীৰে ছেম্পু কৰা হয়। কেতিয়াবা উফিৰ সমস্যা দূৰ কৰিবলৈকো এই ছেম্পু ব্যৱহাৰ কৰা হয়। পনীয়া বা জুলীয়া ছেম্পু বজাৰত বেছিকৈ পোৱা ছেম্পুবিধেই এইবিধ ছেম্পু। ইয়াক তিতা চুলিত লগাই মালিচ কৰি পানীৰে ধুব লাগে। মেডিকেটেড ছেম্পু এই ছেম্পু সাধাৰণতে ডাক্তৰ নাইবা সৌন্দৰ্য্য বিশেষজ্ঞৰ পৰামৰ্শমতেহে ব্যৱহাৰ কৰা যায়। ছেম্পু সদায় ভালদৰে চাই মেলিহে ব্যৱহাৰ কৰিব লাগে। পৰাপক্ষত হাৰ্বেল পদ্ধতিত তৈয়াৰ কৰা ছেম্পু ব্যৱহাৰ কৰিব। কেইটামান ঘৰতে তৈয়াৰ কৰিব পৰা ছেম্পুৰ বিষয়ে তলত দিয়া হ’ল- শুকান চুলিৰ বাবে ১০ টা মান মণিছালৰ গুটি এৰুৱাই ল’ব। আগদিনা ৰাতি সিজাই সেই পানীতে তিয়াই থ’ব। তাতে কণীৰ কুহুম ২ টা ভাঙি ফেটিব। আধাফাল নেমুৰ ৰস মিহলি কৰি হাতেৰে মিহলাই এইখিনি চুলিত লগাই ঘহিব। পাঁচ মিনিটমানৰ পাছত পৰিষ্কাৰ পানীৰে মুখ ধুব। তৈলাক্ত চুলিৰ বাবে আধাকাপ ভীমকলৰ বাকলিৰ খাৰৰ লগত ঔ টেঙাৰ বীজ ফেনেকি ল’ব, এতিয়া চুলি আৰু মূৰত লগাই ভালদৰে ঘহিব। পৰিস্কাৰ পানীৰে মূৰ ধুব। চুলিত উফি হ’লে নিমৰ গুটি আধাকাপ ভালদৰে থেতেলাই ল’ব। ইয়াৰ লগত মণিছাল আৰু চিকাকাই গুড়ি এচামুচকৈ মিহলাব। এতিয়া এগিলাচ পানীত উতলাব, পানী আধা হ’লে ছেকিব। ঠাণ্ডা হ’লে মূৰ ধুব। চুলিত কণ্ডিচনিং কেনেকৈ কৰিব? শীতৰ সময়ত আৰু ফাগুনৰ শেষৰ ফালে চুলি শুকান, ৰুক্ষ আৰু অনুজ্জ্বল হয়। বহুতৰে চুলিৰ আগ ফাটে। এনেকুৱা দিনত চুলিৰ নিয়মিত পৰিচৰ্য্যা কৰি থাকিব লাগে। বহুতে চুলিৰ যত্ন ল’ব নাজানে আৰু বহু ক্ষেত্ৰত আমি এলাহতে বা সময়ৰ অভাৱতে যত্ন নকৰো। এইবোৰৰ কাৰণে চুলি সাধাৰণতে নষ্ট হয়। তলত শুকান চুলি কোমল কৰাৰ কেইটিমান টিপছ দিয়া হ’ল- চুলিখিনি ভালদৰে লা-বটানীৰে ছেম্পু কৰি ল’ব। এতিয়া শুকান চুলিৰ বাবে এটা কণী, দুই চামুচ লা-কেৰাটিন তেল, এচামুচ ভিনেগাৰ মিহলাই ভালদৰে চুলিত লগাব। অনুজ্জ্বল চুলিৰ বাবে এটা কণী, এচামুচ গ্লিচাৰিণ, একাপ বটি লোৱা পকা অমিতা, এচামুচ নেমুৰ ৰস ভালদৰে মিহলাই চুলিত লগাব। তাৰ ওপৰত টিন ফয়লৰ তৰপ মেৰিয়াই ল’ব। ইয়াৰ ফলত কণ্ডিচনাৰখিনি বৈ নাযায়। এতিয়া ৰ’দত বহিব নতুবা হেয়াৰ ড্ৰায়াৰেৰে সেক দিব। এনেদৰে আধাঘন্টা থাকি পৰিষ্কাৰ পানীৰে ধুই স্বাভাৱিকভাৱে শুকাবলৈ দিব। দেখিব, আপোনাৰ চুলিয়ে আপোনাক মুগ্ধ কৰিব। লেখিকা: লিপশিখা বৰুৱা, প্ৰিয় সখী।