চুলিয়ে পুৰুষ-নাৰী সকলোৰে সৌন্দৰ্যবৰ্ধন কৰে। কিন্তু এই চুলিয়েও প্ৰতাৰণা কৰে- যেতিয়া চুলি সৰিবলৈ ধৰে আৰু পকিবলৈ ধৰে। *খনিজ পদাৰ্থ আৰু খাদ্য প্ৰাণৰ অভাৱ, *চুলিৰ গুৰি শুকাই যোৱা, *চুলিৰ শুষ্কতা, *চুলিৰ গুৰিৰ তৰল পদাৰ্থবিধৰ অভাৱ, *খনিজ পদাৰ্থৰ অভাৱত হোৱা উফি, *অতিমাত্ৰা ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ, *শৰীৰত কেলচিয়াম, *ভিটামিন, *জিংক, *আইৰনৰ অভাৱ, *দীঘলীয়া অসুস্থতা, *অত্যধিক এন্টিবায়’টিক খোৱা আৰু লগতে প্ৰদূষণৰ ফলত সহজে চুলি সৰিবলৈ ধৰে, পকিবলৈও ধৰে। উত্তম তেলৰ ব্যৱহাৰ, ভাল শ্বেম্পুৰেহে চুলি ধোৱাৰ উপৰি হোমিওপেথিক চিকিৎসা কৰাই চাব পাৰে। অতিমাত্ৰা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ পৰা আঁতৰত থকা পাৰিলে ভাল। আঙুৰ: স্বাস্থোদ্ধাৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় ফলৰ ভিতৰত আঙুৰক বিশেষ গুৰুত্ব দিয়া হয়। ইলিনয় বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে আঙুৰৰ ৰসতকৈও আঙুৰৰ খোচা মানৱ দেহৰ বাবে বেছি উপকাৰী। এই খোচাত যথেষ্ট পৰিমাণে ৰাসায়নিক ৰেচভাট্ৰল নামৰ পদাৰ্থ থাকে। যিয়ে শৰীৰত বাধা দি থাকে চাইকোঅক্সিজেন নামৰ এবিধ এনজাইমৰ কাম-কাজত। যি এনজাইমৰ কাম হৈছে শৰীৰত এনে কিছুমান ৰাসায়নিক উৎপাদন কৰা যাৰ দ্বাৰা শৰীৰত বেছ ক্ষতিকাৰক ভূমিকা আছে। বিশেষকৈ এই ৰাসায়নিক এনজাইমে কৰ্কট আক্ৰান্ত কোষৰ সংখ্যা বঢ়োৱাত সহায় কৰে। গতিকে কৰ্কট শৰীৰত যদি যথাযোগ্য ৰেচভাৰাটল থাকে তেনেহ’লে বৃদ্ধিত বাধা প্ৰদান কৰে। গতিকে আঙুৰ খোচাসহ চোবাই খাওক। লেখিকা: অংশুমা শইকীয়া(অসম বাণী)