চুলি সৰা বা এলোপেচিয়া আজিকালি এটা প্ৰধান সমস্যা হৈ পৰিছে! বুঢ়াতো বাদেই ডেকা সকলৰ মাজতো চুলিৰ সমস্যা সহজে দেখিবলৈ পোৱা যায়।

চুলি সৰা কাৰণ বহুত, তাৰ ভিতৰত-

*বাঢ়ি যোৱা বয়স,

*হৰমনৰ প্ৰভাৱ,

*মানসিক অৱসাদ,

*বিভিন্ন ধৰণৰ চেম্পু,

*চাবোনৰ ব্যৱহাৰ,

*অসন্তুলিত আহাৰ,

*উফি,

*তেজৰ পৰিমাণ কমি যোৱা আদিয়ে প্ৰধান।

তলত উল্লেখ কৰা ঘৰুৱা বিধান সমূহৰ দ্বাৰা চুলি সৰা সমস্যাৰ পৰা কিছু পৰিমাণে হাত সাৰিব পাৰি-

১) সপ্তাহত দুবাৰকৈ সৰিয়হৰ তেলৰে চুলিৰ গুৰিত মালিচ কৰিলে চুলিৰ গুৰি শক্তিশালী হয় আৰু চুলি সৰা বন্ধ হয়!

২)প্ৰতিদিনে ৰাতি শোৱাৰ সময়ত আমলখিৰ ৰসৰ লগত নিমুৰ ৰস মিহলাই চুলিৰ গুৰিত লাহে লাহে মালিচ কৰক! ৰাতিপুৱা শুই উঠি যিকোনো হাৰ্বেল চেম্পুৰে ভালদৰে ধুই দিব!

৩) পিয়াঁজৰ ৰসত প্ৰচুৰ পৰিমাণে চালফাৰ থাকে! সপ্তাহত কমেও এবাৰ আধা ঘণ্টাৰ কাৰণে পিয়াঁজৰ ৰস লগাব পাৰিলে চুলি সৰা সমস্যাৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি!

৪) এলোভেৰা চুলিৰ কাৰনে অতিশয় উপকাৰী! এলোভেৰা জেল চুলিত লগাওক! শুকাই যোৱাৰ পিছত কুহুমীয়া গৰম পানীৰে ধুই দিব লাগে!

৫) সপ্তাহত কমেও এবাৰকে চুলিত জেতুকা লগাব লাগে! জেতুকাৰ লগত কণী আৰু দৈ মিহলাই ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়! একঘণ্টা পিছত কুহুমীয়া গৰম পানীৰে ধুই দিব লাগে!

৬) দালচেনী লগত মৌ মিহলাই চুলিৰ গুৰিত লগাব পাৰে! একমাহৰ কাৰণে লগাব পাৰিলে ফলাফল নিশ্চিত!

৭) সেউজীয়া ধনীয়া পাত বটি লৈ চুলি সৰা ঠাইত লগালে ভাল ফল পোৱা যায়!

লেখক: ডাঃ অলকেশ মজুমদাৰ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ