চুলিকোছা অকল ঘন বা ক’লা হ’লেই নহ’ব ইয়াক পৰিষ্কাৰ আৰু উজ্জ্বল কৰি ৰাখিলেহে চুলিৰ সৌন্দৰ্য বৰ্ধন হয়। সেইবাবে কেইটামান ব্যৱস্থা গ্ৰহণ কৰকচোন। চুলি চকচকীয়া কৰি ৰাখিবলৈ ৰঙা চাহ ব্যৱহাৰ কৰক। চাহপাত অলপ বেছিকৈ দি পানীত উতলাই লওঁক। ৰং কাঢ়া হৈ অহাৰ পিছত চাহপাতখিনি গুচাই কঢ়া চাহখিনি ঠাণ্ডা হ’বলৈ দিয়ক। সেই পানীখিনি মূৰ ধোওঁতে শেষবাৰ পানী ঢালোতে ব্যৱহাৰ কৰক। সপ্তাহত দুই তিনিদিন কৰিলে চুলি চক্চকীয়া হৈ পৰিব। মনিছালৰ গুটি চেম্পুৰ দৰে ব্যৱহাৰ কৰিব পাৰে। আগদিনা ৰাতি মনিছালৰ গুটি খুন্দি পানীত তিয়াই লওঁক। পিছদিনা চেম্পুৰ দৰে ব্যৱহাৰ কৰক। অৰ্থাৎ গুটিখিনি খচি দিলে ফেন উঠিব সেই ফেন পানীৰে মূৰ ধুই দিয়ক চুলি কোমল আৰু চিক্চিকিয়া হ’ব। মূৰ ধোওঁতে শেষবাৰৰ পানীত আধা ফাল নেমুৰ ৰস মিহলাই লৈ মূৰত ঢালক। চাব চুলি কিমান উজ্জ্বল হৈ পৰিছে। একেদৰে ভিনেগাৰো ব্যৱহাৰো কৰিব পাৰে। শেষৰ পানী মগত আধা কাপ ভিনেগাৰ মিহলাই মূৰত ঢালক। চুলি উজ্জ্বল হ’ব। মূৰ ধোৱাৰ আগতে টেঙা দৈ আৰু বেচনৰ মিশ্ৰণ সানি আধা ঘন্টামান মূৰত সানি থওঁক। তাৰ পিছত মূৰটো ধুই পেলাওঁক। দেখিব আপোনাৰ চুলি একেবাৰে চিক্চিকিয়া হৈ পৰিছে। চুলিখিনি চেম্পু কৰাৰ পিছত কণীৰ কুহুম ফেটি লৈ আধা ঘন্টা চুলিত লগাই ৰাখক। পিছত ভালকৈ ধুই পেলাওঁক। এনে কৰিলে চুলি উজ্জ্বল হ’ব। শীতকালত চুলিৰ উজ্জ্বলতা বঢ়াবলৈ চুলিখিনি ধুই লোৱাৰ পাছত এটা নেমুৰ ৰসৰ এচামুচ মৌ ঢালি চুলিখিনি শুকুৱাই পেলাওঁক। পিছত ধুই পেলাব। দুটা পকা কলৰ বাকলিৰ সৈতে এটা কণী মিহলাই চুলি উজ্জ্বল আৰু মসৃণ হয়। দুই লিটাৰ পানীত দুচামুচ ভিনেগাৰ মিহলাই চুলিত ঢালিলে চুলিৰ উফি দূৰ হ’ব আৰু উজ্জ্বলতা বাঢ়িব। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।