চুলিখিনিৰ স্বাস্থ্য ভাল নহ’লে আপুনি যিমানেই প্ৰসাধন নকৰক কিয় সকলো নিৰৰ্থক। তাতে যদি এই মোহনীয় চুলিখিনি সৰি যায় তেতিয়াতো আৰু কথাই নাই। চুলি সৰিবলৈ ধৰিলে তলত দিয়া ধৰণে ব্যৱস্থা লওঁক- পিয়াজৰ ৰস ১)শেৱালি ফুল সকলোৱে চিনি পায় নিশ্চয়। এই ফুলৰ গুটি খুন্দি নাৰিকলৰ তেলত মিহলাই মূৰত সদায় ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হ’ব। ২) শুকান আৰু ৰুক্ষ চুলিৰ বাবে কণ্ডিচনিং কৰক। সপ্তাহত অন্তত: এবাৰকৈ কৰক। তিল তেল আৰু নাৰিকলৰ তেলত মুৰ্গীৰ কণী এটা ভাঙি ভালকৈ ফেটি লওঁক। তাৰ পিছত চুলিত ভালদৰে ঘঁহিব। এইদৰে ৩০/৩৫ মিনিট ৰাখি কুহুমীয়া পানীৰে ধুই পেলাওঁক। ৩) কিছুমানৰ চুলি ৰঙা তেওঁলোকক সপ্তাহত দুবাৰকৈ কৰক। চুলি ক’লা আৰু সুশ্ৰী হোৱাৰ লগতে সৰিবলৈ এৰিব। ৪) নেমুটেঙাৰ ৰস আৰু আমলখিৰ ৰস একেলগ কৰি মূৰত ঘঁহিলে চুলি সৰা বন্ধ হয়। ৫) তাক পৰা অৰ্থাৎ চকলা চকল মূৰৰ চুলি সৰা এটা বেমাৰ। চুলি সৰি যোৱা ঠাইত নেমুটেঙাৰ ৰস নিয়মিত ঘঁহিলে চুলি গজিবলৈ আৰম্ভ কৰে। সৰু পিয়াঁজ কাটি তাক পৰা ঠাইত ঘঁহিলেও চুলি গজাত সহায় হয়। ৬) ভিটামিন ‘বি কলপ্লেম’, ‘চি’ আৰু প্ৰ’টিনযুক্ত আহাৰ প্ৰচুৰ পৰিমাণে খাব লাগে। ৭) নিমপাতৰ ৰস আৰু পিয়াঁজৰ ৰস মিহলাই চুলিত লগালে ওকণি নোহোৱা হয় আৰু চুলি সৰাও বন্ধ হয়। ৮) আমলখিৰ ৰস আৰু গাজৰৰ ৰস মিহলাই চুলিত লগালে চুলি সৰা বন্ধ হ’ব আৰু চুলিকোচা ধুনীয়াও হ’ব। ৯) তিতা চুলি বান্ধি নাৰাখিব ঘামিলেই চেম্পু কৰি ধুই পেলাব। ১০) পিয়াঁজ পিহি চুলিত লগালে চুলি সৰা বন্ধ হয়। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।