চুলিৰ গুৰিৰ পৰা লেতেৰা পৰিষ্কাৰ কৰাৰ বাবে চুলিৰ গুৰিৰ পৰা লেতেৰা পৰিষ্কাৰ কৰাৰ বাবে মিথি পাউদাৰ দুই চামুচৰ লগত ভিনেগাৰ আধা কাপ পনীয়াকৈ মিহলাই ল’ব। পিছত এই মিশ্ৰণ চুলিৰ গুৰিত লগাই থৈ দিব। প্ৰায় ২০ মিনিট থৈ দিয়াৰ পিছত শ্বেম্পু কৰি দিব। ছালফাৰ ফ্ৰী শ্বেম্পু কৰি দিব। ছালফাৰ ফ্ৰী শ্বেম্পু ব্যৱহাৰ কৰিলে চুলি সৰাৰ সম্ভাৱনা নাথাকে। বেছি কেমিকেল ব্যৱহাৰ কৰা চুলিত বেছি কেমিকেল ব্যৱহাৰ কৰা চুলিৰ বাবে ছালকুঁৱৰীৰ জুলীয়া অংশ একাপৰ লগত এচামুচ গ্লিচাৰিণ মিহলাই ল’ব। ইয়াৰ লগত লেভেণ্ডাৰ অইল ১০ টোপাল মিহলাই চুলিত লগাব। ২০ মিনিটমান থকাৰ পিছত শ্বেম্পুৰে ধুই দিব। সপ্তাহত এবাৰকৈ কৰিলেও চুলিখিনি ভালেই থাকিব। কাৰণ ই চুলিত থকা কেমিকেলখিনি পৰিষ্কাৰ কৰি চুলিখিনিক কেমিকেলবিহীন কৰি পেলায়। শুকান, আগ ফটা চুলিৰ যতন চুলিৰ বাবে উল্লেখিত প্ৰলেপ অতি পুষ্টিকৰ। বিশেষকৈ যিসকলৰ চুলি অতি শুকান, আগ ফাটে, তেওঁলোকে এই মিশ্ৰণটো ব্যৱহাৰ কৰিব পাৰে। কণীৰ কুহুম দুটা, পকা কল এটা, পাউদাৰ গাখীৰ দুই চামুচ, নাৰিকল তেল একাপ, কমলাৰ ৰস চাহ চামুচেৰে এচামুচ। এই আটাইখিনি মিক্সিত মিহলাই ল’ব। পিছত চুলিত ভালদৰে লগাই এটা শ্বাৱাৰ কেপ পিন্ধিব। ২০ মিনিট পিছত শ্বেম্পু কৰি দিব। শুকান চুলিত কণীৰ মিশ্ৰণ শুকান চুলিত কণীৰ কুহুম চাৰিটাৰ সৈতে একাপ অলিভ অইল মিহলাই চুলিত লগাব। এই মিশ্ৰণ লগাই এটা শ্বাৱাৰ কেপ পিন্ধিব। পিছত ছালফাৰবিহীন শ্বেম্পুৰ দ্বাৰা শ্বেম্পু কৰি কণ্ডিচনাৰ ব্যৱহাৰ কৰিব। উৎস: সম্ভাৰ।