চুলি মানুহৰ সৌন্দৰ্যৰ প্ৰধান অংশ। এখিনি সুন্দৰ চুলিয়ে মানুহজনৰ বয়সক দেখাত কমাই ৰাখে। একোঁছা সুন্দৰ লহপহীয়া চুলি অন্যৰ ইৰ্ষাৰ কাৰণ। চুলি নহলে শৰীৰৰ সুন্দৰতাৰ আধা মাৰ্ক কাট খায়।যদি পাব লাগে ১০০%,কিন্ত্ত দিব ৫০% । তেনেহলে আজি কিয়নো এই চুলিখিনিৰ বিষয়ে কিছুমান কথা আজি জানি নলওঁ। চুলি কিয় সৰে (ক) সঠিক পুষ্টিৰ অভাৱ: চুলি এবিধ প্ৰটিনৰ দ্বাৰা গঠিত যাক কেৰাটিন( Keratin) বুলি কোৱা হয়। ইয়াৰ লগে লগে আয়ৰণ আৰু ভিটামিনেও চুলিৰ গঠনত এক সক্ৰিয় ভূমিকা লয়। সেয়ে শৰীৰত এনে পুষ্টিৰ অভাৱ হলে তাৰ পৰিপূৰ্ত্তিৰ বাবে ব্যৱস্থা লব লাগে। (খ) বয়স: বয়স বাঢ়ি অহাৰ লগে লগে চুলিবোৰ আকাৰত ক্ষীণাই আহে। কিয়নো বয়সৰ লগে-লগে শৰীৰৰ পুষ্টি গ্ৰহণ কৰাৰ ক্ষমতা হ্ৰাস পাই আহে। চুলিক বৃদ্ধিৰ বাবে ২২ এমিনো এচিডৰ প্ৰয়োজন। এই এচিডৰ অভাৱত চুলিৰ আকাৰ ক্ষীণাই আহে। সেয়ে এই অৱস্থাৰ পৰা কিছু পৰিত্ৰান পাবলৈ চয়াবিন, কম চৰ্বিযূক্ত মাংস,মাছ,গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত বস্ত্ত,কণী আৰু বাদাম পৰিয়াল ফল খাওঁক। ওমেগা-৩ ফেটি এচিডযূক্ত আহাৰ খাওঁক। সাগৰীয় মাছত এই এচিড প্ৰচুৰ পৰিমানে উপলব্ধ। (গ) হৰম’নৰ সাল-সলনি (Hormonal Changes): চুলিসৰা আৰম্ভ হয় উচ্চ বা নিম্ন হৰম’নৰ স্তৰৰ বাবে। কিয়নো হৰম’নে শৰীৰৰ সকলো অৰগেনক নিয়ন্ত্ৰণ কৰে। (ঘ) দুঃচিন্তা: দুঃচিন্তা,নিৰাশাৰ বাবেও চুলি সৰে। গতিকে ইয়াৰ পৰা মনক আতঁৰাই ৰাখি আনন্দত থকাৰ চেষ্টা কৰক।এনেধৰণৰ কাৰণত চুলি সৰাটো স্থায়ী নহয়। মনক চিন্তামূক্ত কৰিব পাৰিলে পুনৰ চুলি গজিঁবলৈ আৰম্ভ কৰে।এনে অৱস্থাত যথেষ্ঠ পানীখোৱাৰ অভ্যাস কৰাৰ লগতে দীঘলীয়া উশাহ-নিশাহ লোৱা আৰু এৰাৰ প্ৰণায়াম নিয়মিত কৰক। (ঙ)বংশগতি : বহুতো ক্ষেত্ৰত চুলি সৰা সমস্যাটোৱে বংশগতিৰ সূত্ৰক অনুসৰণ কৰে। গতিকে এনে অৱস্থাৰ আধাৰত চুলি ক্ষীণাই আহিলে বা সৰি তপা হলে তাৰ পৰা পৰিত্ৰান পোৱাৰ উপায় সাধাৰণতে একো নাই। (চ) দীৰ্ঘদিনীয়া অসূখত ভোগা: পুৰণি কেঞ্চাৰ, টায়ফ’য়ড আৰু জণ্ডিছ বেমাৰত ভূগি থাকিলে চুলি সৰে। কেম’থেৰাপি লোৱাৰ পিচত চুলি সৰা দেখা গলেও কিছুমানৰ পিচত আকৌ গজিঁ উঠে। ধুনীয়া একোঁছা চুলিয়ে সাধাৰণতে মানুহৰ ভিতৰৰ সূ-স্বাস্থ্যটোকহে প্ৰতিফলিতহে কৰে। যদিহে আপোনাৰ শৰীৰটোৰ কিবা সমস্যা আছে তেন্তে তাৰ বহিঃপ্ৰকাশ ঘটিব গাৰ ৰুক্ষ ছালখন আৰু চুলিকোছাঁত। (ছ) ঔষধৰ বাবেও চুলি সৰে: যেতিয়া কিছুমান বেমাৰত কিছুমান ঔষধ দীৰ্ঘদিন ধৰি খোৱা হয় তেতিয়াও চুলি সৰে। চকুৰ গ্লোক’মা,হৃদয় ৰোগ, ওজন হেৰুৱাৰ বাবে খোৱা ঔষধ, ষ্টেৰ’ইড যূক্ত ঔষধ, এন্টি ফাংগেল ঔষধ,উচ্চৰক্ত-চাপৰ ঔষধ,গাউট আৰু বাতবিষৰ ঔষধৰ দীৰ্ঘদিনীয়া ব্যৱহাৰে চুলি সৰোৱায়।জন্মৰোধক হৰম’নেল পিলৰ ব্যৱহাৰেও চুলি সৰোৱায়। (জ) থায়ৰ’ডৰ অসূখ: থায়ৰ’ডৰ অসূখত মানুহৰ চুলি সৰে।গতিকে ইয়াৰ বাবে উচিত চিকিৎসা লওঁক। আজিকালি বহুতো ল’ৰা-ছোৱালীক মই এই অসূখত ভোগাতো লক্ষ্য কৰিছো। হাতীৰ দৰে গাটো বাঢ়ি আহিলেই Thyroid test কৰাওক। (ঝ) ভেকূঁৰ সম্বন্ধীয় বেমাৰ: কিছুমান ফাংগেল অসূখতো চুলি সৰে। উফিয়ে চুলি সৰোৱায়। আনৰ টাৱেল,ফণী ইত্যাদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। আপুনি যদি চুইমিং পুলৰ নিয়মীয়া সদস্য তেন্তে আপোনাৰো fungal disease সংক্ৰমিত হব পাৰে। common shower ব্যৱহাৰ নকৰিব। Ringworm ক বাধা দিয়ক। (ঞ) প্ৰসূতিকালত চুলি সৰে: প্ৰসূতিকালত মহিলাৰ চুলি সৰে। এই চুলি সৰা সন্তান জন্মৰ পিচৰ পৰা আৰম্ভ হয়।কিয়নো সেই সময়চোৱাত মাতৃৰ দেহত হৰম’নৰ বহুতো সালসলনি হয়। (ট) অধিক ভিটামিন-এ খোৱাৰ ফলত: বহুতে অধিক ভিটামিন খায়। এওঁলোকৰ এইটো এক মেনিয়া। গাটো দূৰ্বল লাগিছে বুলিয়েই ভিটামিন খাব।অধিক হাৰত ভিটামিন খালে ই কেঞ্চাৰ ৰোগক নিমন্ত্ৰন দিয়াৰ লগতে চুলিও সৰোৱায়। এজন মানুহে কেৱল ৫০০০ আন্তৰ্জাতিক একক( International Units) ভিটামিন খোৱা উচিত। ই কিন্ত্ত স্থায়ী নহয়। ভিটামিন সঠিক মাত্ৰাত খাবলৈ ললেই এই সমস্যাৰ পৰা সকাহ পাব পাৰি। (ঠ) ভিটামিন-বিৰ অভাৱ: এই ভিটামিনৰ অভাৱতো চুলি সৰে।গতিকে এই সমস্যাত আপুনি খাদ্যৰ প্ৰতি লক্ষ্য কৰক। যিবোৰ খাদ্যই ভিটামিন-বিৰ যোগান ধৰে তেনে আহাৰ খাওঁক। মাছ,কম চৰ্বিযূক্ত মাংস,ষ্টাৰ্চযূক্ত শাক-পাচলি (বিশেষকৈ মাটিৰ তলত হোৱা আলু ইত্যাদি),বাদাম প্ৰজাতিৰ ফল ইত্যাদি খাওঁক। (ড) নাটকীয় ভাবে ওজন হেৰুৱা: এনে সমস্যাতো চুলি সৰে।স্বাস্থ্য সন্মত খাদ্য গ্ৰহণ কৰি,উপযূক্ত চিকিৎসা গ্ৰহণ কৰি এই সমস্যাৰ সতে মোকামিলা কৰক । (ঢ) চুলিত chemical ব্যৱহাৰ কৰাৰ ফলত: আজিকালি বিউটি-পাৰ্লাৰ বিলাকে হেয়াৰ ষ্টাইলৰ নামত গ্ৰাহকৰ মূৰত মাৰাত্মক ৰাসায়ন ব্যৱহাৰ কৰিববলৈ লৈছে। এনে ৰাসায়ন ব্যৱহাৰৰ পৰা আতঁৰত থাকক।নহলে আদবয়সতে চুলি সৰি লাওমূৰীয়া হবলৈ সাজূঁ থাকক। চুলিৰ ঘৰুৱা চিকিৎসা: (১) দৈৰ ব্যৱহাৰে চুলিক সতেজ কৰাৰ লগতে চুলি সৰা বন্ধও কৰে: দৈৰ ব্যৱহাৰে চুলিক সতেজ কৰাৰ লগতে চুলি সৰাও বন্ধও কৰে। ই চুলিৰ এটা আটাইতকৈ উত্তম কণ্ডিছনাৰ যাক বিভিন্ন ৰূপত চুলিৰ স্বাস্থ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি। দৈক জালুকৰ গুৰিৰ সৈতে ভালদৰে মিহলাই চুলিত সানক। যেতিয়া ই শুকাব ভালকৈ মূৰটো ধূই পেলাওঁক। নতুবা দৈ মৌজুলৰ সৈতে মিহলাই চুলিত সানক। মৌজুলেই হওঁক নতুবা নেমু ৰসেই হওঁক দৈৰ সতে মিহলাই চুলিত সানিলে ই চুলিৰ সেমেকা ভাবটো বৰ্ত্তাই ৰাখে যাৰ ফলত চুলি সৰা বন্ধ হয়। ই চুলিখিনিক চিকচিকিয়া(silky) কৰি ৰাখে। (২) নিতৌ খোৱা চাহ-কফি জাতীয় পানীয়ত থকা ক্যেফেইনৰ মাত্ৰাক নিয়ন্ত্ৰন কৰক: যদি আপোনাৰ চুলিখিনি ৰস-পম কমি শুকান খেৰৰ দৰে হৈ আহিছে তেন্তে চাহ-কফি খোৱাৰ কথাটোক পুনৰ ভাৱক। কিয়নো চাহ-কফিত নিহিত থকা ক্যেফেইন নামৰ ৰাসায়নিক পদাৰ্থবিধে শৰীৰত থকা প্ৰাকৃতিক পুষ্টিৰ উৎস বিলাকৰ মাত্ৰাক কমাই আনে যাৰ ফলত চুলি সৰা আৰম্ভ হয়। কিয়নো চুলিৰ বাবে পুষ্টিৰ খূবেই প্ৰয়োজন। সেয়ে চাহ-কফি কমাই কিবা স্বাস্থ্য সন্মত পানীয় খাবলৈ লওঁক। (৩) প্ৰচুৰ পৰিমানে দিনটোত পানী খাওঁক: গাটোত থকা পানীৰ মাত্ৰাক এটা স্বাস্থ্য সন্মত স্থিতিত ৰাখক। গৰমৰ দিনত অফিচলৈ বা স্কুল-কলেজলৈ নিয়া এবটল পানীৰেই কপাহ তিয়াই জিভা ভিজোঁৱাৰ দৰে এঢোক-এঢোক পানী খায় দিনটো পাৰ নকৰিব। শৰীৰত পানীৰ পৰিমান কমি গলে স্বাস্থ্যৰ অন্যান্য ক্ষতি হোৱাৰ লগতে চুলি সৰাও আৰম্ভ হ'ব। (৪) ব্যায়াম কৰা আৰম্ভ কৰক: নিয়মিত ব্যায়াম কৰিলে চুলিৰ গঠন ভাল হয়। আপুনি আচৰিত হৈ যাব যে শৰীৰ চৰ্চাইনো মোৰ চুলিৰ বাবে ইমান ভাল কাম কৰিছেনে। কেনেকৈ ? ব্যায়ামে আপোনাৰ শৰীৰৰ metabolism ক (শৰীৰৰ সকলো ৰাসায়নিক বিক্ৰিয়া) সঠিক ৰূপত ৰাখে। ব্যায়ামে জথড়তা দূৰ কৰে। ফলত শৰীৰে আপুনি খোৱা আহাৰৰ পৰা সঠিক ৰূপত পুষ্টি গ্ৰহণ কৰিবলৈ সক্ষম হয়। ব্যায়ামে সূখী হৰমোণ বোৰক সক্ৰিয় কৰি তোলে যাৰ বাবে আপোনাৰ চুলি স্বাস্থ্যৱান হৈ আহে। (৫) আনন্দত থকাৰ অভ্যাস কৰক: গোমোঁঠা প্ৰকৃতিৰ মানুহৰ চুলি বেচিকৈ সৰে। সেয়ে আনন্দ মনেৰে থকাৰ অভ্যাস কৰক। মুখখন অনবৰতে ডাৱৰীয়া বতৰৰ দৰে ওন্দোলাই নাথাকিব। হাহিঁ-মাতি বন্ধু-বান্ধৱৰ সৈতে ৰং-ধেমালি কৰি দিনবোৰ পাৰ কৰক। টেনশ্যনত থকা মানুহৰ কিন্ত্ত চুলি বেচিকৈ সৰে। (৬) চুলিত গৰম সেক বেচিকৈ ন’লব চুলিত গৰম সেক বেচিকৈ ন’লব।আজিকালি হিট দি-দি বহুতো ল’ৰা বা ছোৱালীয়ে চুলিবোৰ বেলেগ-বেলেগ ভাজঁ দি বৰ অথালি-পথালিখন কৰি থাকে। ই হ’ল চুলিৰ ওপৰত কৰা এক অত্যাচাৰ। দেখিব এনে কৰোতে কৰোতে ৰস-পম নোহোৱা হৈ চুলিখিনি লাহে-লাহে একেবাৰে থৈলাৰ মৰাপাটৰ পচাঁ ৰচীৰ দৰে ক্ষীণাই-শুকাই আহিছে আৰু বতাহত ফিৰফিৰিয়া হৈ উৰিবলৈ ধৰিছে। এটা সময়ত আপোনাৰ নাপিতৰ খৰচটোকো একেবাৰেই নোহোৱা কৰি পেলাইছে। বিশেষ প্ৰয়োজন নহলে চুলিত হিট নিদিব। (৭) বেচি গৰম পানীৰে চুলিত নুধূব: বেচি গৰম পানীৰে চুলি নুধূব। অধিক গৰমপানী আচঁলতে চুলিৰ বাবে ক্ষতিকাৰক। সদায় চুলি ঠাণ্ডা পানী বা কোঠাৰ উষ্ণতাৰ (room temperature) সৈতে একে উষ্ণতা মাত্ৰাৰ পানীৰেহে মূৰ ধূব। যেতিয়া চাৱাৰৰ তলত অধিক উষ্ণতাৰ পানীৰে মূৰ ধোৱা আৰম্ভ কৰিব তেতিয়া দেখিব আপোনাৰ চুলিখিনি ক্ষীণাই-শুকাই আহিছে। (৮) চুলিৰ ওপৰত ছাপ কম কৰক: সদায় এনে এক চুলিৰ ষ্টাইল নকৰিব যিটোৰ বাবে আপুনি চুলিখিনি জোৰেৰে টানি-টানি বান্ধি ৰাখিব লগা হয়। কিছুমান ল’ৰাকো আজিকালি দেখা যায় যে ছোৱালীৰ দৰে চুলি ৰাখি জেল সানি কপাল উলিয়াই ফকিৰৰ দৰে চুলিখিনি টানি বান্ধি ৰাখে। এনে ষ্টাইলে চুলিৰ ওপৰত ছাপ বৃদ্ধি কৰে আৰু ই আপোনাৰ আগতালুৰ গৰাখহনীয়া কৰি গৈ থাকে।Back brass কৰা ষ্টাইলো পৰাপক্ষত বাদ দিয়ক। ই চুলিৰ বাবে মঙ্গল নহয়। (৯) আপোনাৰ ভিঁজা চুলিখিনিৰ সতে নম্ৰ ব্যৱহাৰ কৰক: সাধাৰণতে গাধোৱাৰ পিচত কিছুমানক এখন টাৱেলেৰে চুলিখিনিক মৰণা মৰাদি মাৰি-মাৰি শুকুৱা দেখা যায়। সেই কাম মুঠেই নকৰিব। নহলে চুলিখিনিয়ে মাৰৰ কোবত আপোনাৰ লগত নাথাকিব। লাহে-লাহে মচি তাক সাধাৰণ ভাবে শুকাবলৈ দিয়ক। ভিঁজা চুলিত ফণি নামাৰিব। নহলে ই আপোনাৰ চুলি সৰা আৰম্ভ কৰি দিব। (১০) অভাৰ হেয়াৰ ষ্টাইল নকৰিব চুলিত সাধাৰণতে কেমিকেল ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। আজিকালি বহুতো ল’ৰা আৰু কম সংখ্যক ছোৱালীকো চুলিখিনিত ব্লিছিং কৰি ৰঙ উঠাই এফালে ক’লা, এফালে মূগা ,এফালে বগা ইত্যাদি নানা চাবলৈ মন নোযোৱা ৰঙৰে বোলাই লোৱা দেখা যায়। ই চুলিখিনিৰ সহজাত কোমলতাক একেবাৰে ধ্বংস কৰি দিয়ে। তেনে ব্যক্তিৰ চুলিখিনিত এবাৰ হাত বোলাই চাব, চকু মুদি থাকিলে আপুনি গড়ঁৰ চুলিত হাত বোলাই থকা যেন লাগিব। মই পৰীক্ষা কৰি চোৱা আছে। আচলতে এনে ব্যক্তিয়ে নিজৰ চুলিখিনিক অতি বেয়া পায় বাবেই তাৰ ওপৰত ইমান অত্যাচাৰ কৰে। এনে কাৰ্যই চুলিৰ silky অৱস্থাতোক একেবাৰে শেষ কৰি দিয়ে। বিউটি পাৰ্লাৰ বিলাকেও বহুতৰ চুলিৰ গৰা-খহনীয়াত সহায় কৰি আহিছে। চুলিৰ Perming,rebonding ইত্যাদি বোৰ সাধাৰণতে কৰাবলৈ নাযাব। চুলিত ৰ’দ ভৰাই কেমিকেল দি টানি-টানি তাক পোন বা কেকোঁৰা কৰিবলৈ নাযাব। বাৰে বাৰে কৰা এনে কাৰ্যই চুলিখিনিক খূওব সোনকালে আপোনাৰ পৰা আতঁৰাই পঠাব। বৰ টানকৈ বান্ধি ৰাখিব পৰা ৰবৰ বেণ্ড বা চুলিৰ ক্লিপ ইত্যাদি বোৰ পৰাপক্ষত ব্যৱহাৰ নকৰিব। চুলিখিনি সম্পূৰ্ণকৈ থাকিলে সিয়েই আপোনাৰ এক ভাল ষ্টাইল, কিন্ত্ত চুলিৰ ওপৰত অত্যাচাৰ কৰি কৰি তপা হৈ আহিলে সকলো মিছা। আপুনি লাগিলে ট্যাইটানিয়াম খটূৱা হীৰাৰ নেকলছ পিন্ধক,সকলো ফূটূকাৰ ফেন। বয়স যদি ৩০ বছৰ,আপোনাক দেখি ৪৫ বছৰীয়া ব্যক্তি যেন লাগিব। (আপুনি আজিকালি টিভিত চাবছোন....দুজনীমান ছোৱালী ওলায় যেন সিহঁতৰ চুলিবোৰ কোনোবাই কিবা চুৰ কৰাৰ বাবে দাৰে কাটি দিলে,খবলা খবলি....এক বেলেগ ধৰণৰ step-cut...আগতে নগা বুঢ়া-বুঢ়ী বিলাকে তেনেদৰে দাৰে চুলি কাটিছিল। আনতকৈ কিছু বেলেগ দেখাব লাগে বোলে....সেয়াহে fashion,লাগিলে ৰাজ-ভৰাঁল উদঙেই হওঁক। এক মৰমৰ ভাবেৰে চুলিখিনিৰ যতন লওঁক...ষ্টাইল কৰক...তেতিয়াহে এই প্ৰাণীবোৰ আপোনাৰ সতে বহুদিন একেলগে বাস কৰিব। (১১) বিশেষ প্ৰয়োজন নহলে হেনা ব্যৱহাৰ নকৰিব। ক’ৰণো কোম্পানীয়ে পেকেটত গোটেইখিনি জেতুকাকে দিয়ে। আজিকালি ইয়াত chemical থাকে। সেয়ে ইয়াৰ সঘন ব্যৱহাৰে চুলিবোৰৰ আকাৰ ক্ষীণ কৰি আনে। চুলিৰ স্থিতিস্থাপকতা গুণটোক ধ্বংস কৰি দিয়ে,চুলিখিনি পিচলৈ মিহি তাৰঁৰ দৰে হৈ পৰে,লক্ষ্য কৰক কথাটো,বতাহত যেতিয়া আপোনাৰ চুলি উৰিব সি একেফালেই উৰি থাকিব, গতি সলনি নকৰে। যদি হেনা কৰে তেতিয়া হ’লে জেতুকাৰ সতেজ পাত পিহিহে মূৰত ব্যৱহাৰ কৰক। এনেয়েও আয়ূৰ্ব্বেদ শাস্ত্ৰৰ মতে বনৌষধিৰ সতেজ পদাৰ্থই বা পাতে যিটো কাম দিব শুকান অৱস্থাত সেই একে পদাৰ্থই ১/৪ ভাগহে কাম কৰিব। (১২) স্বাস্থ্য সন্মত পুষ্টিকৰ খাদ্য খাওঁক: চুলি আপোনাৰ শৰীৰৰ এক অংশ,সেয়ে যেতিয়া শৰীৰটোৰ ভিতৰৰ স্বাস্থ্য ভালে থাকিব তেতিয়াহে চুলিখিনিৰো স্বাস্থ্য ভালে থাকিব। চুলিখিনি প্ৰটিনৰ পৰাহে জন্ম লয় আৰু ইয়াৰো গছৰ দৰে গুৰি থাকে।এজোপা গছৰ দৰে লহপহকৈ গজিঁ উঠিবৰ বাবে ইয়াৰো গুৰিকো পৌষ্টিক আহাৰ লাগে । সেয়ে সদায় স্বাস্থ্য সন্মত পুষ্টিকৰ খাদ্য খাওঁক। junk-food, fast-food ইত্যাদিবোৰ খোৱাৰ পৰা সাধাৰণতে দূৰত থাকক। এনে আহাৰে প্ৰথমে আন্ত্ৰিক প্ৰক্ৰিয়াত আঘাত সানে আৰু তাৰ পিচতেই চুলিৰ গৰাখহনীয়া আৰম্ভ হয়। দিনটোত কমেও ৮ ৰ পৰা ১০ গিলাচ পানী খোৱাৰ অভ্যাস কৰক। (১৩) আপোনাৰ মূৰৰ ওপৰৰ ছাল (Scalp) খনত নিয়মিত ৰূপত মাছাজ দিয়ক: চুলিৰ গুৰিবিলাকত ৰক্তপ্ৰৱাহৰ গতিবিধিক সঠিক ৰূপত ৰাখিবলৈ ছালখনত মালিছ দিয়াতো অতিকৈ প্ৰয়োজন। আপুনি গৰম তেলৰ মালিছ বা ভৰণ দিয়াৰ পদ্ধতিবোৰ ব্যৱহাৰ কৰিব পাৰে। মনত ৰাখিব যাতে বেচি গৰম তেলেৰে যেন মূৰ মালিছ নকৰে। নহলে ই সিতে বিপৰীত হব। কেনেকৈ কৰিব তাৰ দুটামান উপায় শুনক। নাৰিকল তেল, চূণ পানী আৰু নেমু ৰস একেলগে ভালদৰে মিহলাওঁক। তাৰে লাহে-লাহে মূৰ মালিছ কৰক,ই আপোনাৰ চুলি সৰা বন্ধ কৰিব। বাদাম তেল, তিলতেল,লেভেণ্ডাৰ তেল (lavender) ইত্যাদি বিলাকেৰে মালিছ কৰিলেও বহুত উপকাৰ পোৱা যায়। সতেজ ধনিয়া পাতৰ ৰসেৰে মূৰ মালিছ কৰিও চুলিসৰা ৰোধ কৰিব পাৰি। ২৫০ গ্ৰাম জেতুকা পাত সৰিয়হৰ তেলত কম জুইত বইল কৰক।ই যেতিয়া ৬০ গ্ৰামলৈ আহিব তেতিয়া তেলখিনি সযতনে থৈ দিয়ক।ইয়াৰে মালিছ কৰিলে অতি উপকাৰ পাব। মেথিগুটি নাৰিকল বা সৰিয়হ তেলত বইল কৰক। নিয়মিত তাৰে মূৰ মালিছ কৰক। চুলি সৰা বন্ধ হব। নাৰিকল পিহি ইয়াৰ গাখীৰখিনি উলিয়াই লওঁক,ইয়াৰে নিয়মিত মালিছ কৰিলেও আপোনাৰ চুলি সৰা বন্ধ হব। (১৪) চুলিত সদায় নামী কোম্পানীৰ হাৰ্বেল প্ৰডাক্টহে ব্যৱহাৰ কৰিব: চুলিত কোম্পানীৰ কিবা প্ৰডাক্ট ব্যৱহাৰ কৰিব লগা হ’লে নামী হাৰ্বেল কোম্পানীৰ প্ৰডাক্টহে ব্যৱহাৰ কৰিব।দেখাক দেখি যা-তা কোম্পানীৰ প্ৰডাক্ট ব্যৱহাৰ কৰি চুলিখিনিৰ বিপদ মাতি নানিব।টিভিত যিবিলাক কোম্পানীৰ প্ৰডাক্টে আপোনাৰ তপা মূৰত চুলি গঁজাব বুলি আশ্বাস দি থাকে,গোকাট মিছা কথা,অঁ অৱশ্যে এটা কথা সচাঁ যে তেনে ৰাসায়নৰ ব্যৱহাৰে আপোনাৰ বাকী থকা চুলিকিডাল সৰুৱাব পাৰিব। (১৫) চুলি পৰিষ্কাৰ কৰি ৰাখক: চুলি সৰা বন্ধ কৰিবলৈ চুলিখিনিক পৰিষ্কাৰ কৰি ৰাখক।চুলিখিনি ওকনি,উফি ইত্যাদিৰ পৰা বচাই ৰাখক। চুলিসৰা ৰোধৰ বাবে কেইটামান (Preventive Packs) : পেক ১: Aloe Vera (অসমীয়াত চাল-কুৱঁৰী):চালকুৱঁৰীৰ ৰস, আমলখি ৰস,চিকাকাই আৰু নিমৰ পাউদাৰ একেলগে মিহলাই চুলিত সানক।ই চুলিক এক চিকচিকিয়া ৰূপ দিয়াত সহায় কৰিব আৰু চুলিসৰা বন্ধ কৰিব। পেক ২ : জেতুকাৰ ৰস, কণীৰ বগা অংশ আৰু দৈ একেলগে মিহলাই সানিলে চুলিসৰা বন্ধ হয়। পেক ৩ : মৌজুল,জলফাই তেল আৰু দালচেনি পাউদাৰ মিহলাই চুলিত সানিলেও চুলিৰ গঠন বহু ভাল হয়। পেক ৪ :নিমৰ পাতৰ পেষ্টেৰে মূৰ ধোৱক। তাৰ পিচত apple cedar vinegar(বজাৰত উপলব্ধ) ৰৰ সহায়ত আকৌ মূৰটো ধূই পেলাওঁক। পেক ৫: নিমপাত পানীত সিজাঁওক। পানীখিনিৰ পৰিমান আধা হৈ অহালৈকে সিজাঁই থাকক। তাৰ পিচত তাক ঠাণ্ডা হবলৈ দিয়ক। এনে পানীৰে সপ্তাহত অন্তঃত এবাৰ মূৰ ধোৱক। পেক ৬: আমলখি নাৰিকল তেলত তেতিয়ালৈকে বইল কৰক যেতিয়ালৈকে তেলখিনিৰ ৰঙ ক’লা হৈ নাহে।পিচত ঠাণ্ডা হলে এই তেলেৰে মূৰ মালিচ কৰক।ই এটা চুলি সৰা বন্ধ কৰাৰ অতি উত্তম ঘৰুৱা চিকিৎসা। (১৬) শ্বেম্পূ ব্যৱহাৰ কৰোতে সাৱধান হওঁক শ্বেম্পূ ব্যৱহাৰ কৰোতে সাৱধানতা গ্ৰহণ কৰক। কোম্পানীৰ প্ৰচাৰ দেখিয়েই চোকা শ্বেম্পূ ব্যৱহাৰ নকৰিব। পাৰিলে সন্মানীয় হাৰ্বেল কোম্পানীৰ শ্বেম্পূহে ব্যৱহাৰ কৰিব। বজাৰত উপলব্ধ বহুতো শ্বেম্পূ মানুহৰ চুলি সৰোৱাৰ বাবে দায়ী। (১৭) শৰীৰত ভিটামিনৰ মাত্ৰাক সঠিক ৰূপত ৰাখক চুলিৰ ভাল গঠনৰ বাবে শৰীৰত ভিটামিনৰ মাত্ৰাক সঠিক ৰূপত ৰাখক। ভিটামিন-এ, বি-কমপ্লেক্স আৰু ই ইয়াৰ বাবে প্ৰধানকৈ দায়ী। প্ৰতেক বিধেই চুলিৰ গঠনৰ বাবে শৰীৰত এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। ভিটামিন বি-কমপ্লেক্সে চুলিৰ গঠন আৰু চুলিসৰা নিয়ন্ত্ৰণত প্ৰধান ভূমিকা গ্ৰহণ কৰে।ভিটামিন-চিয়ে আগতীয়া বয়সত চুলি পকা কথাটোক নিয়ন্ত্ৰণ কৰে। (১৮) শৰীৰত লোহাৰ (Iron) মাত্ৰাক সঠিক ৰূপত ৰাখক: আয়ৰণৰ অভাৱতো মানুহৰ অধিক ৰূপত চুলি সৰিবলৈ লয়। চাব যিসকল মহিলা anemia ৰোগত আক্ৰান্ত তেওঁলোকৰ অতিপাত চুলি সৰা দেখা যায়।সেয়ে এই অভাৱৰ পৰিপূৰ্ত্তিৰ বাবে চিকিৎসা লওঁক। লিখক: ইমৰান হুছেইন।