আপুনি জেতুকা পাতৰ চুৰ্ণ আৰু নিমৰ পাতৰ চুৰ্ণ সমান মাত্ৰাত ল’ব। একে লগে মিহিকৈ বটি চুলিত লগাব। এনেদৰে এমাহ লগালে চুলিৰ বগা অংশ ক’লা হ’ব। নিম পাত এক ভাগ, বেলপাত একভাগ দুয়োটা ভালকৈ পিহি মূৰত প্ৰলেপ দি ১২ ঘণ্টাৰ পিছত ধুই পেলাব। ই চুলি গজাত সহায় কৰে। আপোনাৰ চুলিৰ ৰং যদি সোণালী কৰিব বিচাৰে তেন্তে ৫০ গ্ৰাম আকাশী লতাক এককিলো পানীত উতলাই সেই পানীৰে মূৰৰ চুলি ধুলে চুলি সোণালী হৈ উঠে। আমৰ আটিৰ তেল মূৰৰ চুলিত মালিচ কৰিলে চুলি সৰা বন্ধ হয় আৰু পকা চুলি ক’লা হয়। তুলসী পাতৰ ৰস আৰু নেমুৰ ৰস দুয়োটা সমান মাত্ৰাত মিহলাই মুখত সানিলে মুখৰ বলি ৰেখা ৰোধ কৰে। জাইফল গাখীৰৰ সৈতে পিহি ব্ৰণৰ ওপৰত লগালে ব্ৰণ ভাল হয়। মৌ জোলৰ সৈতে পিয়াঁজৰ ৰস মিহলাই মুখত সানিলে ব্ৰণ ঠিক হয়। মুখৰ সৌন্দৰ্য বঢ়াবলৈ – তিলতেল, হালধি, গাখীৰ মিহলাই সামান্য গৰম মুখত প্ৰতি দিনে লগাব পাৰে। আপোনাৰ দাঁতত যদি ময়লা থাকে কোনো মাজনতে দাঁত জিলিকি নুঠে তেন্তে আপুনি তেজপাতৰ শুকান গুড়িৰে প্ৰতি তিনিদিনৰ মূৰে মূৰে এবাৰ দাঁত পৰিস্কাৰকৈ ঘঁহিব। চাব আপোনাৰ দাঁত চক্চকিয়া হৈ জিলিকি উঠিব। কিড্নী পাথৰৰ বাবে যদি কষ্ট অনুভৱ কৰে তেন্তে ক’লা জিৰা পিহি মৌৰ লগত মিহলাই খাওঁক। কিছু দিনৰ প্ৰয়োগে আপোনাৰ পাথৰ উলিয়াই দিব। ক’লা জিৰা পিহি চুলিৰ গুৰিত প্ৰতি দিনে মালিচ কৰক আৰু মালিচ কৰাৰ এক বা আধা ঘণ্টা পিছত পানী দি মূৰ ধুই পেলাব। চুলি সৰা বন্ধ আৰু চুলি গজায়। পেট বিষালে ২টা সৰু ইলাচি মৌৰ লগত মিহিকৈ পিহি জিভাৰে চেলেকি খাওঁক। পেটৰ বিষ আৰাম পাব। নিমখ মূৰৰ যন্ত্ৰণাৰ ভাল ঔষধ। এক টিপা নিমখ জিভাত লৈ থাকক আৰু ১০ মিনিটৰ পিছত এক গিলাছ ঠাণ্ডা পানী খাওক। মূৰৰ বিষ তৎক্ষণাত কমি যাব। লেখিকা: চিত্ৰাৱলী বৰুৱা আচাৰ্য্য, বনদৰব আৰু আৰোগ্য।