সকলো নাৰীয়ে নিজৰ চুলিকোছাক স্বাস্থ্যোজ্জ্বল, ছিল্কী হোৱাটো কামনা কৰে। বিভিন্ন কাৰণত চুলিৰ আগ ফটা, ৰুক্ষতা, চুলি সৰা সমস্যাই দেখা দিয়ে। ইয়াৰ উপৰি অত্যধিক মাত্ৰাত কেমিকেলযুক্ত তেলৰ ব্যৱহাৰ, বতৰৰ কুপ্ৰভাৱ আৰু সঠিক পৰিচৰ্যাৰ অভাৱৰ ফলত দিনক দিনে চুলিকোছা বেয়া হ’বলৈ ধৰে। ইয়াৰ ফলত নাৰীৰ বাবে কাংক্ষিত স্বাস্থ্যোজ্জ্বল, ছিল্কী চুলিৰ সপোন সপোন হৈয়ে থাকে। পিছে যিয়েই নহওক, যি চুলিকোছাৰ বাবে নাৰী আনৰ ওচৰত ঈৰ্ষণীয়ৰ কাৰণ হৈ উঠে, সেই অতিকৈ প্ৰিয়-আপোন বস্তুবিধক অবাবতে নষ্ট হ’বলৈ দিব নোৱাৰি। কেৱল মাত্ৰ এটা মাক্সে আপোনাৰ চুলিক স্বাস্থ্যোজ্জ্বল, ছিল্কী কৰি তুলিবলৈ সক্ষম। আপুনি আজিয়েই ব্যৱহাৰ কৰি চাওক।

ডীপ কণ্ডিশ্বনিং হেয়াৰ মাক্সঃ

প্ৰস্তুত প্ৰণালীঃ এটি পকা কল (ডাঙৰ আকাৰৰ), ২ টেবুল চামুচ নাৰিকলৰ গাখীৰ (অত্যধিক পৰিমাণৰ শুষ্ক চুলি হ’লে আৰু এচামুচ দিব), ২ টেবুল চামুচ মৌ।

পদ্ধতিঃ প্ৰথমে কলটো কেইবাটুকুৰা কৰি লওক। তাৰ পাছত কলখিনিৰ ওপৰত বাকী থকা উপকৰণ ঢালি দি ভালকৈ এটা মিশ্ৰণ তৈয়াৰ কৰিব। এই মিশ্ৰণখিনি চুলিৰ গুড়িৰ পৰা আগলৈকে লাহে লাহেকৈ মেছেজ কৰক। অলপ সময় মেছেজ কৰি প্লাষ্টিকৰ বেগ বা চাওৱাৰ কেপেৰে ৩০ মিনিটৰ বাবে আপোনাৰ চুলিখিনিক ঢাকি থ’ব। ৩০ মিনিটৰ পাছত চেম্পুৰে ধুই দিব। এই মাক্সে চুলিত মেজিকৰ দৰে কাম কৰে। প্ৰথমবাৰ ব্যৱহাৰেই আপোনাৰ চুলিত আনি দিব আমূল পৰিৱৰ্তনৰ ইংগিত। যি পৰিৱৰ্তন আন কোনো মাক্সে দিব নোৱাৰে। প্ৰাকৃতিক গুণসম্পন্ন এই মাক্স সপ্তাহত এবাৰ ব্যৱহাৰ কৰিব পাৰে।

লিখক: প্ৰতীক্ষা প্ৰিয়ম

উৎস:অসমীয়া খবৰ