চমু বিৱৰণ

নিঃসন্দেহে বিগত কেইটামান দশকত মানুহৰ খাদ্যাভ্যাসৰ আমূল পৰিৱৰ্তন ঘটিছে আৰু সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিছে। এনে পৰিৱৰ্তন হেতুকে জাংক ফুডৰ জনপ্ৰিয়তা অভাৱনীয়ভাৱে বাঢ়িছে আৰু ৰসাল বাৰ্গাৰ আৰু শীতলীকৃত বোলা জাতীয় দ্ৰব্যবোৰে বজাৰ ইতিমধ্যে দখল কৰিছে। পিছে শেহতীয়াভাৱে যেন সৰ্বসাধাৰণ তথা প্ৰশাসনৰ মাজত সুবুদ্ধিৰ উদয় হৈছে। স্কুলত আৰু ইয়াৰ চৌদিশে অৱস্থিত খাদ্যৰ বিপণীবোৰত চোলে-বটুৰে আৰু উপৰিউক্ত খাদ্যবোৰৰ বিক্ৰী বন্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। ভাৰত চৰকাৰৰ নাৰী আৰু শিশু কল্যাণ মন্ত্ৰী দপ্তৰৰ সৌজন্যত গ্ৰহণ কৰা এক উদ্যোগ অনুযায়ী সমগ্ৰ ভাৰততে এই প্ৰয়াস কাৰ্যসূচী কৰা হ’ব। প্ৰকৃতাৰ্থত এই প্ৰয়াস কাৰ্যকৰী হ’লে স্কুলৰ কেণ্টিনবোৰত এনেবোৰ দ্ৰব্যৰ প্ৰস্তুতি আৰু বিক্ৰী নিষেধ কৰা হ’ব- কাৰ্বনযুক্ত শীতল পানীয়, পটেটো চিপ্ছ, পিজ্জা, বাৰ্গাৰ আৰু ছামোছা (ছিংৰা) লেখীয়া বেছিকৈ ভজা-জ্বলা খাদ্যবোৰো ভৱিষ্যতে নিষিদ্ধ হ’বলগীয়া এই তালিকাখনৰ অন্তৰ্ভুক্ত।

পুষ্টিৰ দিশত জাংক ফুড

উপৰিউক্ত মন্ত্ৰী দপ্তৰৰ এগৰাকী যুটীয়া সচিবে মন্তব্য কৰে- সমগ্ৰ দেশৰে স্কুলবোৰৰ কেণ্টিনত প্ৰস্তুত কৰা আৰু বিক্ৰী হোৱা খাদ্যবোৰৰ সৰহখিনিয়েই পুষ্টিৰ দিশৰ পৰা নিম্নমানযুক্ত। শৈশৱকালীন মেদবহুলতাৰ সমস্যাৰ পৰিসৰ ব্যাপকতৰ হোৱাৰ লগে লগে জনস্বাস্থ্যৰ খাটিৰত এনে নিষেধাজ্ঞাৰ প্ৰয়োজনীয়তা আহিছে।

বিদ্যালয়বোৰৰ ওচৰে-পাঁজৰে ধঁপাতজাতীয় দ্ৰব্য আৰু মদৰ বিক্ৰী বন্ধ কৰাৰ দৰে ওপৰত উল্লিখিত স্বাস্থ্যৰ বাবে অপকাৰী দ্ৰব্যবোৰৰ বিক্ৰী বন্ধ কৰাৰ প্ৰয়াস হাতত লোৱা হৈছে। পিছে তাৰ পূৰ্বে জাংক ফুডৰ সংজ্ঞা নিৰূপণৰ অতীৱ প্ৰয়োজনীয় তাত আহি পৰে। এই উদ্দেশ্য সাৰোগত কৰি ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ খাদ্য সুৰক্ষা তথা মাপ নিৰ্ণায়ক প্ৰশাসনৰ বিষয়াসকলৰ সৈতে সংশ্লিষ্ট বিশেষজ্ঞসকলৰ ভালেকেইখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। তদুপৰি নতুন দিল্লীস্থিত এইমছ, আই চি এম আৰ আৰু আই চি এ আৰৰ বিজ্ঞানীসকলৰো মতমত লোৱা হৈছে। এই বিষয়ে এতিয়াও কাৰিকৰী পৰ্যায়ত বহুখিনি আলোচনা চলি আছে আৰু ইয়াৰ অন্তত ক’ব পৰা যায় যে এই বিষয়টোত নিৰ্দেশনাৱলীহে প্ৰণয়ন কৰা হ’ব নে আইন প্ৰণয়ন কৰিবলগীয়া হ’ব।

প্ৰাথমিক পৰ্যায়ত জাংক ফুড

প্ৰাথমিক পৰ্যায়ত জাংক ফুডৰ তালিকা এখন ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। আমি সতকাই খোৱা কেতবোৰ আহাৰৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে- ক্ৰীম ৰোল, ৱেফাৰ, ভজা পুৰি আৰু বাৰ্গাৰ। প্ৰকৃততে তেলত বেছিকৈ ভজা যিকোনো খাদ্যই এই তালিকাখনৰ অন্তৰ্ভুক্ত কৰা হৈছে।

ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা তথা মাপ নিৰ্ণায়ক প্ৰশাসনৰ বিজ্ঞানীসকলে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিকল্প স্বাস্থ্যকৰ আহাৰৰ সন্ধানত আছে। যিবোৰ খাদ্যত চৰ্বি তাকৰীয়া মাত্ৰাত থাকে আৰু কাৰ্ব’হাইড্ৰেট তথা প্ৰ’টিন সৰহীয়া পৰিমাণে থাকে সেইবোৰকে স্বাস্থ্যৰ বাবে উত্তম বুলি গণ্য কৰা হয়। উদাহৰণস্বৰূপে ৰাজমাহ আৰু ভাতৰ কথা উল্লেখ কৰিব পাৰি। অৱশ্যে এই সমগ্ৰ পৰিঘটনাটি সৰ্বজনৰ বাবে গ্ৰহণযোগ্য বুলি ক’ব নোৱাৰি। কেতবোৰ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ পিনৰ পৰা আপত্তিৰ জোৱাৰ উঠিছে। বিশেষকৈ আটাইবোৰ ছাত্ৰ-ছাত্ৰীৰ টিফিন বাকচ নিৰীক্ষণ কৰাটো একপ্ৰকাৰৰ অসম্ভৱ কাম বুলি তেওঁলোকে মত পোষণ কৰে। আন এটা প্ৰাসংগিক দিশ হৈছে যে ঘৰত এনেধৰণৰ অপকাৰী খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধা দিয়া একপ্ৰকাৰ বাতুলামি বুলি তেওঁলোকে ভাবে।

আহাৰত চৰ্বি

আহাৰত চৰ্বিৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা বুলি এচামে মত পোষণ কৰে। প্ৰাপ্তবয়স্কসকলৰ তুলনাত শৈশৱকালত চৰ্বিৰ প্ৰয়োজনীয়তা বেছি। খেলা-ধূলা, দৌৰা-ধাপৰা কৰাৰ সময়ত সঞ্চিত শক্তিৰ বহুখিনি ক্ষয় হয়। গতিকে অতিৰিক্ত কিছু মাত্ৰাত চৰ্বিৰ প্ৰয়োজনীয়তা আছে। সামান্য মাত্ৰাত জাংক ফুড সেয়েহে শিশুসকলৰ বাবে দৰকাৰী। প্ৰকৃততে খাদ্যত আটাইবোৰ উপাদানেই কিঞ্চিত্ মাত্ৰাত গ্ৰহণ কৰিব লাগে। ইতিমধ্যে মন কৰিবলগীয়া কথাষাৰ হৈছে যে ভাৰতৰ ভালেকেইখন বিখ্যাত স্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ টিফিনত চৰ্বিযুক্ত খাদ্যৰ প্ৰচলন বন্ধ কৰা হৈছে। এইবোৰৰ ভিতৰত বাংগালোৰৰ বিছপ কটন স্কুলৰ নাম উল্লেখনীয়। এই সুবিখ্যাত স্কুলখনৰ অধ্যক্ষগৰাকীৰ মতে স্কুল চৌহদৰ নিচেই সমীপতে থকা বিপণীত আৰু স্কুলৰ কেণ্টিনত পেকেজিং কৰা খাদ্যৰ বিক্ৰী বন্ধ কৰা হৈছে। বিছপ কটন স্কুলৰ কেণ্টিনত পোৱা আহাৰৰ ম্যেনুত এনেধৰণৰ খাদ্য পোৱা যায়। কৰ্ণ, ড’ছা, ইডলি, নিৰামিষ ছেণ্ডউইছ, সিদ্ধ বুট, দাইলৰ পৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খাদ্য।

জাংক ফুডৰ অপকাৰিতা

শিশু বিশেষজ্ঞসকলৰ মতানুযায়ী দেশৰ ভৱিষ্যত্ নাগৰিকসকলৰ স্বাস্থ্যসন্মত খাদ্যাভ্যাস গঠনৰ ক্ষেত্ৰত স্কুলবোৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মহামাৰীৰ ৰূপত বৰ্তমান দেখা দিয়া শৈশৱকালীন স্থূলতা বা মেদবহুলতাৰ প্ৰতিষেধকমূলক ব্যৱস্থাৰূপেও এনে ভূমিকাৰ প্ৰয়োজনীয়তা অতি বেছি। অভিভাৱকসকলৰ ব্যস্ততাপূৰ্ণ জীৱনৰ হেতুকে নিচেই কমসংখ্যক শিশুৱেহে স্কুলৰ টিফিনৰ বাবে ঘৰত প্ৰস্তুত কৰা খাদ্য-সম্ভাৰ আনে আৰু অৱধাৰিতভাৱে এনেবোৰ শিশু দুপৰীয়াৰ আহাৰৰ বাবে স্কুলৰ কেণ্টিনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

আমেৰিকাৰ ছ’ল্ট লেকস্থিত কলম্বিয়া এছিয়া হস্পিতালৰ মুখ্য ডায়েটিছিয়ান ইন্দ্ৰাণী ঘোষৰ মতে শৈশৱকালীন স্থূলতাত বৰ্তমান আমেৰিকাৰ ৩০ শতাংশ শিশু আক্ৰান্ত আৰু প্ৰতিমাহে গড়ে ১৫ টা এনে শিশু তেওঁৰ ওচৰত পৰামৰ্শ বিচাৰি আহে। কম বয়সীয়া ছোৱালীৰ মাজত পলিছিষ্টিক অভাৰিয়ান ছিনড্ৰম আৰু অনিয়মীয়া ঋতুস্ৰাৱত আক্ৰান্ত ভুক্তভোগীৰ সংখ্যা বাঢ়িছে। জাংক ফুড হৈছে এই পৰিঘটনাৰ ঘাই কাৰক।

শিশুৰোগ বিশেষজ্ঞসকলে স্পষ্ট মত পোষণ কৰে যে সৰহীয়া মাত্ৰাত জাংক ফুড ভক্ষণ কৰিলে কৈশোৰ অৱস্থাপ্ৰাপ্তিৰ পূৰ্বেই শিশুবিলাক কেতবোৰ মাৰাত্মক ধৰণৰ ৰোগত আক্ৰান্ত হ’ব পাৰে আৰু এইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগ, কলিজাৰ নানা ৰোগ আৰু শ্বাসকষ্ট। কলিকতাৰ মেডিকো ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ বহুমূত্ৰ আৰু পুষ্টিৰোগ বিশেষজ্ঞ সংঘমিত্ৰা চক্ৰৱৰ্তীৰ মতানুযায়ী জাংক ফুড ভক্ষণৰ ফলত শৈশৱকালতে ধমনীৰ বেৰবোৰত চৰ্বি জমা হ’ব পাৰে আৰু ফলত এথেৰোস্কেলেৰোছিছৰ সৃষ্টি হয়। এই শেহোক্ত প্ৰক্ৰিয়াটি সাধাৰণতে বুঢ়া মানুহৰ শৰীৰতহে হয়।

চেনি আৰু চৰ্বি ভক্ষণৰ ফলত শৰীৰত ‘শূন্য’ কেলৰী জমা হয়। যিয়ে নেকি অপুষ্টিৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে এপেকেট চিপছ বা এটা চকলেটৰ বাৰ খালে শৰীৰত হজম হ’বলৈ যথেষ্ট সময় লাগে আৰু ফলত শিশুটিৰ ভোক কমি যোৱা বাবে ভক্ষণ কৰা খাদ্যৰ মাত্ৰা টুটি যায়। ফলত অপুষ্টিত ভোগাৰ শংকা বাঢ়ে। যিবোৰ স্কুলত জাংক ফুডৰ প্ৰচলন দুপৰীয়াৰ টিফিনৰ সময়ত বন্ধ কৰা হৈছে সেইবোৰত ইয়াৰ বিকল্পৰূপে স্বাস্থ্যৰ বাবে উপকাৰী খাদ্য বিক্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আইন প্ৰণেতাসকলে আৰু পুষ্টিবিজ্ঞানীসকলে।

লেখকঃ ডাঃ মিহিৰ কুমাৰ গোস্বামী

উৎসঃ অসমীয়া খবৰ