গ্ৰীষ্ম কালত অৰ্থাৎ গৰমৰ দিনত সাধাৰনতে ডায়েৰীয়া বেছি হোৱা পৰিলক্ষিত হয়।স্বাস্থ্যৰ বাবে পানী অপৰিহাৰ্য্য।সাধাৰনতে গৰমৰ দিনত পানী দূষিত হোৱাৰ ফলত আৰু দূষিত পানী খোৱাৰ ফলত আমাৰ দেশত হেজাৰ হেজাৰ শিশুৰ ডায়েৰিয়া গ্ৰহনী কলেৰা আদি ৰোগত মৃত্যু হোৱা দেখা যায়।সেয়েহে বাহিৰৰ পৰা লেতেৰা পানী সোমাৱ নোৱাৰাকৈ নলি নাদ আদিৰ চাৰিওফালে পকা কৰি ৰাখিব লাগে।গছৰ পাত চৰাইৰ মল মূত্ৰ,পোক-পত্ংগ আদি যাতে নাদত নপৰে তাৰ বাবে নাদত সদায় ঢাকনি দি ৰাখিব লাগে।বিশেষকৈ শিশুসকলৰ পানীৰ পৰা ডায়েৰীয়া বেছিকৈ হোৱা দেখা যায়।পুষ্টিহীনতাত ভোগা শিশুবোৰক বেমাৰে সহজে আক্ৰমন কৰে।সাধাৰনতে গৰমৰ দিনত আমাৰ শৰীৰৰ পৰা ঘাম আৰু প্ৰ্স্ৰাৱৰ লগত বহুত পানী হেৰুৱাৱ লগা হয়।শৰীৰৰ পৰা বেছিকৈ পনীয়া পায়খানা বমি আদি ওলাই গলে তাকে আমি ডায়েৰিয়া বুলি কব পাৰি। ডায়েৰীয়া হোৱা লক্ষনবোৰ এনে ধনৰ: ১/দিনত ১০-১৫ বাৰ বমি হোৱা। ২/আঠ দহ বাৰ পনীয়া শৌচ হোৱা। ৩/ঘনকৈ পিয়াহ লগা। ৪/অলপ পৰিমানৰ প্ৰস্ৰাৱ হোৱা। ৫/টোপনি অধিক হোৱা। ৬/চকু সোমই যোৱা। ৭/জিভা শুকাই যোৱা। ৮/শ্বাস-প্ৰশ্বাসৰ গতি খৰ হোৱা। ৯/দেহৰ ওজন কমি যোৱা। ১০/ দুৰ্বলতকৈ ৰোগী কেতিয়াবা মুৰ্চা যাব পাৰে। এনেবোৰ লক্ষন প্ৰকাশ পালে পলম নকৰি ৰোগীক চিকিৎকৰ ওচৰলৈ নিব লাগে।ৰোগীৰ দেহত যাতে পানীৰ অভাৱ নহয় তাৰ বাবে ors বা বিশুদ্ধ পানীৰ লগত চেনী আৰু নিমখ মিহলী কৰি প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে খাব দিব লাগে। ডায়েৰীয়া প্ৰথম অৱস্থাত জুলীয়া খাদ্য খুৱাৱ লাগে আৰু যিমান আহাৰ খাব বিচাৰে সিমান পৰিমানৰ খাদ্য সঘনাই খুওৱাৱ লাগে।কেতিয়াবা দেখা যায় যে ভাত খোৱাৰ লগে লগে ৰোগীয়ে বমি কৰি দিয়ে।এই ক্ষেত্ৰত ুৰোগীক একেলগে বেছি পানী খাব দিব নালাগে।তাৰ পৰিৱৰ্তে অলপ অলপকৈ দিনটোত কেবাবাৰো খাবলৈ দিব লাগে।খাদ্য প্ৰটিনযুক্ত হোৱা দৰকাৰ।শিশুৰ ডায়েৰীয়া ৰোগ হলে মাকৰ গাখীৰ সঘনাই খুৱাব লাগে যেতিয়ালৈকে কেছুৱাৰ প্ৰস্ৰাৱ স্বাভাবিক নহয়। ডায়েৰিয়া হোৱা ৰোগীক গাখীৰ দিয়া উচিত নহয়।তাৰ পৰিৱৰ্তে কম পৰিমানৰ সিজোৱা দাইল,সিজোৱা পানী,বিন মটৰমাহ,পটল,বেচি তেল নথকা জোল আদি ভালদৰে সিজাই খুওৱাব লাগে। লিখক: ডা:ৰঞ্জু হাজৰিকা