জলাপ্লতা বা ডি-হাইড্ৰেচন ৰোধ কৰাৰ সহজ উপায় হ’ল নিয়মিত সময়ৰ ব্যৱধানত উপযুক্ত পৰিমাণে পানী খোৱা। ইয়াৰ বাবে আমি আটায়েই সকলো সময়তে খোৱা পানীৰ বটল এটা লগত ৰখা উচিত।

এবাৰতে বহুত পানী খোৱাৰ সলনি কম কমকৈ ঘনাই খাই থকাহে যুগুত। প্ৰয়োজনতকৈ অকণমান বেছিকৈ পানী খোৱা গ’লেও বৰ বিশেষ অনিষ্ট নহয়, কিয়নো অতিৰিক্ত পানীভাগ আমাৰ বৃক্ক বা কিডনিয়ে প্ৰস্ৰাৱৰ ৰূপত বাহিৰ কৰি দিয়ে। স্বাভাৱিক পৰিৱেশত মানুহৰ শৰীৰৰ পৰা আগতে কৈ অহা ধৰণবোৰেৰে দৈনিক প্ৰায় আঢ়ৈ লিটাৰ পানী ওলাই যায়।

গ্ৰীষ্মকালি উত্তাপ বঢ়াৰ লগে লগে এই পৰিমাণ দহ গুণ মানলৈ বৃদ্ধি হ’ব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি খোৱা পানীৰ পৰিমাণ উপযুক্ত হাৰত বঢ়াব লাগে।

পানী খোৱাৰ বাবে পিয়াহ লগালৈ ৰৈ থাকিব নালাগে, কাৰণ পিয়াহ লাগিছে মানে শৰীৰত ইতিমধ্যে কিছুপৰিমাণৰ জলাল্পতা বা ডি-হাইড্ৰেচন হৈছে।

‘পানীয়ে প্ৰাণীৰ প্ৰাণ’- এই আপ্তবাক্যশাৰী মনত ৰাখি সমাগত গৰমৰ দিনবোৰৰ মুখামুখি হঁও আহক।

কণীত কিমান কলেষ্টেৰল থাকে?

কণীৰ ভিতৰত থকা কুহুম(ইয়ক) যি দেখাত হালধীয়া আৰু বগা অংশ(এগ হোৱাইটছ)ৰ ভিতৰত কুহুমৰ কিছু পৰিমাণে কলেষ্টেৰল থাকে। এটা মজলীয়া আকাৰৰ কণীত প্ৰায় ১৮৬ মিলিগ্ৰাম কলেষ্টেৰল থাকে। কিন্তু কুহুম সকলো ধৰণৰ পুষ্টিকৰ উপাদানেৰে ভৰপূৰ।

আনহাতে, বগা অংশ এলবুমিন জাতীয় প্ৰ’টিনেৰে সমৃদ্ধ। কুহুমে সকলো ধৰণৰ পুষ্টিকৰ দ্ৰব্য দেহক যোগান ধৰে। এজন স্বাস্থ্যৱান ব্যক্তিয়ে দৈনিক ৩০০ মিলিগ্ৰাম খাব পাৰে।

উৎস: নিয়মীয়া বাৰ্তা