গৰমৰ দিনত তেলেতীয়া ছালৰ যত্ন বেছিকৈ ল’ব লাগে।কাৰণ গৰমত ছালখন খুব বেছি তেলেতীয়া হৈ থাকে।এনেস্থলত শালমইনাৰ সৃষ্টি হয়। নোমছিদ্ৰ্সমূহ ডাঙৰ হ্য়।ফলত বয়সিয়াল আৰু লেতেৰা লাগে।সেইবাবে গৰমৰ দিনকেইটাত অলপ যত্ন লৈ নিজকে সুন্দৰ কৰি ৰাখিব নোৱাৰিনে। কিন্তু কেনেকৈ? তাৰেই কেইটামান উপায় আগবঢ়োৱা হ'ল- সমস্যা আৰু সমাধান সদায় কুহুমীয়া পানীত চাহপাত দি কিছু সময় ৰাখি মুখখন ধুব লাগে। দিনত দুবাৰকৈ মুখ ধুই টনাৰ ব্যৱহাৰ কৰিব। বেছিকৈ স্ক্ৰাব কৰিব নালাগে।সপ্তাহত এবাৰকৈ কৰিলেই যথেষ্ট।বেছিকৈ কৰিলে ছালখন ক্ষয় যায় আৰু ছালখন পাতল হয়। ফলত এলাৰ্জি তৎক্ষণাত হয়। জেল ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে।য’ত চেলিচাইলিক এচিদ,টেঙাজাতীয় আৰু গাইক’লিক এচিডযুক্ত হ’ব লাগে।এই সামগ্ৰী ব্যৱহাৰ কৰিলে মৃতকোষসমূহ পৰিস্কাৰ হৈ থাকে আৰু শালমইনা নহয়। স্ক্ৰাবৰ বাবে সদা্য় প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। কাৰণ ই ছালক ক্ষয় নিয়াত বাধা দিয়ে।ছালৰ মসৃণতা ধৰি কোমল কৰি ৰাখে। মুখত লগোৱা প্ৰলেপসমূহ সদায় প্ৰাকৃতিক সামগ্ৰী হ’ব লাগে।বিশেষকৈ ফলৰ ৰস,ফুল আৰু গছৰ পাত। সপ্তাহত দুবাৰকৈ লগালে ছালৰ পৰা অতিৰিক্ত্ তেল শুহি ছালক তেলেতীয়া ছালৰ পৰা সাধাৰণ ছাললৈ ৰুপান্তৰ কৰে। তদুপৰি ছালৰ কোষসমূহ পৰিস্কাৰ কৰি কোষৰ মাজেৰে অক্সিজেন প্ৰবাহিত হয়। আমাৰ বহুতৰে বেয়া অভ্যাস আছে যে লেতেৰা হাতেৰে মুখখন চুই থকা হয়,যাৰ ফ্লত মুখত ওলাই থকা অতিৰিক্ত তেলত হাতৰ লেতেৰা আৰু বীজানু লাগি ছালত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। ছালকুঁৱৰীৰ ৰস আৰু কমলাৰ বাকলিৰ গুড়ি মিহলাই ল’ব। পৰিস্কাৰ মুখত লগাব।প্ৰায় ১৫/২০ মিনিটৰ পিচত ধুই দিব। এই প্ৰলেপ অতি পুৰণি কালৰ পৰাই চলি আছে। ছালকুঁৱৰীয়ে ছালৰ জ্বলন নাইকীয়া কৰে। শালমইনা শুকোৱাত সহায় কৰে। ছালৰ বিজাণু নাশ কৰাত সহায় কৰে। ৰ’দত ক’লা পৰা ছালক উজ্জ্বল কৰে। ছালখন মিহি আৰু কোমল কৰ।এই মিশ্ৰনৰ প্ৰলেপ লগাই পাঁচ মিনিটৰ পিচত ঘঁহি ঘঁহি ধুই দিব লাগে।ধুই দিয়াৰ পিচতেই তৎক্ষণাত বৰফ ঘঁহিব লাগে। এই প্ৰলেপৰ দ্বাৰা ব্লেক হেড্ছ,আৰু হোৱাইট হেড্ছ নহয়। তেলেতীয়া ছালৰ পৰা তেল শুহি লোৱাৰ বাবে আপেল অতি উপকাৰী।এটা আপেল কাটি ধুই ৰোকনিৰে ৰুকি মৌ এচামুচ আৰু কমলাৰ ৰস মিহলাই মুখত আৰু ডিঙিত ১৫/২০ মিনিটৰ বাবে লগাব। আঙুৰৰ ৰসো কমলাৰ ৰসৰ সলনি ব্যৱহাৰ কৰিব পাৰে। এতিয়া গৰমত পকা আম পোৱা যাব। পকা আম কাটি ধুই পিটিকি ল’ব। পিচত আনাৰসৰ ৰসৰ লগত মিহলাই লগাব।আনাৰস নাপালে কণীৰ বগা আংশও মিহলাই ল’ব পাৰে। এই প্ৰলেপে শালমইনা পৰিস্কাৰ কৰি ছালক মিহি কৰে। আপুনি ঘৰতেই টনাৰ ব্যৱহাৰ কৰিব পাৰে।চাহপাত এচামুচ এগিলাচ পানীত সিজাই ল’ব।লগতে পদিনাৰ পাত কেইটামানো দি ল’ব। ভালদৰে সিজাই ঠাণ্ডা কৰি এটা বটলত ভৰাই ফ্ৰিজত থৈ দিব। স্প্ৰে বটল হ’লে ভাল। কিয়নো গৰমত ঘৰলৈ আহি স্প্ৰে কৰিব পাৰে। ই ছালৰ কোষসমূহ সৰু কৰি বয়স কমাই ৰাখিব। খাদ্যৰ ওপৰত সদায় গুৰুত্ব দিব। জাং ফুড খালে শকত হয় আৰু অতিৰিক্ত তেল হয়।ফলত শালমইনা যথেষ্ট হয়। খাদ্যৰ ভিতৰত ভিটামিন ‘এ’যুক্ত খাদ্য খাব লাগে। গাজৰ, মিঠা আলু, সেউজীয়া শাক-পাচলি, আম, দৈ, নেমু, মৌচুম্বী আদি খাব লাগে। জিংজাতীয় খাদ্য খালে ছালক পুনৰ গঠন কৰে। অৰ্থাৎ ছালৰ বিভিন্ন সমস্যা নাশ কৰে।কাজু বাদাম,কল খালে ছালখন সতেজ হয়।মৃত কোষসমূহ পৰিস্কাৰ কৰে। নতুন কোষ গঠন কৰে। বয়সৰ ছাপ কমাই ৰাখে।ৰ’দে পোৰাৰ পৰা ৰক্ষা কৰে। গৰমপানী দিনটোত দুবাৰমান খাই থাকিলে পেটৰ ভিতৰখন পৰিস্কাৰ হৈ থাকে। অৰ্থাৎ, শৌচ খোলোচা হয়। শৰীৰৰ টক্সিন নিৰ্গত হয়। ভিটামিন ‘এ’ জাতীয় খাদ্য খালে শালমইনা শুকায়।পালেং,ব্ৰুকলি,গাজৰ,পদিনাৰ ৰস আৰু ফিটকিৰিৰ দ্বাৰা মুখখন মচিব লাগে।ফলত শালমইনাও নাথাকে আৰু দাগো নাথাকে। শালমইনা থকা সকলে ভিটামিন ‘এ’, ‘ই’ আৰু ‘চি’যুক্ত খাদ্য খাব লাগে। এইদৰেই গৰমত তেলেতীয়া ছালত হোৱা শালমইনাৰ যত্ন লৈ ছালক সাধাৰণ ছাললৈ ৰুপান্তৰ কৰিব পাৰি। লেখিকা: ভানু শৰ্মা।