মানুহ মাত্ৰেই শৰীৰ বা মনৰ ৰোগ নুভুগাকৈ কোনেও জীৱনধাৰন কৰিব নোৱাৰে! শকত আৱত ব্যক্তি এজন মানেই স্বাস্থ্যৱান লোক নহয় । শাৰিৰীক আৰু মানসিক সকলো পিনৰ পৰা সুস্থ জনকহে স্বাস্থ্য- ৱান বুলিব পাৰি ।
দৈহিক স্বাস্থ্য : দেহত ভোক পিয়াহ ,পৰিপাক ক্ৰীয়া,মলমুত্ৰ, শ্বাস্ প্ৰশ্বাস,বল বীৰ্য্য, ৰতিশক্তি, মগজ, মেধাশক্তি আদি ইন্দ্ৰিয়ৰ সকলো কাম স্বাভাৱিক ভাৱে থিকে থাকে থকাকে দৈহিক স্বাস্থ্য বোলে । ইয়াৰ ব্যতিক্ৰম মাত্ৰেই ৰোগ ।
মানসিক স্বাস্থ্য : শৰীৰ বেয়া হলে মনো ৰুগীয়া হয়।
ধৈৰ্য্য ,সাহস , বিশ্বাস, আত্মবল , মৰম ,দয়া ক্ষমা,সংযম, সহন শীল ,আধ্যাত্মিক ভাৱৰ ব্যক্তি বা ৰিপুসমুহৰ পৰা আতৰি থাকিব পৰা জনহে মানসিক স্বাস্থ্যৰ অধিকাৰী ।
বহল দৃষ্টিভংগীলৈ নগৈ ৰোগৰ বিষয়লৈ আহিলে
মানুহ মাত্ৰেই ৰোগ হবই ,সেয়া কম বা বেচি । বেচিকৈ বা দীৰ্ঘদিনলৈ হৈ থাকিলেই আমি অধৈৰ্য্য, অস্থিৰ হৈ পৰো ,মন বেয়া হয় ,নানা চিন্তাই বিবুধিত পেলায় । লোক ব্যতিৰেকে ভিন ভিন চিন্তা আৰু কিছুমানে হয়তো নিশ্চিন্তমনে সহ্য কৰি যায় ।
চিকিৎসা বিজ্ঞানৰ পৰীক্ষামুলক গৱেষনা মতে দেহত টান ৰোগ হলে দুঃচিন্তা ,অধৈৰ্য , আত্মবল আৰু মনৰ যোৰ নথকা ব্যক্তিৰ শৰীৰৰ কলাতন্ত্ৰ সমুহৰ বেমাৰ বহন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হৈ পৰে । যাৰ ফলত ৰোগ আৰোগ্য হোৱাত যথেস্থ পলম হয় ,এনেকি ভাল ঔষধেও কাম নিদি ডক্তৰকো বিপাঙত পেলায় । মনৰ যোৰ থকা ব্যক্তিৰ ক্ষেত্ৰত তুলনামুলক ভাৱে কম । এনেকি ডক্তৰে ভাল নহব বা বেচিদিন নাবাচিব বুলি কোৱা ৰোগীও ভাল হৈ বহু বছৰলৈ জীয়াই থকা দেখা যায় ।
এনে বিজ্ঞানসন্নত প্ৰামান্য কাৰনতে হবলা মেডিকেল ওৱাৰ্ডসমুহৰ এচুকত ভগৱানৰ ফটো ৰখা হয়
প্ৰাৰ্থনাৰ প্ৰাসংঙ্গিকতা : দেহত ৰোগ বা কোনো দুখ বিপদ বা আকস্মিক দুৰ্ঘটনা হলে নিজে নিজেই হৰি ,ৰাম আল্লা ,গ'ড কিবা এটা নাম মুখত আহে। টান নৰিয়াত পৰিলে ঘৰত নাম প্ৰসংগ, ধৰ্মপুথি পাঠ বা মন্দিৰত শৰাই পুজা বা অইন ধৰ্মতো বিভিন্ন ক্ৰীয়াকৰন কৰা দেখা যায় । সে্যা যিভাৱেই নকৰক বিপদ বা জটিল নৰিয়াৰ চিকিৎসা সময়ত ৰোগী বা পৰিয়ালে ভগৱানৰ প্ৰতি একান্ত মনে ভকতিৰ ভাৱেৰে প্ৰাৰ্থনা কৰিলে ৰোগ নিৰাময়ত যথেস্থ সহায়ক হয়। ৰোগীৰ আত্মবল বঢ়াৰ ফলত দেহত ৰোগপ্ৰতিৰোধ ক্ষমতা বাঢ়ে । ৰাখে হৰি মাৰে কোন , মাৰে হৰি ৰাখে কোন ।
হৰিয়ে ৰাখক বা মাৰক - হৰিৰ কৃপাত বাচিবলৈ অধিক খৰছৰ প্ৰয়োজন নাই ।বিপদ বা নৰিয়াৰ সময়ত একান্ত মনে শুদ্ধ চিত্তেৰে নিজৰ বেদনা ব্যক্ত কৰিলে মানসিক দুখ যন্ত্ৰনাৰ দুঃচিন্তা আতৰি ৰোগ নিৰাময়ৰ প্ৰক্ৰীয়া সহজ হৈ পৰে ।
ভগৱান থাকক বা নাথাকক নেদেখাজনৰ ওচৰত ব্যক্ত কৰি পোৱা মানসিক প্ৰশান্তিয়ে মন মগজ দিহা বুদ্ধি সুদৃঢ় কৰে ।
সেয়ে শাৰিৰীক আৰু মানসিক উভয় দিশত স্বাস্থ্যৱান হবলৈ হলে সুষম আৰু ৰোগ প্ৰতিষেধক পুস্তিকৰ আহাৰ খাই নিৰোগী দেহ আৰু ভগৱত চিন্তাৰে সুস্থ মনৰ অধিকাৰি হবলৈ যত্নপৰ হওক। জ্ঞানীজনে কয় -
" দেহ শুদ্ধ হলে মন শুদ্ধ, মন সুদ্ধই চিত্তশুদ্ধ , চিত্ত শুদ্ধই আত্মা শুদ্ধ ,আত্মা শুদ্ধই কৰ্ম শুদ্ধ ,কৰ্ম শুদ্ধই ধৰ্ম শুদ্ধ আৰু ধৰ্ম শুদ্ধ হলে ঈশ্বৰ কৃপা পায়'"

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ