আয়ুৰ্বেদত তিচি ক চমৎকাৰী, আয়ুবৰ্ধক, আৰোগ্যবৰ্ধক দৈবিক ভোজন হিচাপে জনা যায়।তিচিক হিন্দীত অলসী আৰু ইংৰাজীত Flaxseed বুলি কোৱা হয়। ইয়াৰ বটানিকেল নাম "Linum usitatissimum" অৰ্থাৎ, অতি উপযোগী বীজ।তিচিত মূখ্য ৰূপত অমেগা-৩ ফেটি এচিড( আলফা লিনোলেনিক এচিড), লিগনেন, প্ৰটিন ফাইবাৰ, জিংক,মেগনেচিয়াম আদি থাকে। তিচিত থকা অমেগা-৩ ফেটি এচিডৰ বাবে ইয়াক চুপাৰ ফুড হিচাপে ধৰা হয়।

তিচিৰ গুণ -

*স্ত্ৰীৰোগৰ বাবেঃ-

তিচিত অমেগা-৩ ফেটি এচিডৰ পিছতে দ্বিতীয় মহত্বপূৰ্ণ পোষক তত্ত্ব লিগনেন থাকে। লিগনেন এন্টিবেক্টেৰিয়েল, এন্টিভায়ৰেল, কেঞ্চাৰৰোধক আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিকাৰক। লিগনেনে মহিলাৰ মাহেকীয়া সম্বন্দ্ধীয় সকলো অনিয়মতা দূৰ কৰাত সহায় কৰে। গৱেষণাই কয় ই স্তন, গৰ্ভাশয়,প্ৰোষ্টেত আদিৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কম কৰে। তিচি খালে মাতৃ দুগ্ধ বৃদ্ধি হয়।

*সুস্বাস্থ্য আৰু শক্তিৰ বাবেঃ-

সুস্বাস্থ্য আৰু শক্তিৰ বাবে তিচি আৱশ্যকীয় আৰু সম্পূৰ্ণ আহাৰ। তিচিত প্ৰায় ১৯% এমিন এচিডযুক্ত প্ৰটিন থাকে।প্ৰটিনে শৰীৰৰ মাংসপেশী বৃদ্ধি কৰে। তিচিয়ে শৰীৰত অফুৰন্ত শক্তি আনে।

*ডায়েবেটিচ আৰু মেদবহুলতাৰ বাবেঃ-

তিচিয়ে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে। ডায়েবেটিচৰ ফলত হব পৰা কুপ্ৰভাৱ বোৰ কম কৰে। তিচিত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে। ইয়াৰ বাবে ই মেদবহুলতাৰ বাবে অত্যন্ত উপকাৰী। তিচি খোৱাৰ ফলত ভোক দেৰিকৈ লাগিব। ইয়াৰ ফলত Basal Metabolic Rate বৃদ্ধি হব, শৰীৰৰ চৰ্বি কমাত সহায় হব আৰু বেছি কেলৰি খৰচ হব।

*উচ্চ ৰক্তচাপ আৰু হৃদয়ৰ বাবেঃ-

তিচিয়ে ৰক্তচাপ সন্তুলিত কৰি ৰখাত সহায় কৰে। তিচিয়ে আমাৰ তেজৰ HDL কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি কৰে আৰু ট্ৰাইগ্লিচৰাইডচ বা LDL কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰে। ফলত কলেষ্টৰেল নিয়ন্ত্ৰণত থাকে। হৃদৰোগ আৰু উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা কমি যায়।

*কোষ্ঠকাঠিন্যতা সম্বন্ধীয় ৰোগৰ বাবেঃ-

তিচিত প্ৰায় ২৭% ফাইবাৰ পোৱা যায়। ইয়াৰ বাবে নিয়মিত তিচি সেৱন কৰাটো কোষ্ঠকাঠিন্যতা, পাইলচ ৰোগীৰ বাবে অত্যন্ত লাভদায়ক। তিচি খোৱাৰ প্ৰথম দিনৰ পৰাই কোষ্ঠকাঠিন্যতা দূৰ হয়।

*সৌন্দৰ্য বৰ্ধনৰ বাবেঃ-

তিচি ছাল,চুলি সম্বন্ধীয় ৰোগ যেনেঃ খৰ, খজুৱতী, শালমইনা, চুলি সৰা আদি নিৰাময়ত লাভদায়ক। নিয়মিত তিচি সেৱনৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি পায়, চুলি উজ্জ্বল, মজবুত আৰু ক'লা হয়।

*মগজু আৰু দৃষ্টিশক্তিৰ বাবেঃ-

তিচি সেৱনৰ ফলত মন শান্ত হৈ থাকে, অৱসাদ দূৰ হয়, বুদ্ধিমত্তা আৰু স্মৰণ শক্তি বৃদ্ধি হয়। অমেগা-৩ ফেটি এচিড আমাৰ চকুৰ দৃষ্টিশক্তি স্পষ্ট আৰু সঠিক কৰি ৰখাত সহায়ক।

*পুৰুষৰ যৌন সমস্যাৰ বাবেঃ-

পুৰুষৰ যৌন সমস্যা দূৰ কৰাত তিচি অত্যন্ত ফলপ্ৰসূ। নিয়মিত তিচি সেৱনৰ ফলত নপুংসকতা, শীঘ্ৰপতন, দূৰ্বল কামইচ্ছা, লিংগ দূৰ্বলতা আদি সকলো সমস্যা দূৰ হয়। তিচিত থকা অমেগা-৩ ফেটি এচিড, জিংক আৰু মেগনেচিয়াম শৰীৰৰ পৰ্যাপ্ত টেষ্টোষ্টিৰোন হ'ৰম'ন নিঃসৰণৰ লগতে স্খলনৰ নিয়ন্ত্ৰণৰ বাবেও অতি আৱশ্যক। তিচিত থকা লিগনেনে জননেন্দ্ৰিয়ত ৰক্তপ্ৰবাহ বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত শক্তিশালী erection হোৱাৰ লগতে উতকৃষ্ট আৰু গতিশীল শুক্ৰাণু উৎপন্ন হব।

তিচি সেৱনৰ নিয়ম -

১) তিচি সদায় ভালদৰে গুড়ি কৰি লৈহে খোৱা উচিত। প্ৰাপ্তবয়স্ক লোকে এদিনত ২০/৩০ গ্ৰামহে তিচি খোৱা উচিত। নিয়মিত তিনিমাহ খোৱাৰ পিছত ২০/৩০ দিন বিৰতি দিয়াটো ভাল। তিচি আহাৰৰ সৈতে যেনে- ৰন্ধা দাইল, তৰকাৰী ৰ লগত মিহলি কৰি খাব পাৰে। আটাৰ সৈতে মিহলি কৰি ৰুটি বনাইও খাব পাৰে, বেচনৰ লগত পকোৰা বনাওতে তিচি গুড়ি মিহলি কৰি লব পাৰে। তিচি গুড়ি কৰি থৈ দিব নালাগে। ইয়াৰ গুণাগুণ নষ্ট হৈ যায়। প্ৰয়োজন অনুসৰি ১/২ দিনৰ বাবে গুড়ি কৰি ৰাখিব।

২)নিম্ন ৰক্তচাপ আৰু পেটৰ বিভিন্ন অসুখত ভোগা ৰোগীয়ে নিয়মিত তিচি সেৱন কৰা অনুচিত।।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ