চিকিৎকসকলৰ মতে ৰক্তচাপ বৃদ্ধিৰ মূল কাৰণ হৈছে জীৱন ধাৰণৰ প্ৰণালী। কিন্তু জীৱনশৈলীৰ কিছু পৰিৱৰ্তন ঘটাই নিয়ন্ত্ৰণত আনিব পাৰি ৰক্তচাপ। কৰ্মব্যস্ততা, মানসিক চাপ আদিৰ মাজত দৰব ব্যৱহাৰ নকৰাকৈয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে আপুনি কি কৰিব লাগিব সেয়া তলত উল্লেখ কৰা হ’লঃ-

দৈনিক ৭ (সাত) ঘণ্টা শোৱাৰ অভ্যাস কৰকঃ যিসকল লোকৰ নিশা ৫ (পাঁচ) ঘণ্টা বা তাতকৈ কম সময় শোৱাৰ অভ্যাস, তেনে লোকৰ ৰক্তচাপ বৃদ্ধিৰ সম্ভাৱনা অধিক। কম টোপনিয়ে হৰম’নৰ নিয়ন্ত্ৰণত খেলিমেলিৰ সৃষ্টি কৰে। ফলত বৃদ্ধি পায় ৰক্তচাপ। বয়স বৃদ্ধি পালে টোপনি কমে। সেয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ কমেও ৭ ঘণ্টাকৈ শোৱাৰ অভ্যাস কৰক।

নিমখ কমকৈ খাওকঃ নিমখ বেছি খোৱাৰ ফলত শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি পায়। শৰীৰত পানী জমা হ’লে বৃদ্ধি পায় ৰক্তচাপ। শৰীৰৰ ওজন বৃদ্ধি পালে নিমখ অধিক পৰিমাণে খোৱা লোকসকল হৃদৰোগত আক্ৰান্ত হ’ব পাৰে।

সপ্তাহত কমেও ১৫০ মিনিট শৰীৰচৰ্চা কৰকঃ প্ৰাপ্তবয়স্ক লোকসকলে সপ্তাহত কমেও ১৫০ মিনিট লঘু ব্যায়াম নাইবা ৭৫ মিনিট গধুৰ ব্যায়াম কৰা দৰকাৰ। ব্যায়ামেই হৈছে বিনা ঔষধ প্ৰয়োগেৰে ৰক্তচাপ হ্ৰাস কৰাৰ মূল চিকিত্সা। দৈনিক ব্যায়াম কৰিলে হাৰ্টৰ শক্তি বৃদ্ধি পায়। শক্তিশালী হাৰ্টে অনায়াসে অধিক পৰিমাণে ৰক্ত সঞ্চালন কৰিব পাৰে।

নিয়মিত ১০ মিনিট ধ্যান কৰকঃ শৰীৰত এড্ৰিনেলিনৰ ক্ষৰণ বেছি হ’লে শ্বাস দ্ৰুততৰ হয়। হাৰ্টৰ গতি বাঢ়ে, বাঢ়ে ৰক্তচাপ। এই অৱস্থা নোহোৱা কৰিবলৈ হ’লে মনটো উদ্বেগমুক্ত আৰু সুস্থ কৰি ৰাখিব লাগিব। মানসিক চাপ কমাবলৈ প্ৰতিদিনে অন্ততঃ ১০ মিনিট ধ্যান কৰক।

সতেজ ফল, শাক-পাচলি খাওকঃ যিবোৰ ফল, শাক-পাচলিত চৰ্বিৰ পৰিমাণ কম, সেইবোৰে ৰক্তচাপ হ্ৰাস কৰে। ফলমূল আৰু শাক-পাচলিত থকা ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহে শৰীৰক সুস্থ ৰাখে।

ওজন কমাওকঃ শৰীৰৰ কলাত চৰ্বি জমা হ’লে ৰক্ত চলাচলত বাধাৰ সৃষ্টি হয়। ফলত হাৰ্টৰ ওপৰত চাপ পৰে। সেয়ে শৰীৰৰ ওজন অধিক হ’লে ওজন হ্ৰাস কৰাৰ চেষ্টা কৰক।

উৎস: নিয়মীয়া বাৰ্তা