ধনীয়া পাতত ফাইট'নিউট্ৰিয়েন্টচ আৰু এন্টি অক্সিডেন্ট থাকে৷ যি স্বাস্থ্যৰ বাবে উপকাৰী৷ ধনীয়া বা মেমেধুৰ প্ৰতি অংগই শিপা/ঠাল/পাত/বীজ আদি আটাইবোৰেই উপকাৰী৷ বহুধৰণৰ স্বাস্থ্য লাভৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ ধনীয়া বহুৰোগ নিৰাময় কৰে৷ ইয়াত এন্টিচেপটিক আৰু বায়ু নাশক তথ্য আছে৷ ইয়াৰ সুগন্ধ/সোৱাদ অথবা বনৌষধী আৰু মচলা ৰূপে বিশ্বব্যাপী ইয়াৰ স্বীকাৰ্যতা আৰু আদৰ আছে৷ আটাইতকৈ ডাঙৰ কথাটো হল ই বৰ সহজলভ্য/সূলভ মূল্যৰ আৰু প্ৰত্যেকৰে চিনাকী৷

আহক আজি ইয়াৰ জুচ বা চুপৰ পৰা পাব পৰা স্বাস্থ্য লাভ সমূহ আৰু প্ৰতিদিন সেবন কৰি ফিট থকাৰ ওপৰিও কেনেধৰণৰ ৰোগ সমূহৰ পৰা ৰক্ষা পাব পাৰি জানো আহক৷
১) কিডনী বা বৃক্ক পৰিস্কাৰ:

আমাৰ কিডনী আমাৰ বয়সৰ সমানেই পুৰণি এক উত্তম ফিল্টাৰ৷ যাৰ দ্বাৰা আমাৰ তেজৰ দুষিত পদাৰ্থ সমূহ পৰিস্কাৰ হয়৷ কিন্তু পাগঘৰৰ সাধাৰণ চাহ ছাকনীৰ পৰা পানীৰ ফিল্টাৰ/গাড়ীৰ ফিল্টাৰ পৰিস্কাৰ কৰা আমিবোৰে শৰীৰৰ এই জীৱন দায়িনী ফিলটাৰটো পৰিস্কাৰ কৰাৰ কথা নাভাবো৷ ইয়াকো পৰিস্কাৰ কৰিব লাগে৷ যাতে ই চাফা হৈ আৰু ভাল ধৰণে কাম কৰে৷ আজি শৰীৰৰ এই মহামূল্যবান অংগটো মাত্ৰ পাঁচ টকাত পৰিস্কাৰ কৰাৰ বিষয়ে জানো আহক৷

এমুঠি সতেজ সেউজীয়া ধনীয়া পাত লৈ(ঘৰৰ টাবত কৰি লব পাৰিলে অতি উত্তম) সৰু সৰুকৈ কাটি ধুই লওক৷ এটা মাটিৰ বাচনত একলিটাৰ পানী লৈ এই কাটিলোৱা ধনীয়া পাতখিনি ১০ মিনিট কম জুইত সিজাই চেকি লৈ ঠাণ্ডা হবলৈ দিয়ক৷ এই পানীয় প্ৰতিদিন খালি পেটত খাওক৷ পেচাবৰ লগত কিডনীত জমা হোৱা মলি/জাবৰ (কালকুলি বা হব পৰা স্টোন) উলাই যাব৷

ইয়াৰ লগত সামান্য জনিৰ গুড়ি মিহলাই ললে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হব৷ ধনীয়াত কেলচিয়াম/মেঙ্গানিজ/আয়ৰণ/প্ৰচুৰ মাত্ৰাত পটাচিয়াম আৰু কম মাত্ৰাত চডিয়াম পোৱা যায়৷ যাৰ প্ৰাতঃ সেবনে হৃদস্পন্দন আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷

২) অনিদ্ৰা:

আজিৰ যান্ত্ৰীক জীৱন যাত্ৰাত টোপনী এক সমস্যাত পৰিণত হৈছে৷ স্ট্ৰেচ আৰু অৱশাদে নিদ্ৰাহীনতাৰ ৰূপ লৈ অনিদ্ৰাৰ লগতে আনুসাঙ্গিক ৰোগ সমূহক নিমন্ত্ৰণ দিছে৷ বিজ্ঞানে প্ৰমানিত কৰিছে যে শোৱাৰ আগত এগিলাচ ধনীয়াৰ জুচে আপোনাক কোনো শ্লিপিং টেবলেট বা মাদক দ্ৰব্যৰ আশ্ৰয় নোলোৱাকৈ গভীৰ টোপনী দিব পাৰে৷ ইয়াত কিছু চেডেটিভ উপাদান থাকে৷ যিয়ে এন্টিএঙ্জাইটি ঔষধৰ দৰে কাম কৰে৷

৪) হজম:

ধনীয়াৰ জুচে পাচন প্ৰক্ৰিয়া স্বস্থ্য কৰে৷ পেটফুলা/বমীভাব/হাৰ্টবাৰ্ণ/বদহজম জাতীয় সমস্যাত ই অতি লাভদায়ক৷ জলা মচলা বা গৰম আহাৰ খাই হোৱা পেটৰ অশান্তিতো ই কুলিং এজেন্টৰ দৰে সহায়ক৷

৫) প্ৰাকৃতিক এন্টিচেপটিক:

ধনীয়াৰ জুচে ডিটক্সিফাই কৰি শৰীৰক বহুধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ সেয়ে প্ৰতিদিন ধনীয়া পাতৰ জুচ সেবন কৰিলে পানী আৰু আহাৰৰ পৰা হব পৰা বহুতো ৰোগৰ পৰা পৰিত্ৰান পাব পাৰি৷

৬) সু্স্থ হাড়:

হাড় দুৰ্বল হলে দৈনিক এগিলাচ ধনীয়া পাতৰ জুচেই যথেষ্ট কাৰণ ইয়াত পৰ্যাপ্ত মাত্ৰাত প্ৰাকৃতিক কেলচিয়াম থাকে৷ কিলচিয়ামৰ ওপৰিও ইয়াত এনেকিছুমান খনিজ পদাৰ্থ আছে যিয়ে হাড়ৰ ঘনত্ব বঢ়াই হাড় সবল কৰে৷ ইয়াৰোপৰি ধনীয়া পাতৰ জুচে হাড় ভাঙিলে জোৰা লগোৱাতো সহায় কৰে৷

৭) হৃদস্বাস্থ্য:

ধনীয়া পাতৰ জুচত প্ৰচুৰ এন্টি অক্সিডেন্ট থাকে৷ যি বেয়া কলেষ্টৰেল কমায় আৰু ভাল কলেষ্টৰেল বৃদ্ধি কৰে৷ যাৰ ফলত হৃদয়ৰ কাম সুচাৰু ৰুপে চলে৷

৮) এন্টি ডাইবেটিক:

ধনীয়াক এন্টিডাইবেটিক হাৰ্ব কোৱা হয়৷ নিজৰ প্ৰাকৃতিক গুণ আৰু ঘটকেৰে সমৃদ্ধ ধনীয়াই মধুমেহ ৰোগীৰ চুগাৰ নিয়ন্ত্ৰণ আৰু স্থিৰ ৰাখে৷ ই মধুমেহ ৰোগীৰ বাবে অত্যন্ত উপকাৰী৷

৯) ছালৰ সমস্যা:

ধনীয়াপাতৰ জুচত এন্টিচেপটিক/এন্টিফাংগাল আৰু এন্টি অক্সিডেন্ট পোৱা যায়৷ এইবোৰ উপাদানে প্ৰায় সকলো ধৰণৰ ছালৰ সমস্যা নোহোৱা কৰে৷ দাদ/শুকান ছাল বা যি কোনো ফাংগাল ইনফেক্সনত ভূগা ৰোগীয়ে নিয়মিত ইয়াৰ ৰস সেবন কৰিব লাগে৷

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ