চমু পৰিমাণ

পানীক কোৱা হয় ‘ইলিকচাৰ অৱ লাইফ’। অৰ্থাত্ পানীয়েই প্ৰাণ। আমাৰ দেহৰ ৬০-৭০ শতাংশই পানী। আমাৰ দেহৰ ১৩ ত্ৰিলিয়ন কোষক ভালদৰে বচাই ৰাখি উজ্জীৱিত কৰিবলৈ পানীৰ কোনো বিকল্প নাই। আমি সকলোৱে জানো যে আমি পানী খাব লাগে অথচ আমি নাজানো কিমান পৰিমাণৰ পানী আমি খোৱা উচিত। লগাতকৈ বেছি খালেও স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। আচলতে পানী কিমান পৰিমাণৰ খাব লাগে, সেয়া নিৰ্ভৰ কৰে বিভিন্ন ফেক্টৰৰ ওপৰত। যেনে- পুৰুষ নে মহিলা, বয়স, উচ্চতা, ওজন, কোন ঠাইত বাস কৰে, গ্ৰীষ্ম-বৰ্ষা-শীত ঘৰত বা অফিচত বহি কাম কৰে নে এ চি ৰুমত বহি কাম কৰে, ইয়াৰ উপৰি কোনো ৰোগত বিশেষকৈ কিডনী, লিভাৰ, ফুচফুচ, হাৰ্টৰ অসুখত ভুগি আছে নে আদি আটাইবোৰ বিশ্লেষণ কৰিহে এজন ব্যক্তিক কিমান পৰিমাণৰ পানীৰ প্ৰয়োজন তাক নিৰ্ণয় কৰিব পৰা যায়। এজন সুস্থ পুৰুষে দিনে ২.৫ লিটাৰ আৰু মহিলাই ২ লিটাৰ পানী খাব লাগে। দৈহিক পৰিশ্ৰম কৰা, প্ৰায়ে বিমান যাত্ৰা কৰা আৰু এ চি ৰুমত থাকি কাম কৰা মানুহে ৫০০-১,০০০ মিঃ লিঃ পানী বেছিকৈ খোৱাৰ প্ৰয়োজন।

শৰীৰে বৰ্জন কৰা পানীৰ পৰিমাণঃ

এজন সুস্থ মানুহৰ দেহৰ পৰা দৈনিক ২০০০-২৬০০ মিঃলিঃ পানী বাহিৰ হৈ যায়-

প্ৰস্ৰাৱৰ দ্বাৰা- ১,৫০০ মিঃ লিঃ, ঘামৰ জৰিয়তে- ১,০০০ মিঃ লিঃ, শৌচৰ জৰিয়তে- ১০০ মিঃ লিঃ।

পানীৰ লগত পৌষ্টিকতন্ত্ৰ বা গ্লেষ্ট্ৰোইনষ্টেষ্টিনাল ট্ৰেক আৰু লিভাৰৰ সম্পৰ্ক প্ৰথমেই আৰম্ভ কৰো মুখগহ্বৰৰ পৰা। পৰ্যাপ্ত পৰিমাণৰ লেলাউটি নিঃসৰণৰ বাবে পানী অপৰিহাৰ্য্য। যিসকলে পানী কম পৰিমাণে গ্ৰহণ কৰে সেইসকলৰ লেলাউটি নিঃসৰণ লগাতকৈ কম হৈ জিভা-মুখ শুকাই যায়। ফলস্বৰূপে খাদ্য গ্ৰহণত অসুবিধা হয়। খাদ্যৰ সোৱাদ নাপায়। ইয়াৰ উপৰি খাদ্যনলীৰে খাদ্য তললৈ নামি যোৱাটো বাধাগ্ৰস্ত হয়।

খাদ্য পৰিপাকৰ আৰু পানী

খাদ্য পৰিপাকৰ প্ৰথম ঢাপ হৈছে খাদ্য সৰলীকৰণ। অৰ্থাৎ খাদ্য ভাঙি একেবাৰে সৰু সৰু টুকুৰালৈ পৰিৱৰ্তন হয় লেলাউটি-পাকস্থলী নিঃসৃত এনজাইম আৰু পাকস্থলীৰ হাইড্ৰোক্লৰিক এচিডৰ সহায়ত। এই সৰলীকৰণ কাৰ্য সুন্দৰভাৱে সমাপন কৰিবলৈ পানীৰ অত্যন্ত প্ৰয়োজন। যিসকলে পানীৰ সলনি অত্যধিক ক’ল্ড ড্ৰিংকছ ব্যৱহাৰ কৰে, ইছোফেকাছ আৰু পাকস্থলীৰ সকলো কাজ-কৰ্মই বাধাগ্ৰস্ত হয়। ফলত ৰিফ্লাক্স আৰু এচিডিটি হ’ব পাৰে। লগতে মূৰৰ বিষ পৰ্যন্ত হ’ব পাৰে।

খাদ্য পৰিপাকৰ দ্বিতীয় ঢাপ হ’ল খাদ্য দ্ৰৱীকৰণ আৰু হজম। ইয়াৰ বাবে প্ৰয়োজন এচিড, এলকালি, এনজাইম, হৰম’ন আৰু পানী। এই সম্পূৰ্ণ প্ৰক্ৰিয়া পাকস্থলী আৰু ক্ষুদ্ৰান্তত চলি থাকে। পানীৰ অভাৱত খাদ্য ভালদৰে হজম নহ’ব।

পৰিপাকৰ শেষ ঢাপক খোৱা খাদ্য সৰু সৰু মলিকিউল হিচাপে ক্ষুদ্ৰান্তৰ মিউকাচ বা ঝিলিৰ মাজেৰে শোষিত হয়। এই শোষণ পৰ্যায়তো সৰলীকৃত খাদ্য ক্ষুদ্ৰান্তৰ কোষত সোমোৱাৰ সময়ত পানীৰ সাহায্য গ্ৰহণ কৰে। অকল পৌষ্টিকতন্ত্ৰই নহয়, শৰীৰৰ যিকোনো কোষলৈ প্ৰতিনিয়ত চলি থকা লক্ষাধিক জৈৱ বিক্ৰিয়াৰ বাবে খুবেই জৰুৰী। শোষণৰ পাছত পৌষ্টিকতন্ত্ৰৰ কোষৰ পৰা তেজ নলী আৰু লচিকা নলীৰ সহায়ত খাদ্য লিভাৰ আৰু আন অংগলৈ স্থানান্তৰৰ সময়তো পানী অত্যন্ত গুৰুত্বপূৰ্ণ। অন্যান্য খোৱা খাদ্যৰ লগতে এই পানী শোষণ হ’লেও তেজৰ মাধ্যমেৰে গোটেই শৰীৰলৈ বিয়পি পৰে আৰু তেজৰ ইলেক্ট্ৰোলাইট আৰু নিজৰ মাজত ভাৰসাম্য ৰাখি চলে। এই অটুট পাৰস্পৰিক সম্পৰ্কৰ ওপৰতেই নিৰ্ভৰ কৰে ফুচফুচ আৰু মস্তিষ্কৰ অক্সিজেন সৰবৰাহ।

আমাৰ শৰীৰত পানীৰত উপকাৰিতা

পানীয়ে শৰীৰৰ পৰা দূষিত পদাৰ্থ দূৰ কৰে, হাৰ্ট এটেক, ষ্ট্ৰোকৰ সম্ভাৱনা কমাই দিয়ে। আমাৰ শৰীৰৰ তাপমাত্ৰা কমাই দিয়ে। মন সংযোগ, মনৰ স্থিৰতা, সিন্ধান্ত লোৱাৰ ক্ষমতা বঢ়ায় আৰু আনফালে উদাসীনতা আৰু টেনচন দূৰ কৰে। কনফিডেণ্স মেম’ৰী বঢ়োৱাত সহায় কৰে। বাৰ্ধক্য ৰোধ কৰিব নোৱাৰিলেও নিয়ন্ত্ৰণত অলপ হ’লেও সহায় কৰে। অধিক পানী খালে কোষ্ঠকাঠিন্য সমস্যা দূৰ হয়। পৰ্যাপ্ত পৰিমাণে পানী খালে ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ সংকোচ-প্ৰসাৰণ ঠিক থাকে বাবে শৰীৰত জমা হোৱা দূষিত পদাৰ্থ পায়খানাৰ দ্বাৰা খুব সহজে বাহিৰ হৈ যায়। গৱেষণাৰ পৰা জনা গৈছে যে খাদ্যৰ লগত অহা আৰু গেষ্ট্ৰো-ইনটোষ্টিনাল ট্ৰেক্ট মেটাবলিজিমত তৈয়াৰ হোৱা কেঞ্চাৰ সৃষ্টিকাৰক বিষাক্ত পদাৰ্থ পায়খানাৰে খুব সোনকালে বাহিৰ হৈ যায়, যদিহে গোটেই দিনত সঠিক পৰিমাণৰ পানী গ্ৰহণ কৰে। লিভাৰ আৰু শৰীৰৰ অন্যান্য অংগ ফেটমেটাবলিজিমৰ কাৰণে পানী ভীষণ জৰুৰী। সেয়েহে ওজন কমাবলৈ সঠিক পৰিমাণৰ পানীৰ প্ৰয়োজন। ইয়াৰ উপৰি শৰীৰৰ বাবে উপকাৰী বেছ কিছু প্ৰয়োজনীয় ভিটামিন (এ-ডি-ই-কে) আৰু মিনাৰেল পানীত দ্ৰৱীভূত হয় আৰু তাৰ পিছতহে হজম হ’ব পাৰে।

লেখকঃ ড০ সনাতন ডেকা

উৎসঃ অসমীয়া খবৰ