পদ্ধতিগতভাৱে কৰিবলগীয়া পুনৰায় জীয়াই তোলাৰ কৌশলসমূহক ‘এ বি চি’ বুলি জনা যায়। এ- মানে এয়াৰ এৱে’ বা বায়ু অহা-যোৱা পথ বা শ্বাস-প্ৰশ্বাস লোৱা নলী। বি- মানে ব্ৰেথিং, অৰ্থাত্ উশাহ-নিশাহ লোৱা। চি- মানে চাৰ্কিউলেশ্বন, অৰ্থাত্ তেজ চলাচল প্ৰক্ৰিয়া। দুৰ্ঘটনাগ্ৰস্ত লোক এজনক এই তিনিটা প্ৰধান কাৰ্যৰ ওপৰত চকু দিয়া হয়। প্ৰয়োজনবোধে সহায় কৰা হয় আৰু ৰোগীজনক জীয়াই তোলা হয় বা জী থকাত সহায় কৰা হয়। এয়াৰ এৱে’ বা শ্বাস-প্ৰশ্বাস নলী মুক্ত কৰি ৰখাটো অতি জৰুৰী। ৰোগীজনক কম্বল এখনৰ ওপৰত চিত কৰি, ওপৰলৈ মুখ কৰি শুৱাই দিয়ক। ব্যক্তিজন সচেতন অৱস্থাত আছেনে মন কৰক। উশাহ লৈ আছেনে পৰীক্ষা কৰক। নিজৰ কাণখন ৰোগীজনৰ মুখৰ ওচৰলৈ নিলে উশাহ লোৱাৰ শব্দ শুনা যায়। নতুবা ৰোগীজনৰ বুকু উঠা-নমা কৰিছেনে মন কৰিলেই উশাহ-নিশাহ লৈ থকাটো গম পোৱা যায়। শ্বাসনলী মুক্ত কৰি ৰাখক। মুখৰ ভিতৰত কিবা বস্তু সোমাই থাকিলে উলিয়াই আনক। ভগা দাঁত, বমিৰ বস্তু, লগোৱা দাঁত, কফ, বাহিৰৰ কিবা বস্তু, বোকা, মুদ্ৰা (সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত), মাৰ্বল আদি বস্তু সোমাই শ্বাসনলী বন্ধ কৰিব পাৰে। মুখৰ ভিতৰত আঙুলি সুমুৱাই এইবোৰ বস্তু উলিয়াই আনিব পাৰি। শ্বাসনলী মুক্ত কৰি ৰখাৰ দুই ধৰণৰ ব্যৱস্থা আছে ১) মূৰটো পাছ ফাললৈ ভাঁজ কৰিঃ ইয়াত ৰোগীজনৰ কপালত হাতৰ তলুৱাখন ৰাখি, ইখন হাতেৰে ৰোগীজনৰ থুঁতৰিটোত থকা হাতখনেৰে মূৰটো পাছফালে ঠেলক। এনে অৱস্থাত শ্বাসনলী সুচল হৈ পৰে। ২) দাঁতৰ তলৰ হাড় ঠেলিঃ শ্বাসনলী মুক্ত কৰি ৰখা হয়। ৰাজহাড় ভাগিলে এই পদ্ধতিৰে শ্বাসনলী মুক্ত কৰি সুচল কৰি ৰখা হয়। ৰোগীজনৰ মূৰৰ ফালে বহি বা থিয় হৈ দাঁতৰ তলৰ হাড়ডাল ওপৰলৈ টানি ধৰা হয় আৰু মূৰটো স্থিৰ কৰি ৰখা হয়, যাতে পাছলৈ ভাঁজ লাগি নাযায় বা ইফালে-সিফালে পৰি নাযায়। এনে কৰিলে শ্বাসনলী মুক্ত হয় আৰু উশাহ লোৱাত কষ্ট নহয়। খ) উশাহ-নিশাহ লোৱা- ১) মুখত মুখ লগাই উশাহ দিয়া। ২) নাকত মুখ লগাই উশাহ দিয়া। মুখত মুখ লগাই উশাহ দিয়া মুখৰ ভিতৰত কিবা বস্তু সোমাই থাকিলে উলিয়াই আনক। ডিঙিত টানকৈ লাগি থকা কাপোৰ বা আন বস্তু গুচাই লওক। শ্বাসনলী মুক্ত কৰি লওক। ৰোগীজনৰ নাকটো আঙুলিৰে বন্ধ কৰি মুখত মুখ লগাই উশাহ দিয়ক। প্ৰথমে নিজে দীঘলকৈ উশাহ লৈ, ৰোগীজনৰ মুখত মুখ লগাই উশাহ সুমুৱাই দিয়ক। ৰোগীজনৰ বুকুলৈ লক্ষ্য কৰক। বুকু উঠা-নমা কৰিছেনে মন কৰক। এইদৰে ৰোগীজনক মুখত মুখ লগাই উশাহ দি থাকিব লাগে, যেতিয়ালৈকে ৰোগীজনে নিজে নিজে উশাহ ল’ব পৰা নহয়। নাড়ীৰ গতি মন কৰক। যদিহে নাড়ীৰ গতি ঠিকে আছে প্ৰতি মিনিটত ১৬-১৮ বাৰ মুখত মুখ লগাই উশাহ দিয়া হয়। উশাহ নিজে ল’ব পৰা হ’লে ব্যক্তিজনক ‘ৰিক’ভেৰী পজিশ্বন’ত বা অৱস্থানত শুৱাই দিব লাগে। নাড়ীৰ গতি বন্ধ হ’লে বুকুত হেঁচা প্ৰয়োগ কৰি নাড়ীৰ গতি ঘূৰাই অনা হয়। নাকত মুখ লগাই উশাহ দিয়া মুখত আঘাত পালে, ৰোগীজনে বমি কৰি থাকিলে বা বিষ হোৱা ৰোগীৰ ক্ষেত্ৰত নাকত মুখ লগাই উশাহ দিয়া হয়। গ) ৰক্ত সঞ্চালন বা চাৰকিউলেশ্বন- কৃত্ৰিমভাৱে দিয়া শ্বাস-প্ৰশ্বাস বিফল হ’লে, নাড়ীৰ গতি বন্ধ হৈ গ’লে, কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ লগতে বুকুত হেঁচা প্ৰয়োগ কৰি মানুহজনক জীয়াই তোলাৰ চেষ্টা কৰা হয়। ইয়াক কোৱা হয় ‘চি পি আৰ’, অৰ্থাত্ ‘কাৰ্ডিঅ’ পালম’নেৰী ৰিচাচ্ইটেশ্বন’। প্ৰথমে ৰোগীজনক সমান ঠাই এটুকুৰাত কম্বল এখনৰ ওপৰত শুৱাই দিয়ক। ৰোগীজনৰ শ্বাসনলী মুক্ত কৰি ৰাখক। মূৰটো পাছফাললৈ ঠেলি, ডিঙি অলপ ওপৰলৈ উঠাই, থুঁতৰি ওপৰলৈ দাঙি ধৰিলে শ্বাসনলী মুক্ত হৈ উশাহ লোৱাত সুচল হয়। বুকুৰ কামিহাড়ৰ মাজৰ দীঘলীয়া হাড়ডাল, যাক ইংৰাজীত ‘ষ্টাৰনাম’ বোলে, তাৰ তলৰ জোঙা অংশটো চিনাক্ত কৰক। মনিবন্ধনৰ গাঁঠিটো উক্ত অংশটোত ৰাখি বাকীখন হাত প্ৰথম হাতখনৰ ওপৰত ৰাখি বুকুত হেঁচা দিয়া হয়। বুকুৰ ওচৰত আঁঠু কাঢ়ি লৈ হাত দুখন চিধা কৰি কান্ধৰ পৰা জোৰ দিব লাগে। হেঁচা দিয়াৰ সময়ত দুই হাতৰ আঙুলি এটাৰ মাজত আনটো আঙুলি সুমুৱাই আৱদ্ধ কৰি ল’ব লাগে। প্ৰতিবাৰ হেঁচোতে ষ্টাৰনাম কমেও ৪-৫ ইঞ্চি তললৈ নমাটো হেঁচিব লাগে। এইদৰে ১৫ বাৰ হেঁচাৰ পিছত ২ বাৰ দীঘলীয়াকৈ উশাহ দিয়া হয়। ১৫ বাৰ বুকুত হেঁচা দিয়াৰ পাছত ব্যক্তিজনৰ মূৰৰ ওচৰলৈ গৈ শ্বাসনলী মুক্ত কৰি মুখত মুখ লগাই দুবাৰ উশাহ দিয়া হয়। নাড়ীৰ গতি প্ৰথম মিনিটৰ পাছত মন কৰক। নাড়ীৰ গতি স্তব্ধ হ’লে পুনৰ আগৰ দৰে বুকুত হেঁচা প্ৰয়োগ কৰিব লাগে আৰু মুখত মুখ লগাই উশাহ দিব লাগে। তিনি মিনিটৰ পাছত পুনৰ নাড়ী পৰীক্ষা কৰিব লাগে। নাড়ীৰ গতি অনুভূত হোৱাৰ লগে লগেই বুকুৰ হেঁচা বন্ধ কৰিব লাগে। মুখত মুখ লগাই উশাহ দিয়া প্ৰক্ৰিয়া চলি থাকিব, যেতিয়ালৈকে নিজে নিজে উশাহ ল’ব পৰা নহয়। ইয়াৰ পাছত ব্যক্তিজনক ৰিক’ভেৰী অৱস্থানত শুৱাই দিয়া হয়। এজন মানুহ থাকিলে চি পি আৰ কেনেকৈ কৰিব অকলে থাকিলে প্ৰতি ১৫ বাৰ বুকুত হেঁচা দিয়াৰ বিপৰীতে ২ বাৰ মুখত মুখ লগাই উশাহ দিব লাগে। দুবাৰ উশাহ ৫ ছেকেণ্ডৰ ভিতৰত, ১৫ বাৰ বুকুৰ হেঁচা ৮০ বাৰ প্ৰতি মিনিট হিচাপত দিব লাগে। দুজন মানুহ থাকিলে চি পি আৰ কৰাৰ নিয়মঃ এজনে বুকুত হেঁচা আৰু আনজনে মুখত মুখ লগাই উশাহ দিব লাগে। এবাৰ উশাহ দিব লাগে প্ৰতি ৫ বাৰ বুকুত হেঁচা দিয়াৰ বিপৰীতে। চি পি আৰ সফল হোৱা বুলি কেনেকৈ জানিব? প্ৰতিবাৰ কৃত্ৰিমভাৱে উশাহ দিওঁতে ৰোগীজনৰ বুকু ফুলি উঠিলে। প্ৰতিবাৰ বুকুত হেঁচা দিয়াৰ সময়ত নাড়ীৰ গতি অনুভূত হ’লে। ভৰি-হাত লৰচৰ কৰিলে। নিজে নিজে উশাহ লোৱা আৰম্ভ কৰিলে। হৃদস্পন্দন স্বাভাৱিক হ’লে চি পি আৰ সফল হোৱা বুলি বুজিব পাৰি। মনত ৰাখিবলগীয়া কথা- চি পি আৰ কোনো কাৰণতে ৫ ছেকেণ্ডৰ ওপৰ বন্ধ ৰাখিব নালাগে। ব্যক্তিজনক সুস্থ নোহোৱালৈ আন ঠাইলৈ নিব নালাগে। প্ৰতিবাৰ বুকুত হেঁচা দিয়াৰ পিছতো হাত দুখন ঠাইতে ৰাখিব লাগে চাপ নিদিয়াকৈ, পিছৰবাৰ হেঁচা নিদিয়ালৈকে। হেঁচা কান্ধৰ পৰা আহিব লাগে। হাত ভাঁজ নকৰাকৈ লম্বভাৱে বুকুৰ ওপৰত ষ্টাৰনামৰ তলৰ অংশত চাপ দিব লাগে। ৪-৫ ইঞ্চি তললৈ বহি যোৱাকৈ হেঁচা নিদিলে চি পি আৰ কামত নাহে। নিজে নিজে উশাহ ল’বলৈ আৰম্ভ কৰিলে, নাড়ীৰ গতি নিয়মীয়া হ’লে, অভিজ্ঞ লোক বা চিকিত্সালয়লৈ প্ৰেৰণ কৰিব লাগে। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত চি পি আৰ সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত নাক আৰু মুখ একেলগ কৰি মুখ লগাই উশাহ দিব লাগে। প্ৰতি মিনিটত ২০ বাৰ হিচাপে প্ৰথম ৪ বাৰ উশাহ দিয়াৰ পাছত নাড়ীৰ গতি মন কৰিব লাগে। ইয়াৰ পাছত এখন হাতেৰে বুকুত হেঁচা প্ৰয়োগ কৰা হয়। মিনিটত ১০০ বাৰ হিচাপে বুকুৰ মাজৰ হাড় ২.৫ ৰ পৰা ৩.৫ ইঞ্চি তললৈ বহি যোৱাকৈ বুকুত হেঁচা দিয়া হয়। এবছৰীয়া শিশুৰ ক্ষেত্ৰত চি পি আৰ উশাহ সৰু ল’ৰা-ছোৱালীক দিয়া ধৰণে। বুকুত হেঁচা দুটা আঙুলিৰে দিয়া হয়, বুকুৰ হাড় ১.৫ ৰ পৰা ২.৫ ইঞ্চি তললৈ বহি যোৱাকৈ দিয়া হয়। লেখক: ডাঃ ৰাজীৱ লোচন শৰ্মা, জিএনআৰচি স্বাস্থ্য।