বৰ্তমান যুগত ফেশ্বনেবল কাপোৰ-কানি পিন্ধি আধুনিক হ’লেও নহ’ব । ইয়াৰ সমান্তৰাল ভাৱে নিজৰ শৰীৰৰ অংগসমূহৰ যত্ন লোৱাটো দৰকাৰ । কেতিয়াবা দেখা যায় যে কাপোৰযোৰ খুব দামী পিন্ধিছে । কিন্তু ভৰিৰ হয়, গোৰোহা ফটা, নহয় মোজাৰ দুৰ্গন্ধত থাকিব নোৱাৰি । গতিকে এনেস্থলত পুৰুষসকলে ব্যস্ততাৰ মাজৰ পৰাই সময় উলিয়াই অলপমান ভৰি দুখনৰ যত্ন ল’লেই হয় ।

বহুতৰ আকৌ ভৰিৰ চুলিত উফি হোৱা দেখা যায় । এনে লোকে পাৰিলে পাৰ্লাৰলৈ গৈ ১৫ দিনৰ মূৰত পেডিকিউৰ কৰাব । নিশা ভৰি ধুই, মচি মিঠাতেল সানি থ’ব ।

যিসকলৰ ভৰিৰ সমস্যা বেছি, তেনে লোকে দিনটোত দুই-তিনিবাৰ ভৰি ধুব । মোজা দিনটোত দুবাৰ সলাব । সদায় ধোৱা মোজাহে পিন্ধিব । নিশা শোৱাৰ আগতে ভৰি দুখন ধুই শুকান কাপোৰেৰে মচি ভাল কোম্পানীৰ ‘ফুট ক্ৰীম’ ব্যৱহাৰ কৰিব । তদুপৰি বহু লোকৰে ভৰি ঘামি থ কে । তেওঁলোকে ভৰি ধুই শুকান কাপোৰেৰে মচি, ভৰিত টেলকম পাউদাৰ লগাব । যিসকলৰ আঙুলিৰ ফাঁকত ইনফেকচন হয়, তেনে লোকে দুবৰি পাত, নিমপাত, জেতুকা পাত পিহি গোটেই নিশা লগাই এখন কাপোৰেৰে মেৰিয়াই থ’ব । পাৰিলে এক সপ্তাহ কৰিব ।

পুৰুষে পাৰিলে ভাল অভিজ্ঞ লোকৰ হতুৱাই পেডিকিউৰ মাহত এবাৰকৈ কৰাব লাগে । কাৰণ অভিজ্ঞ পৰামৰ্শদাতাৰ হতুৱাই কৰালে আপোনাৰ ভৰিৰ সমস্যা অনুসৰি পেডিকিউৰ কৰাব। আপোনাৰ যদি গোৰোহা ফাটিছে, তেন্তে ভৰিত পেৰাফিন পেডিকিউৰ কৰাব । নহ’লে পেডিকিউৰ স্পা কৰাব পাৰে । পুৰুষসকলে নিজেও ঘৰতে ভৰিৰ যতন লোৱা উচিত । পুৰুষে সদায় মোজা পৰিষ্কাৰ পিন্ধা উচিত । যিসকলৰ ভৰি খুব ঘামে, তেনে লোকে পাৰিলে বতাহ সোমাব পৰা জোতা বা চেণ্ডেল ব্যৱহাৰ কৰা উচিত । নহ’লে জোতা বা মোজা পিন্ধাৰ আগত অলপ পাউদাৰ লগাই থ’ব । ভৰি ভালদৰে পৰিষ্কাৰ নকৰাৰ ফলত ভৰিৰ পৰা দুৰ্গন্ধ ওলায়, কাৰণ অতিপাত ভৰি ঘামিলে ভৰিত এপ্ৰোক্সাইন ঘৰ্মগ্ৰন্থিৰ সৃষ্টি হয় আৰু গোন্ধায় । কিছুমানৰ আকৌ নখত বা আঙুলিৰ ফাঁকবোৰত ‘ফাংগাছ ইনফেকচন’ হৈ ডাঙৰ সমস্যাৰ সন্মুখীন হয় । বহুতে মোজাযোৰ জোতাৰ মাজত সুমুৱাই থৈ দিয়ে, যাৰ ফলত তাত ‘বেক্টেৰিয়া’ ৰ উৎপন্ন হয়। আকৌ পিচদিনা সেইযোৰ মোজা পিন্ধিলে গোন্ধ ওলায় ।

ভৰিৰ যতনত কেইটামান ঘৰুৱা দিহা -

১) প্ৰথমে ভৰি দুখন ভালদৰে ধুই মচি ল’ব । এচামুচ ভিনেগাৰ, এচামুচ মৌ, এচামুচ তিল তেল গৰম কৰি ভৰিত মালিচ কৰক ১০-১৫ মিনিট, যিসকলৰ ভৰি খুব বেছি ফাটিছে, তেওঁলোকে এই মিশ্ৰণ সদায় নহ’লে সপ্তাহত দুদিনকৈ লগাব । পিচত পানীৰে ধুই দিব ।

২) ভাল খাঁটি নাৰিকল তেলেৰে গোৰোহা নিশা শোৱাৰ আগতে মালিচ কৰিব । পুৱা ধুই দিব।

৩) গোলাপ জল আৰু গ্লিচাৰিন মিহলাই শোৱাৰ আগত লগাব ।

৪) এমুঠি নিমপাত পিহি তাৰ ৰসৰ লগত এচামুচ হালধি গুড়ি মিহলাই গোৰোহা লগাই ১০ মিনিট ৰাখি পানীৰে ধুই দিব ।

৫) কলৰ বাকলিটোৰ লাহে লাহে ফটা অংশত লগাই ১০ মিনিট সানি ধুই দিব ।

৬) এবাল্টি পানীত অলপ নিমখ, নেমু চেপি সেই পানীত ভৰি ডুবাই ৰাখিব ২০ মিনিটলৈ ।

লেখিকা : বৰ্ণালী ভট্টাচাৰ্য

উৎস : দেওবৰীয়া সম্ভাৰ