*আহাৰ গ্ৰহণ কৰোঁতে পানী নাখাব। অন্যথা বদহজম হোৱাৰ সম্ভাৱনা থাকে।

*খাদ্যত অধিক তেল, মচলা দিব নালাগে।

*মনোযোগেৰে আহাৰ গ্ৰহণ কৰিব।

*সদায় খোৱাৰ টেবুলত বা মজিয়াত আহাৰ গ্ৰহণ কৰিব। টিভি চাই অথবা বিছনাত আহাৰ গ্ৰহণ কৰা অনুচিত।

*খৰকৈ খাব নালাগে, ভালদৰে চোবাই আহাৰ গ্ৰহণ কৰিব লাগে।

*আহাৰ গ্ৰহণ কৰাৰ আগতে চাবোনেৰে ভালদৰে হাত ধুব লাগে।

*টান খাদ্যবস্তু বেছিকৈ চোবাব লাগে।

*দিনটোত সামান্য হ’লেও কেঁচা খাদ্য খাবলৈ যত্ন কৰিব।

*সেউজীয়া শাক-পাচলি, ফলমূল প্ৰতিদিনে আহাৰত থকাটো অপৰিহাৰ্য।

*খাই উঠিয়েই শুব নালাগে। অতি কমেও ১ ঘন্টাৰ পিছতহে শুব লাগে।

উৎস: নিয়মীয়া বাৰ্তা