স্বাভাৱিক ছালৰ উজ্জ্বলতাৰ বাবে এটা কণীৰ হালধীয়া অংশ, দুই টেবুল চামুচ কেঁচা গাখীৰ, এচামুচ গুলপীয়া বুটৰ গুড়ি, আধা চামুচ মৌ একেলগে মিহলাই ল’ব। চকুৰ চাৰিওফালে বাদ দি মুখ আৰু ডিঙিত লগাব। ১৫ মিনিটৰ পাছত প্ৰথমে কেঁচা গাখীৰেৰে মুখখন তিয়াই পানীৰে ধুব।

তেলেতীয়া ছালৰ গৰাকীয়ে সপ্তাহত মুখত এদিন ভাপ ল’ব। ভাপ ল’লে নোমৰ গুৰি মুকলি হৈ ছাল পৰিষ্কাৰ হয়। ভাপ লোৱাৰ পাছত এটুকুৰা বৰফ মুখখনত বুলাই ল’ব। মুখৰ ছাল অনুজ্জ্বল হৈ পৰিলে ছালৰ মৃতকোষ আঁতৰাই ছালখন উজ্জ্বল কৰিবলৈ কাঠবাদাম তেলৰ লগত এচিকুট নিমখ মিহলাই ১০ মিনিট মালিচ কৰিব।

ছালখন বেছি তেলেতীয়া হ’লে এফাল বিলাহীৰ ৰসৰ লগত এচিকুট কৰ্পূৰ মিহলাই ১০ মিনিটৰ বাবে লগাব। ছালৰ তেলেতীয়া ভাব নাইকিয়া হোৱাৰ লগতে ছালখন উজ্জ্বল হ’ব।

শুকান ছালৰ গৰাকীয়ে ছালখন মসৃণ কৰিবলৈ কেইটোপালমান গোলাপৰ তেল ১০ মিনিটৰ বাবে মুখত লগাই কপাহেৰে তুলি পেলাব।

ছালৰ বয়স্কৰেখা নাইকিয়া কৰিবলৈ পদুম ফুলৰ তেল আৰু চন্দন তেল সমপৰিমাণে মিহলাই ১৫ মিনিট সময় মুখ মালিচ কৰিব।

তেলেতীয়া ছালৰ বাবে ৰঙা চন্দন পিহা আৰু খেজুৰৰ ৰস মিহলাই ১৫ মিনিট সময় মুখত লগাই ধুই পেলাব।

হাত-ভৰিৰ ছাল কোমল আৰু বগা কৰিবলৈ আধা চামুচ বগা ভিনেগাৰ, এটা গোল নেমুৰ ৰস আৰু এচামুচ চেনি মিহলাই ছালত লগাই চেনিখিনি গলি নাইকিয়া নোহোৱালৈকে মালিচ কৰিব। পানীৰে ধুই মইশ্বাৰাইজাৰ লগাব।

ছালত শালমনৰ সমস্যা থাকিলে এচামুচ ওটমিল পাউদাৰ, তিঁয়হৰ ৰস আৰু গোলাপজল মিহলাই এটা প্ৰলেপ তৈয়াৰ কৰি লগাব। ১৫ মিনিটৰ পাছত ধুই ট’নাৰ লগাব। সপ্তাহত দুদিনকৈ কৰিলে সুফল পাব।

উত্সঃ অসমীয়া খবৰ, মালা মহন্ত ভূঞা