অমূলক ভয়ৰে নাম ফ’বিয়া। অৱশ্যে ফ’বিয়া মানে কেৱল ভয় নহয়। ভয়ৰ সৈতে থাকে কিছুমান অমূলক দুশ্চিন্তা, আতংকিত ভাব প্ৰচণ্ড বিৰক্তিৰ লগতে পৰিস্থিতি এৰাই চলাৰ প্ৰৱণতা। ভিত্তিহীন বা অমূলক ভয়ৰে আন নাম ফ’বিয়া। ফ’বিয়াৰপৰা যেয়িয়া নিজৰ লগতে আনৰ অসুবিধাৰ কাৰণ হৈ পৰে, তেতিয়া ই হৈ পৰে ৰোগ। চিকিৎসা বিজ্ঞানৰ ভাষাত যাক কোৱা হয় আংজাইটী ডিছঅ’ৰ্ডাৰ। ফ’বিয়াৰ প্ৰকাৰ - ফ’বিয়া বিভিন্ন ধৰণৰ আছে- ছ’চিয়েল ফ’বিয়া: সমাজত মিলা-মিছা কৰাৰ অমূলক ভয়। অমূলক ভয়ৰ বাবে কথা কওঁতে বেছি সচেতন হয়, অস্বস্তিত পৰি নাৰ্ভোছো হয়। বিশেষ ক্ষেত্ৰৰ ফ’বিয়া: বিশেষ পৰিস্থিতিৰ বাবে অথবা নিৰ্দিষ্ট কোনো বস্তুৰপৰা অকাৰণে পোৱা ভয়। এনেধৰণৰ পাঁচ প্ৰকাৰ ফ’বিয়া আছে- ক)সাপ, মেকুৰী, বাঘ, মকৰা আদি জীৱ-জন্তুৰপৰা ভয়, খ)পানী, অন্ধকাৰ ঠাই ইত্যাদিলৈ ভয়, গ)লিফট, টানেল আদি বদ্ধৱস্থাৰপৰা ভয়, ঘ)আঘাত বা ৰক্ত দেখি পোৱা পোৱা ভয়। অন্যান্য চিকিৎসা পদ্ধতিৰ ভয়, ঙ)নিশ্বাস বা দম বন্ধ হৈ মৃত্যু হোৱাৰ ভয়। এগাৰো ফ’বিয়া: মুকলি ঠাইত ওলাবলৈ ভয় পোৱা। ৰোগীবোৰে ঘৰৰ ভিতৰতে নিৰাপদ অনুভৱ কৰে। সাধাৰণতে শ্ব’পিং মল, চিনেমা হল আদিৰপৰা আঁতৰত থকা। ফ’বিয়াৰ লক্ষণবোৰ - ক)শাৰীৰিক: হৃদস্পন্দন বৃদ্ধি পায়, ডিঙি, মুখমণ্ডল শুকাই যায়, প্ৰচণ্ড ঘাম বাহিৰ হয়, বুকুৰ বিষ হয়, পেশী টানি ধৰে, কঁপনিও উঠে, বমি বমি ভাব, মূৰ কামোৰণিৰ লগতে নিশ্বাস আদিৰ সমস্যাই দেখা দিয়ে। মানসিক লক্ষণ: অমূলক ভয়, বাহিৰৰ লোকক এৰি চলা, আত্মবিশ্বাস কমি যোৱা হতাশা ইত্যাদি। চিকিৎসা: মানসিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। পৰিয়ালৰ সহযোগ গুৰুত্বপূৰ্ণ। লেখক: প্ৰসাদ দাস(দৈনিক অসম)