জীৱনৰ প্ৰতিটো দিনৰ দৌৰা-ঢপৰাত বয়সৰ আঁচোৰ কেতিয়া পৰে গমকে পোৱা নাযায়। ঘৰ-সংসাৰৰ এশ এবুৰি দায়িত্ব পালন আঁহোতে সময়ে কেতিয়া আপোনাৰ দেহত সাঁচ বহুৱাই যায়, খবৰেই নাথাকে। দাপোনত নিজক চালে তাৰ আভাস পোৱা যায়। চুলিকোছাত স্পষ্ট হোৱা ৰূপালী ৰং, শুষ্ক নিস্তেজ হৈ পৰা হাত-ভৰি, বয়স বঢ়া মাত্ৰকে শক্তিহীনতা আদি। পিছে চিন্তা কৰা প্ৰয়োজন নাই। ল’ৰা-ছোৱালীহাল ডাঙৰ হৈছে। সিহঁতৰ এখন নিজস্ব পৃথিৱী আছে। পতিদেৱো ব্যস্ত আছে। গতিকে আপুনি তুলনামূলকভাৱে এতিয়া বহুখিনি আজৰি হৈছে। তেন্তে এনে কিছু কাম কৰক, যিবোৰ আজি পৰ্যন্ত আপুনি কৰিব পৰা নাই।

ইতিবাচক চিন্তাক আগস্থান দিয়ক

আজি পৰ্যন্ত যদি আপোনাৰ মন নিৰাশাৰে ভৰি আছে, তেন্তে জীৱনক উজলাই তোলাৰ কথা ভাবক। ইতিবাচক চিন্তাই যিকোনো কঠিন পৰিস্থিতিকো কেনেদৰে সৰল কৰি তোলে, আপুনি নিজে দেখি আচৰিত হ’ব। আচলতে আমি যেনে ধৰণে ভাবো, তেনে ধৰণেৰেই ফল পাওঁ। এই কাৰণতে ইতিবাচক চিন্তাক আগস্থান দিয়ক।

মনটো ডেকা কৰি ৰাখক

নিজক কেতিয়াও বুঢ়া বুলি নাভাবিব। আপোনাৰ আও-ভাও, কাম-কাজ, চিন্তা-ভাবনা সকলো উছাহপূৰ্ণ তথা সফুৰ্তিৰে ভৰা হোৱা উচিত। বুঢ়া বা বুঢ়ী হ’লো বুলি মানি নল’ব। বয়স বাঢ়িলেও যুৱ মন এটা থাকিলে শৰীৰ-মনলৈ নৱ উদ্যম আহে। গতিকে নিজকে শক্তিমান বুলি ভাবিবলৈ লওক।

প্ৰাণায়াম কৰক

সুস্বাস্থ্যই সুখৰ সোপান। এই পৰ্যন্ত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰি আহিছে যদিও কোনো কথা নাই। কিন্তু, এতিয়াৰপৰা সজাগ হওক। কোনো অভিজ্ঞ প্ৰশিক্ষকৰ পৰামৰ্শ অনুসাৰে প্ৰাণায়াম আৰম্ভ কৰক। প্ৰাত:ভ্ৰমণো কৰিব পাৰে। ইচ্ছা হ’লে জিমলৈও যাব পাৰে। উপযুক্ত ব্যায়ামেৰে কেৱল স্বাস্থ্যই যে ভাল হ’ব, এনে নহয়, বৰং বাঢ়ি অহা বয়সৰ কিছুমান ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰিব।

পঢ়া-শুনা কৰক

পঢ়াৰ কোনো বয়স নাথাকে। জীৱনত যদি কেতিয়াবাই আপুনি পঢ়িবলৈ এৰি দিছিল আৰু এতিয়া যদি পুনৰ পঢ়াৰ ইচ্ছা হৈছে, তেনেহ’লে আৰম্ভ কৰক। আজিকালি বিভিন্ন ব্যৱসায়িক পাঠ্যক্ৰম আছে আপোনাৰ বাবে। এই সমূহৰ সুবিধা ল’ব পাৰে।

গাড়ী চলাবলৈ শিকক

বহু সময়ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আপোনাৰ বিভিন্ন কলাৰ শিক্ষা গ্ৰহণত বাধা পৰে। যদি আপুনি গাড়ী চলাবলৈ শিকিব বিচাৰে, তেন্তে শিকক। এতিয়াও পলম হোৱা নাই। দুচকীয়া, চাৰিচকীয়া গাড়ী চলাবলৈ শিকাৰ বাবে যিকোনো মটৰ ড্ৰাইভিং স্কুলৰ সহায়ত প্ৰশিক্ষণ ল’ব পাৰে। চিন্তা নকৰিব- ড্ৰাইভিং লাইচেন্সতো বয়সৰ কোনো সীমাবদ্ধতা নাথাকে।

কম্পিউটাৰ শিকক

ধৰা হ’ল, আপোনাৰ দিনত কম্পিউটাৰৰ কোনো অস্তিত্বই নাছিল। কিন্তু, আজিৰ পৃথিৱীখন ইণ্টাৰনেটৰ। কম্পিউটাৰ শিকাটো একো কঠিন কাম নহয়। এবাৰ শিকি ল’ব পাৰিলে আপুনি সন্তানটিৰ সৈতে খোজত খোজ মিলাই চলিব পাৰিব। সেই গতিকে কম সময়ৰ কম্পিউটাৰৰ ক’ৰ্ছ এটা কৰি আপুনিও সঁচা অৰ্থত হওক আধুনিক।

মনটো চৌখিন কৰি তোলক

প্ৰত্যেক ব্যক্তিৰে নিজস্ব কিছুমান চখ থাকে। আপুনিও যদি চিলাই, বোৱা-কটা, ছবি অঁকা, ৰন্ধা-বঢ়া, বাগিছা কৰা, লেখা-পঢ়া ইত্যাদি পৰিয়ালৰ দায়িত্বৰ হেতু কৰিব পৰা নাছিল, তেন্তে এতিয়া আৰম্ভ কৰক যিকোনো বয়সত, যিকোনো সময়তে। এষাৰ কথা মনত ৰাখিব- যি সন্তুষ্টি আপোনাৰ চখে আনি দিব, সেয়া অন্য একোৱে দিব নোৱাৰে। বহু মহিলাই ইয়াৰ যোগেদি আৰ্থিকভাবে সচ্ছলো হ’ব পাৰে।

সাজ-পোছাকলৈ পৰিৱৰ্তন আনক

আপোনাৰ যদি ইচ্ছা আছিল, আধুনিক সাজ যেনে- জিনছ, টি-চাৰ্ট, চুৰিদাৰ আদি পিন্ধিবলৈ, তেনেহ’লে এতিয়া অকণো সংকোচ নকৰাকৈ পিন্ধক। মানুহে কি বুলিব বুলি আপুনি ভাবি সময় নষ্ট নকৰিব; কিয়নো আপোনাৰ দেহত এনেবোৰ সাজপাৰে যদি শুৱায়, তেন্তে চিন্তা কৰিবলগীয়া একো নাই। কেৱল শালীনতা অটুট ৰাখি পৰিধান কৰিব।

প্ৰতিযোগিতাত ভাগ লওক

স্কুল-কলেজৰ দিনৰপৰাই যদি প্ৰতিযোগিতাত অংশ লোৱাৰ ইচ্ছা আছিল, তেন্তে এতিয়াও সময় উকলি যোৱা নাই। ৰন্ধা-বঢ়া, পুষ্প-সজ্জা, মেহেন্দি, হেয়াৰ ষ্টাইল, সাধু কোৱা ইত্যাদি বিষয়ক প্ৰতিযোগিতাত অংশ লৈ আপুনি নিজৰ যোগ্যতাৰ প্ৰদৰ্শন কৰিব পাৰে।

ব্যৱসায় আৰম্ভ কৰক

পাৰিবাৰিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি অথবা ব্যৱসায়ৰ বিশেষ সম্ভাৱনা থকা ক্ষেত্ৰ যদি আপোনাৰ দৃষ্টিগোচৰ হৈছে, তেন্তে আপুনি ব্যৱসায়ৰ শুভাৰম্ভ কৰিব পাৰে। বেছি বয়সত ব্যৱসায় কৰাৰ সবাতোকৈ লাভ হৈছে আপোনাৰ অভিজ্ঞতা।

সমাজ সেৱা আৰম্ভ কৰক

দুখীয়া-নিছলাজনক সহায় কৰিব বিচাৰে যদি এই সময়খিনিয়ে আপোনাৰ বাবে অনুকূল হ’ব। ঘৰ-সংসাৰৰ দায়িত্ব কিছু কমি অহাৰ হেতু আপুনি সামাজিক কামত অংশ লোৱাৰ সুযোগ পাব। দুখীয়া ল’ৰা-ছোৱালীক পঢ়োৱা, গছপুলি ৰোৱা, নিৰ্যাতিত মহিলাক আশ্ৰয় দিয়া ইত্যাদি সকলো কাৰ্য এই সময়ত কৰিব পাৰে।

বিবাহৰ কথা ভাবক

বয়স কিছু হৈ গ’ল, কিন্তু আপুনি এতিয়াও যদি অকলে আছে, তেন্তে সংকোচ নকৰি বিয়াৰ কথা ভাবিব পাৰে। এইটো বয়সত সংগ দিবলৈ আপোনাক এজন সহযোগীৰ অতি প্ৰয়োজন হয় আৰু যদি আপুনি পৰিত্যক্তা, বিচ্ছেদিতা বা বিধৱা হয়, তেতিয়াও সুযোগ্য ব্যক্তিৰ সৈতে পুনৰ্বিবাহ কৰিব পাৰে।

সাঁতোৰ শিকক

জীৱনত বহু মানুহৰেই সাঁতোৰ শিকাৰ হেঁপাহ থাকে। বয়স বাঢ়িলেও আপুনি সাঁতুৰিবলৈ শিকিব পাৰে। প্ৰয়োজন কেৱল দৃঢ় বিশ্বাসৰ। সাঁতুৰিবলৈ শিকি আপুনি আনন্দ পাব। শক্তি বাঢ়িব আৰু শৰীৰ-মনলৈ সতেজতা আহিব।

ইজনে সিজনক সহযোগ কৰক

এজনে যদি ব্যৱসায় কৰে, তেন্তে আজৰি সময়কণত আনজনে তেওঁৰ কাম-কাজত সহায় কৰিব পাৰে। তেওঁৰো ভাল লাগিব আৰু আপুনিও বহু কথা শিকিব পাৰিব। ব্যৱসায়ৰো উন্নতি হ’ব।

ভ্ৰমণ কৰক:প্ৰায়ে ঘূৰা-ফুৰাৰ কথা ওলালেই ল’ৰা-ছোৱালীৰ পঢ়া-শুনা বা পতিৰ চাকৰি আদিৰ কথাই হেঙাৰৰ সৃষ্টি কৰে। এতিয়া বয়সৰ লগে লগে কিছু আজৰি সময় পাইছে যেতিয়া ভ্ৰমণৰ চখ পূৰণ কৰিব পাৰে।

আপুনি যদি মনেৰে কিবা এটা কৰিম বুলি ভাবি আছে, তেতিয়াহ’লে একোৱে অসম্ভৱ নহয়। ‘লাইফ ষ্টাৰ্ট এট্ ফৰ্টী’- এই বয়সৰ পৰিপক্কতা আৰু অনুভৱে আপোনাক এখন নতুন পৃথিৱীৰ সন্ধান দিব পাৰে, কিন্তু আপোনাৰ দৃষ্টিভংগী হ’ব লাগিব ইতিবাচক।

লেখিকা: ৰীণা দেৱী, দৈনিক অসম