চল্লিশ বছৰৰ ওপৰৰ লোকৰ বাবে বিশেষ সতৰ্কতা ১) ৪০ বছৰ পাৰ হ'লে ইলিছ মাছ, নিচলা মাছ, বৰালী মাছ, কেঁচা নিমখ, দাইল বড়া, কণী আৰু নিমখীয়া (সাগৰীয় পানীৰ) মাছ নাখাব। ২) কেৱল দাইল ৰান্ধি কেতিয়াও নাখাব। কেঁচা কল, অমিতা পটল, জিকা, লাউ, মূলা, চজিনা যি পায় কিবা দাইলত দি ৰান্ধি খাব। যদি একো নাপায়, ১-২ কোঁহ নহৰু দিব বা এটা কেঁচা জলকীয়া দি হলেও ৰান্ধিব। ৩) কেঁচা কল (পুৰাকল), ডিমৰু, চজিনা, কচুৰ ঠোৰ, কোমোৰা, পিঁয়াজ, টেঙা দৈ, মানকচু, ওল, আম, কল-পচলা, কলফুল, পদুম ফুল, ভেঁটফুল আৰু গৰুৰ গাখীৰ ছানা খাব। ৪) ৰাতি শোৱাৰ আগত ১ চামুচ মৌ খাব। ৫) সামিষ আহাৰৰ ভিতৰত কেঁচা কণী, সৰু মাছ, কাৱৈ, শিঙি, মাগুৰ খাব। কলাৰ দাইল নাখাব বা কম খাব। ৬) যাৰ ব্লাড ছুগাৰ আছে তেওঁলোকে ৰাতিপুৱাই খালী পেটত খোজকাঢ়ি ফুৰিব। ১০-১২ টা চাউল আৰু ১০-১২ টা তুলসীৰ পাত খোজকাঢ়ি আহি খাব। ৰাতিপুৱা বুট ভিজাই থোৱা পানীও খাব পাৰে। মিথি ভিজোৱা পানী উপকাৰী। চয়াবিন সিজোৱা পানী, চয়াবিন গাখীৰ খাব। অংকুৰিত চয়াবিন খাব। ৭) চাকি আটাহে খাব, মিহি আটা নাখাব, ৭ দিনৰ মূৰে মূৰে গাখীৰ আৰু আখৈ খাব। কুঁহিয়াৰৰ গুৰ উপকাৰী। ৮) যিসকল ল'ৰালিকালৰ পৰাই ক্ষীণাই গৈ থাকে তেওঁলোকে এই বয়সত প্ৰতিদিনে বিলাহী, মূলা শাক, কেঁচাকল, টেঙা দৈ আদি খাব পাৰে। দেহৰ ক্ষয় ৰোধ হ'ব। ৯) যাৰ অৰ্শ ৰোগ আছে টান ভাত নাখাব। পানী থকা ঢিলা ভাত ভাব। মলদ্বাৰত এৰাৰ তেল বা নাৰিকলৰ তেল দিব। ১০) ল' প্ৰেছাৰ থকা লোকে বিশ্ৰাম লব। কিন্তু দিনত নুশুব। আৰু ৰাতি খোৱাৰ পিছত ৩০ মিনিট ঘূৰি-ঘূৰি (ঘৰৰ ভিতৰতে) কৰিব। ভজা, শুকান বস্তু নাখাব। ১১) হাইপ্ৰেছাৰ থাকিলে আবেলি খোজ কাঢ়িব আৰু পাৰিলে পানীত ডুব মাৰি গা ধুব। ১২) বাত বেমাৰ থাকিলে কণী নাখাব। সদায় পুৱা, গধূলি ৪ কি.মি. মান খোজ কাঢ়িব। বিষ থকা ঠাইত তেল মালিছ কৰিব। ১৩) দিনত ভাত আৰু ৰুটি মিহলাই খাব। ৰাতি কেৱল ৰুটিয়ে খাব। ভাত-ৰুটি অলপ খাব। শাক-তৰকাৰী অনুপাত মতে অলপ বেছি খাব। তথ্য সংগ্ৰহ... ডাক্টৰ ব্ৰজনাথ শৰ্মা।