বয়স্ক লোকসকলেও সকলো দিনতে সক্ৰিয় হৈ থকাৰ বাবে চেষ্টা কৰা উচিত । ইয়াৰ বাবে বিভিন্ন কাম-কাজ বা গতি-বিধিৰ মাধ্যমেৰে সপ্তাহত কমেও ১৫০ মিনিটৰ শাৰীৰিক কাৰ্যকলাপ কৰা দৰকাৰ । অধিকাংশ লোকেই আজিকালি দৈনন্দিন জীৱনশৈলীত এনে কিছুমান সহজ কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰি লৈছে, যেনে- গাড়ীত ঘূৰাৰ পৰিবৰ্তে খোজ কাঢ়িছে বা চাইকেল চলাইছে । যি কি নহওক আপুনি যিমানেই যি নকৰক বিভিন্ন খেলা-ধূলা আৰু ব্যায়ামৰ দৰে কাৰ্যকলাপত অংশ ল’লেও আপোনাৰ সুস্বাস্থ্য বৰ্তি থাকিব । আপোনাৰ স্বাস্থ্যৰ উপযোগিতাৰ বাবে যিকোনো শাৰীৰিক কাৰ্যকলাপ কৰিব পাৰে, লগতে আপোনাৰ হৃদস্পন্দন বৃদ্ধিৰ বাবে খৰকৈ খোজ কাঢ়িব পাৰে, খৰকৈ উশাহ লওক আৰু শৰীৰত উত্তাপ অনুভৱ কৰাৰ বাবে খৰকৈ খোজ কঢ়া আদি এনে কাৰ্যকলাপসমূহ কৰিব পাৰে । এনে কাৰ্যকলাপসমূহক মধ্যম তীব্ৰতাৰ গতি-বিধি বুলি ক’ব পাৰি । যদি আপুনি মধ্যম তীব্ৰতাৰ কাৰ্যকলাপ কৰি আছে, দৌৰিছে, জগিং কৰিছে যিয়ে নকৰক এনে সময়ছোৱাত এটা-দুটা কথা পাতি থাকিব পাৰিব । কিন্তু গান গাব নোৱাৰিব । আৰু অন্য এক গতি-বিধি বা কাৰ্যকলাপ আছে, য’ত অধিক শাৰীৰিক শক্তি প্ৰয়োগ কৰি সমাপন কৰা হয় এনে গতি-বিধিক দৃঢ় শক্তি তীব্ৰতাৰ কাৰ্যকলাপ বুলি ক’ব পাৰি । এনে গতি-বিধিয়ে শৰীৰৰ যথেষ্ট উপকাৰ সাধন কৰে আৰু ই মধ্যম তীব্ৰতাৰ গতি বিধিতকৈ অধিক ফলপ্ৰসূ । আপুনি ক’ব পাৰে যেতিয়া আপুনি অধিক শক্তি তীব্ৰতাৰ কাৰ্যকলাপ বা ব্যায়াম কৰি আছে, তেনেস্থলত হাৰ্টৰেট ইমানেই বৃদ্ধি পাব যে আপুনি একেলগে উশাহ লৈ দুই-এটা শব্দতকৈ বেছি কথা ক’বলৈ অসুবিধা পাব ।

আধুনিক সমস্যা -

বৰ্তমান সময়ত আধুনিক প্ৰযুক্তিৰ সহজলভ্যতাই মানুহৰ জীৱন সহজ কৰি তুলিছে যে মানুহ হৈ পৰিছে এলেহুৱা আৰু নিষ্ক্ৰিয় । হঠাতে ক’ৰবালৈ যাবলগীয়া হ’লে মানুহে গাড়ী চলাই বা আন যান-বাহনত উঠিয়ে যায় । কাপোৰ ধুলেও ধোৱা হয় মেচিনত । আমি সকলোৱে মনোৰঞ্জন লওঁ টিভিৰ সন্মুখত বা কম্পিউটাৰৰ সন্মুখত বহি । সীমিতসংখ্যক লোকেহে শাৰীৰিক শ্ৰম প্ৰয়োগ হোৱা কাৰ্যকলাপ কৰে, আমাৰ মাজৰ অধিকাংশই এনে চাকৰি কৰে য’ত শাৰীৰিক ক্ষমতাৰ প্ৰয়োগ বা শাৰীৰিক শ্ৰম অতি কম । এক গৱেষণা অনুসৰি জানিব পৰা গৈছে যে অধিকাংশ বয়স্ক লোকে সাত ঘণ্টাতকৈ অধিক সময় বহি কটায়, সেয়া কামৰ ক্ষেত্ৰতে হওঁক, যান-বাহনত বহিয়ে হওক বা আজিৰ সময় কটোৱাৰ সময়তে হওক । ৬৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ লোকে দৈনিক দহ ঘণ্টা বা ইয়াতকৈ অধিক সময় ধৰি শুই-বহিয়ে সময় কটায়। এনে কাৰ্যকলাপে ব্যক্তিগৰাকীক অধিক বয়সহে বৃদ্ধি কৰে ।

সংযত জীৱনশৈলী -

অলৰ-অচৰ হৈ বহি থকা, দীৰ্ঘসময় ধৰি শুই থকা আদি ধৰণৰ নিষ্ক্ৰিয় কিছুমান কাৰ্যকলাপেও আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰ্ৱত বিপদ আনিব পাৰে । উদাহৰণস্বৰুপে বহু সময় ধৰি টি ভি চাই বহি থকা, তেনেই নিকটৱৰ্তী ঠাইলৈ গাড়ীত উঠি যোৱা, বহু সময় ধৰি বহি পঢ়ি থকা, কথা পতা, গান শুনালৈকে এনেবোৰ কাৰ্যকলাপেও শৰীৰত ব্যাঘাত জন্মাব পাৰে । এনেধৰণৰ কাৰ্যকলাপে ক্ৰনিক ৰোগ, যেনে-হৃদৰোগ, টাইপ টু ডায়েবেটিছ (টাইপ টু মধুমেহ),মেদবহুলতা আদি ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনীয়তা অধিক । আগৰ দিনত মানুহে প্ৰাকৃতিকভাৱে নিজৰ দৈনন্দিন কামৰ জৰিয়তে হওক বা বিভিন্ন শাৰীৰিক পৰিশ্ৰমৰ জৰিয়তে সক্ৰিয় হৈ থাকিব পাৰিছিল, কিন্তু বৰ্তমান আমি আমাৰ দৈনন্দিন জীৱনত সক্ৰিয় হৈ থাকিবলৈ কিছু কাৰ্যকলাপ নিজে বাছি ল’ব লাগিব । ইপিনে শিশুৰ যত্নই হওক বা বৃদ্ধৰ যত্নই হওক এইক্ষেত্ৰত সকলো লোকেই নিজকে সংযত কৰি ৰাখি আচৰণ কৰিব লাগে । গতিকে আমাৰ জীৱনশৈলীৰ সৈতে খাপ খুৱাই বা আমাৰ প্ৰয়োজন অনুসৰি এনেধৰণৰ কাম কৰাৰ পৰিমাণ বঢ়াই তুলিব লাগে । আপুনি যদি নিজকে সদায় শাৰীৰিকভাৱে সক্ৰিয় কৰি ৰাখিব বিচাৰিছে, তেন্তে শুই-বহি থাকিলে নহ’ব । শৰীৰ চৰ্চাৰ সময়ত আপুনি শাৰীৰিক ব্যায়াম কৰিছে আৰু পিচত অধিক সময় শুই-বহি কটাইছে, তেনে ক্ষেত্ৰত আপুনি আপোনাৰ লক্ষ্যত উপনীত হ’ব নোৱাৰিব ।

লেখক :- আব্দুল ৰেকিব

উৎস :- দেওবৰীয়া সম্ভাৰ

শীতত খাব পৰা উপযোগী ফল -

খেজুৰ :- খেজুৰত নিহিত থাকে আৱশ্যকীয় খনিজ পদাৰ্থ । যেনে-পটাছিয়াম, কপাৰ, মেংগানিজ আৰু মেগনেচিয়াম । তদুপৰি উপযুক্ত মাত্ৰাত পোৱা যায় ভিটামিন বি৬ । ইয়াৰ লগতে এণ্টিঅক্সিডেণ্ট গুণ নিহিত থাকে । যেনে- কেৰটিনয়ড, ফ্লেব’নাইডছ আৰু ফেন’লিক এচিড । এইসমূহ গুণাগুণ শৰীৰৰ বাবে যথেষ্ট উপযোগী ।

আপেল :- শৰীৰক সতেজ কৰি ৰখাৰ লগতে পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ প্ৰতিদিনে খাওক এটাকৈ আপেল । ফাইবাৰ আৰু পানীৰে ভৰপূৰ আপেলত নিহিত থাকে ভিটামিন চি ।

কল :- কল এবিধ শক্তিদায়ক ফল । সকলো লোকে এই ফলবিধ খাব পাৰে । কলত নিহিত থাকে পৰ্যাপ্ত পৰিমাণৰ পটাচিয়াম আৰু আইৰন । লগতে পোৱা যায় ভিটামিন ৬ ।

কমলা :- এই বতৰত কমলা সকলোতে উপলব্ধ । দৈনিক কমলা খাওক । কমলাত নিহিত থাকে চি ভিটামিন । ই শৰীৰৰ বাবে উপযোগী ।

মধুৰি :- শীতকালি উপলব্ধ এবিধ উপযোগী ফলৰ ভিতৰত অন্যতম মধুৰি । মিঠা স্বাদযুক্ত মধুৰি স্বাস্থ্যৰ বাবে উপযোগী । ই ৰোগ প্ৰতিৰোধক । শৰীৰত শক্তি যোগান ধৰে । মধুৰিত ফলিক এচিডৰ গুণাগুণ নিহিত থাকে । সেয়েহে গৰ্ভৱতী মহিলাসকলেও মধুৰি খোৱাটো আৱশ্যকীয় । ই শৰীৰৰ অৱসাদ দূৰ কৰাত সহায় কৰে ।

লেখিকা :- প্ৰাৰ্থনা হাজৰিকা

উৎস :- দেওবৰীয়া সম্ভাৰ