<p style="text-align: center; "><img class="image-inline" src="https://static.vikaspedia.in/media_vikaspedia/as/images/health/9b89cd9ac9be9b89cd9a59cd9af-9959aa/Dalim.png" /></p> <p style="text-align: justify; ">ডালিম বা বেদানা অধিকাংশ লোকৰ মাজতেই জনপ্ৰিয় এবিধ ফল। কিন্তু এই ফলবিধৰ যি ধৰণৰ উপকাৰিতা আছে, সেই সম্বন্ধে আমি বহুতেই অজ্ঞ। গৱেষকসকলৰ মতে এই ডালিম বা বেদানাত এনে কিছুমান উপাদান আছে, যিয়ে আমাৰ শৰীৰৰ পেশী শক্তিশালী কৰে। গৱেষণাত পোৱা তথ্য মতে, আমি ডালিমৰ ৰস পান কৰাৰ সময়ত আমাৰ শৰীৰত ‘ইউৰোলিথিন-এ’ নামৰ এক অণুৰ সৃষ্টি হয়। দেহৰ ভিতৰত এই অণুবোৰ মাইক্ৰ’বছৰ দ্বাৰা ৰূপান্তৰ হ’লে ই ছালত বয়সৰ চাপ পৰা ৰোধ কৰিব পৰাকৈ শক্তিশালী হোৱাৰ লগতে মাংসপেশীবোৰ দৃঢ় কৰি তোলে আৰু শৰীৰত বয়সৰ চাপ পৰাত বাধা দিয়ে।</p> <p style="text-align: justify; "><b><i>উৎস: নিয়মীয়া বাৰ্তা।</i></b></p>