মুখৰ ছালখন হৈছে এনে এখন দাপোণ য’ত প্ৰতিফলিত হয় শৰীৰৰ ভিতৰৰ স্বাস্থ্য। যদি আমাৰ শৰীৰ সবল হয় তেন্তে ছাল উজ্জ্বল আৰু পৰিষ্কাৰো হ’ব। শৰীৰৰ স্বাস্থ্য বেয়া হ’লে ছাল নিস্তেজ, শুকান, দাগ থকা আৰু বয়সৰ ছাপ পৰা হয়। সেয়েহে আমি নিয়মিত ছালৰ যত্ন লোৱা উচিত। ইপিনে যি ছালৰ উজ্জ্বলতা নাথাকে তেনে ছাল অকালতে বয়স হোৱা যেন লাগে। এই অকালতে বয়স হোৱাৰ কাৰণ হৈছে হতাশা, মানসিক হেঁচা, ৰ’দৰ প্ৰখৰ তাপ, হৰম’নৰ তাৰতম্যতা, বেছিকৈ মিঠা খোৱা, তেলযুক্ত খাদ্য, প্ৰদূষণ, ব্যয়াম নকৰা ইত্যাদি। তদুপৰি ছালৰ প্ৰতি অযত্ন আৰু অস্বাস্থ্যকৰ পৰিবেশৰ বাবেও আমাৰ ছাল স্বাস্থ্যবান নহয়, ফলত ছালত নতুনকৈ কোষ গঠন নহয়। গতিকে আমাৰ ছালখন কোমল আৰু মিহি কৰি ৰখাৰ বাবে নিয়মিতভাৱে ইয়াক পৰিষ্কাৰ কৰি ৰাখিব লাগে। বয়সৰ ছাপ পৰাৰ পিচত বাদামৰ তেল দুই চামুচৰ লগত ভিটামিন ই অইল দুই চামুচৰ লগত ভিটামিন ই অইল দুই চামুচ আৰু তিনি টোপাল কেম’মাইল এটা বটলত ভৰাই থৈ দিব। বেছি শুকান ছালৰ বাবে ই উপযুক্ত ক্লিনজাৰ। ছালকুঁৱৰীৰ ৰসৰ লগত মৌ মিহলাই কেৱল শুকান ছালত লগাব। প্ৰায় ১৫ মিনিটমান ৰখাৰ পিচত কুহুমীয়া পানীৰে ধুই দিব। খুব বেছি শুকান ছালত ক’কা বাটাৰ, মৌ, বাদামৰ তেল আৰু পদিনাৰ ৰস মিহলাই লগাব পাৰিলে ছাল সতেজ হোৱাৰ উপৰি দাগ আঁতৰে। দৈৰ ওপৰৰ চামনি অৰ্থাৎ ক্ৰীম ভাগৰ দ্বাৰা মুখত লেপ লগাব লাগে। পাঁচ মিনিটৰ পিচত দুয়োখন পৰিষ্কাৰ হাতেৰে ঘহি ঘহি মালিচ কৰি ধুই দিব লাগে। এনে কৰিলে চালত বয়সৰ ছাপ পৰাৰ সম্ভাৱনা নাথাকে। গোলাপ জলত তিওৱা কপাহ অলপ চেপি লৈ ভালদৰে মুখখন মচি পেলাব লাগে। এনে কৰিলে ছালৰ লেতেৰা ভালকৈ পৰিষ্কাৰ হোৱাৰ লগতে ছালখনো মিহি আৰু সতেজ হয়। তেলেতীয়া ছালত দৈৰ পানীখিনিত নেমুৰ ৰস আধা চামুচ মিহলাই কপাহৰ সহায়ত মুখত, ডিঙিত আৰু হাতত লগাব ১৫/২০ মিনিটৰ পিচত পানীৰে ধুই দিলে পৰিষ্কাৰ হোৱাৰ লগতে বগাও হ’ব পাৰি। ছয়া মিল্কৰ দ্বাৰাও ছালখন পৰিষ্কাৰ কৰিব পাৰি। বেছি শুকান ছালত বাদামৰ পাউডাৰ দুচামুচ আৰু শুকান পাউডাৰ গাখীৰ এচামুচৰ লগত আধা চামুচ চেনি মিহলাই ল’ব। এতিয়া প্ৰয়োজন অনুসৰি পনীয়া গাখীৰ বা গোলাপজল মিহলাই ১৫ মিনিটমান সময় মুখত, ডিঙিত আৰু হাতত লগাব। এনেদৰে নিয়মিত চাবোনৰ সলনি ইয়াৰে মুখখন পৰিষ্কাৰ কৰিলে ছালৰ উজ্জ্বলতাৰ লগতে মসৃণতাও বাঢ়িব। এৰ’মা অইলৰ দ্বাৰা পৰিষ্কাৰ কৰিবলৈ দুই টোপাল জিৰানিয়াম তেল গাখীৰৰ ক্ৰীম দুই চামুচৰ লগত মিহলাই প্ৰতিদিনে দুবাৰকৈ পৰিষ্কাৰ কৰিলে ছালৰ কমনীয়তা ঘূৰি আহে। দৈৰ পানীৰ লগত চাৰিটোপালমান লেভেণ্ডাৰ অইল মিহলাই কপাহৰ সহায়ত মুখত লগাব আৰু ১৫ মিনিটৰ পিচত ধুই দিব। এনে কৰিলে ছালৰ পৰা ওলোৱা অতিৰিক্ত তেলখিনি শুহি ছালক সাধাৰণ ছাললৈ ৰূপান্তৰিত কৰিব। লেখিকাঃ ভানু শৰ্মা, দেওবৰীয়া সম্ভাৰ