আমাৰ দৈনিক ব্যৱহৃত বাচন-বৰ্তন আদিত ক’ব নোৱাৰাকৈ বিভিন্ন ধৰনৰ দাগ লাগে । পিছে কিহৰ দাগ কিদৰে উঠাব পাৰি সেইবিষয়ে জনা থাকিলে বস্তুবিধ পুনৰ ব্যৱহাৰৰ উপযোগী হৈ পৰে । সুন্দৰ, চিকমিকীয়া হয় । তেন্তে আহক, বাচন-বৰ্তনত লগা কিদৰে উঠাব পাৰি জানি লওঁ –

১) পিতলৰ বাচন পৰিষ্কাৰ কৰিবলৈ নেমুৰ ৰসেই উত্তম উপাদান । ইয়াৰোপৰি সম পৰিমাণৰ ভিনেগাৰ আৰু পানী একেলগে মিহলাই পিতলৰ বস্তুবোৰ তাত কেইঘণ্টামান ডুবাই ৰাখক । তাৰ পিছত এডাল ব্ৰাছেৰে জোৰেৰে ঘঁহি ধুই পেলাওক । পৰিষ্কাৰ কোমল কাপোৰেৰে পিছত মচিব । চিকচিকীয়া হৈ পৰিব ।

২) তামৰ বাচন পৰিষ্কাৰ কৰিবলৈ চৌকাৰ ছাই ব্যৱহাৰ কৰক । ছাইৰ অভাৱত ফটা গাখীৰেৰেও এনে বাচন ধুব পাৰে ।

৩) এলুমিনিয়ামৰ বাচনবোৰ লেতেৰা হ’লে এটুকুৰা ফটা কাপোৰ নেমুটেঙাৰ ৰসত জুবুৰিয়াই লৈ ভালদৰে ঘঁহিব ।

৪) কঁহ ধৰা কাঁহ-পিতলৰ বাচন তেঁতেলী আৰু নিমখ দি মাজিলে উজ্জ্বল চকচকীয়া হৈ পৰিব ।

৫) ষ্টীলৰ বাচন আৰু কাঁহৰ বাচন চাউল ধোৱা পানীত লৈ কোমল জাবৰেৰে ঘঁহিলেই চাফা হয় ।

৬) প্লাষ্টিকৰ বাচন বা আচবাব –পত্ৰবোৰ কেৰাচিন তেলেৰে ঘঁহি ধুই দিয়ক । দেখিব, চিকচিকীয়া হৈ পৰিছে ।

৭) থাৰ্ম’ফ্লাক্স বা পানীৰ বটলৰ ভিতৰ ভাগ চাফা কৰিবলৈ অলপ গৰম পানী ভৰাই কিছু সময় থৈ দিয়ক । তাৰ পিছত কাগজ টুকুৰা-টুকুৰকৈ ফালি তাত ভৰাই পোন্ধৰ মিনিটমানৰ পিছত জোকাৰি উলিয়াই পেলাব । ভিতৰখন চাফা হৈ পৰিব ।

৮) ননষ্টিক পেন চাফা কৰিবলৈ এটুকুৰা নেমু কাটি লওক । এই নেমুৰে ঘঁহি দিলে সহজতে চাফা হয় ।

৯) দৈনিক ব্যৱহৃত কেৰাহীৰ ভিতৰত ডাঠ ক’লা চামনি পৰিলে দুটুকুৰামান নাৰিকলৰ বাকলি কেৰাহীত পুৰি দিবচোন । কেৰাহীৰ ভিতৰৰ ক’লা চামনি দূৰ হৈ যাব ।

১০) যিকোনো বাচনত ৰঙচুৱা বৰণ ধৰিলে পুনৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ চাহ খোৱাৰ পিছত ৰৈ যোৱা চাহপাতখিনি পেলাই নিদি ডিটাৰজেণ্টৰ লগত মিহলাই ঘঁহিব ।

১১) কেটলি, চচপেন আদিৰ তলিখন যদি ক’লা পৰি গৈছে, গৰমপানীত ৱাচিং চ’ডা মিহলাই লৈ চাফা কৰিব ।

১২) যিকোনো বস্তু ৰন্ধাৰ পিছত গৰমে গৰমে পাত্ৰটো ধুই পেলাব । তেলৰ দাগ গুচাবলৈ সহজ হ’ব ।

লেখিকা :- ৰীণা দেৱী

উৎস :- নন্দিনী