বাৰিষা বতৰত সাধাৰণতে জেকা আৰু সেমেকা পৰিৱেশৰ হেতু বিভিন্ন ৰকমৰ সংক্ৰমণ দ্ৰুতগতিত বাঢ়ি আহে । আপোনাৰ যদি ৰোগ প্ৰতিৰোধক ক্ষমতা কম, তেন্তে বিভিন্ন ৰোগে অতি সোনকালে আপোনাক আক্ৰমণ কৰিব পাৰে । সেয়ে ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপুনি কিছু স্বাস্থ্যসন্মত দিহা জানি থোৱা ভাল, যাতে এইকেইটা দিনতো ফিট তথা স্বাস্থ্যৱান হৈ থাকিব পাৰে ।

বাৰিষা কালত সচৰাচৰ হ’ব পৰা ৰোগসমূহ হৈছে- মেলেৰীয়া, হাইজা, টায়’ফইড, ভাইৰেল, ডেংগু, ষ্ট’মাক ইনফেকচন অৰ্থাৎ পেট চলা আদি । বৰষুণৰ দিনবোৰত অ’ত-ত’ত জমা হোৱা পানীত উৎপত্তি হোৱা মহে কামুৰিলে তথা দূষিত পানী আৰু খাদ্য সেৱন কৰাৰ ফলতে এনেবোৰ ৰোগ হয় ।

কি কৰিব -

১) ঘৰৰ চাৰিওকাষে পানী জমা হ’বলৈ নিদিব ।

২) আঁঠুৱা ব্যৱহাৰ কৰিব আৰু মহৰ বংশ নাশ কৰিবলৈ বজাৰত পোৱা দৰব আনি ছটিয়াব ।

৩) পানী উতলাই চেকি খাব । খাদ্যবস্তু ভালদৰে সিজাই ঢাকোন লগাই ৰাখিব যাতে মহ-মাখি আদি পৰিব নোৱাৰে ।

৪) মুকলি ঠাইত ৰন্ধা বস্তু নাখাব ।

৫) আহাৰ খোৱাৰ আগত আৰু পায়খানা কৰাৰ পিছত হাত-ভৰি মেডিকেটেড চাবোনেৰে ভালদৰে ধুব ।

৬) সম্পূৰ্ণ শৰীৰৰ লগতে ঘৰখনো পৰিষ্কাৰকৈ ৰাখিব ।

কি খাব, কি নাখাব -

১) বাৰিষা কালত কেঁচা পাচলি খোৱাটো স্বাস্থ্যসন্মত নহয় । সেয়ে সিজাই বা ৰান্ধি খাব লাগে ।

২) ফল খাব লাগে । শাৰীৰিক সতেজতা বঢ়োৱাত ই যথেষ্ট সহায় কৰে । আনাৰস, প্লাম, লিচু আদি বতৰৰ ফল আৰু গাজৰ, মূলা আদি দৈনিক খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে ।

৩) অ’টচ, বাৰ্লি, ব্ৰাউন, ৰাইচৰ নিচিনা শক্তিবৰ্দ্ধক পুষ্টিকৰ খাদ্য খোৱাত গুৰুত্ব দিব ।

৪) গাখীৰৰ পৰিৱৰ্তে দৈ খোৱাটো বেছি লাভদায়ক ।

৫) চাহ-কফি কমাই খাব, নহ’লে শৰীৰ ডিহাইড্ৰেট হ’বলৈ ধৰে ।

৬) প্ৰচুৰ পৰিমাণে পানী খাব । কিন্তু উতলাই চেকি লৈহে খাব ।

৭) কেৰেলা, নিম আৰু হালধিত ঔষধীয় তত্ত্ব থাকে- যিয়ে এই বতৰত সংক্ৰমণৰ পৰা আপোনাক সুৰক্ষা দিব পাৰে । আনহাতেদি ড্ৰাই ফ্ৰটছ, আমলখি, মৌচম্বী আদি পূৰামাত্ৰাই খাব ।

৮) কাহ, পানী লগাৰ পৰা বাচিবলৈ সতেজ মূলাৰ জুচ খাওক ।

৯) ফুলকবি, বন্ধাকবি, আলু, ভেণ্ডি তথা ভজা- পোৰা, মছলাযুক্ত খাদ্য এৰাই চলক ।

বাৰিষাত ল’ব লগা সাধাৰণ যতন -

১) বৰষুণৰ পানীত বেছি সময়লৈ নাথাকিব, নহ’লে ভৰিৰ আঙুলিৰ চেপাত ঘা হ’ব পাৰে ।

২) ঘৰ পোৱাৰ পিছতে হাত-ভৰি চাবোনেৰে ধুই শুকুৱাই ল’ব ।

৩) আপুনি যদি চাকৰিয়াল, তেন্তে অফিচত কাপোৰ এযোৰ অৱশ্যেই ৰাখিব যাতে তিতিলে সলাব পাৰে ।

৪) বৰষুনৰ দিনত ৰাস্তা-ঘাট বোকা-পানীৰে ভৰি পৰে । পিছলো হয় । গতিকে ভৰি দুখন ঢাক খাই থকা ৰেইন প্ৰুফ জোতা-চেণ্ডেল পিন্ধিব ।

৫) কপাহী আৰু ছিন্থেটিক কাপোৰ নিৰ্বাচন কৰিব ।

৬) বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা নিজক বচাবলৈ বেছি পৰলৈ তিতা কাপোৰ পিন্ধি নাথাকিব ।

লেখিকা :- ৰীণা দেৱী

উৎস :- নন্দিনী