প্ৰতিগৰাকী যুৱক-যুৱতীৰ মনত ‘বিয়া’ বা ‘বিবাহ’ শব্দটোৱে শিহৰণ সৃষ্টি কৰে। বিয়া এনেকুৱা এটা পদ্ধতি বা প্ৰথা, যাৰ দ্বাৰা দুজন অচিনাকি ব্যক্তিয়ে বা সামান্যভাৱে পৰিচিত ব্যক্তিয়ে সামাজিকভাৱে বা আইনগতভাৱে একেলগে থকাৰ সিদ্ধান্ত লয়। পতি-পত্নীৰ সম্পৰ্কটোও চাগে এনেকুৱা এটা সম্পৰ্ক, যিটোৱে জীৱনৰ অন্তিম মুহূৰ্তলৈকে দুজন ব্যক্তিক একলগ কৰি ৰাখে। যদিও জীৱনৰ এই দীঘলীয়া সময়ত বিভিন্ন মতানৈক্যৰ সৃষ্টি হয়, তথাপি পতি-পত্নীয়ে হৈ সকলো সুখ-দুখৰ সমভাগী। গতিকে বিয়াৰ বন্ধনত বান্ধ খোৱাৰ আগতে সিজনৰ বিষয়ে অলপ জ্ঞাত হোৱাতো অত্যন্ত প্ৰয়োজন। আমাৰ সমাজত বিয়া ঠিক কৰাৰ আগতে হ’বলগীয়া দৰা বা কইনাৰ কুণ্ডলী বা ৰাশি মিলাই চোৱা হয়। কিছুমান মানুহে জ্যোতিষীৰ সহায় লোৱাও দেখা যায়। কিন্তু ৰাশি বা গণ বা গোত্ৰ আদিতকৈ প্ৰয়োজনীয় হৈছে ইজনে সিজনৰ শাৰীৰিক বা মানসিক স্বাস্থ্যৰ বিষয়ে ভালকৈ অৱগত হোৱাটোহে। জীৱনসংগীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিষয়ে অৱগত হৈ থাকিলে অদূৰ ভৱিষ্যতে বহুত অনাকাংক্ষিত বিপদৰ পৰা আঁতৰি থাকিব পাৰে। গতিকে বিয়া পতাৰ আগতে আপোনাৰ হ’ব লগা জীৱনসংগীৰ বিষয়ে কিছু কথা জানি লোৱাটো আৰু কিছুমান পৰীক্ষা কৰি লোৱাটো বিজ্ঞানসন্মত। কিছুমান বেমাৰ বংশগতভাৱে পৰৱৰ্তী প্ৰজন্মলৈ বিয়পিব পাৰে। যেনে- থেলাছেমিয়া বা তেজৰ অন্যান্য বিসংগতি, ডায়েবেটিছ, কিছুমান মানসিক বেমাৰ ইত্যাদি। গতিকে আপোনাৰ ভৱিষ্যৎ ল’ৰা-ছোৱালীৰ গালৈ এনেকুৱা বেমাৰ আহিব পাৰে নে নাই, সেয়া আগতীয়াকৈ পৰীক্ষা কৰি আৰু তাৰ বাবে প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰি। চাব বিয়া পতাৰ আগতে আমি তেজৰ গ্ৰুপৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয়। Rh পজিটিভ মানুহো Rh নিগেটিভ মানুহক বিয়া পাতিলে যদি গৰ্ভৱতে অৱস্থাত আৰু মাকৰ Rh ফেক্টৰ বেলেগ বেলেগ হয়, তেতিয়া নানা সমস্যাই দেখা দিয়ে। ইয়াৰ ফলত আনকি মাক বা সন্তানৰ মৃত্যুও হ’ব পাৰে। আনহাতে, কিছুমান বেমাৰক যৌন সংক্ৰমিত বেমাৰ বুলি কোৱা হয়, যেনে- এইডছ, এইবোৰ বেমাৰ এজনৰ গাত থাকিলে বিয়াৰ পিছত আনকি সংগীৰ গাত হোৱাটো প্ৰায় খাটাং। আনকি তেওঁলোকৰ হ’বলগীয়া সন্তানৰ গালৈও এই বেমাৰ বিয়পিব পাৰে। গতিকে বিয়াৰ আগতে এইবিলাক বেমাৰৰ চিকিৎসা কৰা বা সংগমৰ সময়ত কণ্ডম ব্যৱহাৰ কৰাটো খুব প্ৰয়োজনীয়। আমাৰ দেশত বিয়াৰ আগতে যৌনতা বা যৌন বিষয়ৰ কোনো আলোচনা কৰাটো খুব বেয়া বুলি ভবা হয়। গতিকে বেছিভাগ মানুহৰে বিয়াৰ সময়লৈকে যৌন জ্ঞানৰ অভাৱ পৰিলক্ষিত হয়। অথচ দুটি মনৰ সুস্থ মিলনৰ বাবে শাৰীৰিক মিলনো সমানে প্ৰয়োজনীয়। বহুত ক্ষেত্ৰত দেখা যায় যে বিয়াৰ পিছত ল’ৰা বা ছোৱালীজনীৰ শাৰীৰিক দুৰ্বলতা থাকে বা সন্তান জন্ম দিয়াৰ ক্ষমতা নাথাকে। তেনে ক্ষেত্ৰত কিছুমান পৰীক্ষা আগতীয়াকৈ কৰাই ল’লে দুয়োৰে অসুবিধাবোৰ বুজি পোৱাত সুবিধা হয় আৰু তাৰ সঠিক চিকিৎসা প্ৰদানত সহজ হয়। ছোৱালীৰ ক্ষেত্ৰত গ্ৰ’লেক্টিন ইত্যাদি হৰম’নৰ বাবে তেজৰ নমুনা পৰীক্ষা কৰা হয়। আৰু ল’ৰাৰ ক্ষেত্ৰত টেষ্টেটেৰোন আৰু ছিমেন এনালাইছিছ কৰা হয়। ইয়াৰ উপৰি নানা ধৰণৰ পুৰণি বেমাৰ ল’ৰা বা ছোৱালী যিকোনো এজনৰ গাত থাকিব পাৰে, যেনে- ডায়েবেটিছ, উচ্চ ৰক্তচাপ, লিভাৰ বা কিডনীৰ বেমাৰ ইত্যাদি। বিয়াৰ আগতে এই বিষয়ত অৱগত হ’লে আপোনাৰ জীৱনসংগী শাৰীৰিক বা মানসিকভাৱে আপোনাৰ সেৱা-শুশ্ৰূষা কৰাৰ বাবে প্ৰস্তুত হ’ব পাৰে। সুস্থ শৰীৰৰ বাবে সুস্থ মন এটাৰ অতিকে প্ৰয়োজন। যিহেতু আমাৰ সমাজত বেছিভাগ বিয়াই মাত্ৰ এবাৰ বা দুবাৰ লগ পোৱাৰ পিছতেই ঠিক হৈ যায়, গতিকে ইজনে সিজনৰ মানসিক অৱস্থাৰ বিষয়ে জ্ঞাত হোৱাটো সম্ভৱ নহয়। কিন্তু জীৱনসংগীৰ- ‘স্কিজোফ্ৰেনিয়া’, ‘মোনিয়া’, ‘ডিপ্ৰেছন’, ‘পাৰ্ছনেলিটী ডিছঅৰ্ডাৰ’ আদি বেমাৰৰ আৱিৰ্ভাৱ হয়। কিন্তু বিয়াৰ আগতে খুব সাধাৰণ চাইক’মেট্ৰিক টেষ্টৰ দ্বাৰা এইবোৰ বেমাৰ ধৰা পেলাব পাৰি আৰু বিয়াৰ আগতে তাৰ উপযুক্ত চিকিৎসা কৰাব পাৰি। বিয়াৰ আগতে নিজৰ জীৱনসংগীৰ শাৰীৰিক বা মানসিক বিসংগতিৰ বিষয়ে জানি লোৱাৰ অৰ্থ এইটো নহয় যে বিয়াখন ভাঙি যোৱা, বৰঞ্চ ইয়াৰ দ্বাৰা দুজনৰ মাজত বিশ্বাস বৃদ্ধি হয় আৰু ভৱিষ্যতে হ’ব লগা বিপদৰ পৰা আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰা। আমাৰ তেজত থকা কিছুমান এন্টিজেনৰ ওপৰত ভিত্তি কৰি তেজক বিভিন্ন গ্ৰুপত ভাগ কৰা হয়, যেনে- A, B, AB আৰু O। আমাৰ তেজত আকৈ আৰ এইচ(Rh) নামৰ এবিধ এন্টিজেন থাকে, যাৰ তেজত Rh এন্টিজেন থাকে, তেওঁক Rh পজিটিভ আৰু যাৰ তেজত এইবিধ এন্টিজেন নাথাকে, তেওঁক Rh নিগেটিভ বুলি কোৱা হয়। ‘জন্ম’, ‘মৃত্যু’, ‘বিবাহ’ যদিও ঈশ্বৰৰ হাতত থাকে, তথাপি মানুহ হিচাপে যিহেতু আমি জীয়াই থাকিব লাগিব। গতিকে বিবাহৰ বান্ধোনেৰে বান্ধ খোৱাৰ আগতে বিজ্ঞানসন্মতভাৱে দুই-এটা কথা অনুসৰণ কৰিলে দাম্পত্য জীৱন সুখী হোৱাৰ সম্ভাৱনা বেছি থাকে। লেখক: ডাঃ বিপ্লৱ পল(নিয়মীয়া বাৰ্তা)