কাহ স্বয়ং কোনো ৰোগ নহয়। ই অন্য ৰোগৰ লক্ষণ মাত্ৰ। কাহৰ বাবে দুৰ্বলতাৰ উপৰি ডিঙি, শ্বাসনলী, হাওঁফাওঁ, হৃদযন্ত্ৰ আদিৰ ৰোগ হয়। যক্ষা আৰু হাপানি ৰোগত কাহ এটা মূখ্য লক্ষণ। যেতিয়া লৈকে কাহৰ মূল কাৰণ জনিত ৰোগৰ পূৰ্ণ চিকিৎসা নহয় তেতিয়া লৈকে কেৱল কাহৰ ঔষধেৰে ক্ষণিক উপশম পালেও ৰোগ আৰোগ্য নহয়। কাহ দুই ধৰণৰ হয়- শুকান আৰু কফ যুক্ত। শুকান কাহত মুঠেও কফ নাথাকে আৰু অতি কষ্টকৰ ভাৱে সামান্য থু ওলায়। আনহাতে কফযুক্ত কাহত অলপ কাহিলেই কফ ওলায়। জ্বৰ হ’লেও কাহ, চৰ্দি হয়। চৰ্দি জ্বৰৰ বাবে গ্ৰহণ কৰা আহাৰ কাহৰ চিকিৎসাৰ বাবেও গ্ৰহণ কৰিব পাৰি। নিম্ন লিখিত খাদ্য দ্ৰব্যবোৰ কাহ হোৱাৰ সময়ত অধিক ভাৱে প্ৰয়োগ কৰিলে ৰোগ আৰোগ্য হয়। নেমু শ্বাস কষ্ট জনিত কাহত নেমুত জালুক আৰু নিমখ মিহলাই খাব লাগে। আপেল পকা আপেলৰ ৰস উলিয়াই মিচিৰি মিহলাই প্ৰাতঃ কালত খালে পুৰণি কাহ ভাল হয়। আমলখি (১) পিহা আমলখি এচামুচ মৌ মিহলাই নিতৌ দুবাৰ খাব লাগে। (২) শুকান কাহত- সতেজ বা শুকান আমলখিৰ লগত সতেজ ধনিয়া পাত পিহি চাটনি তৈয়াৰ কৰি খালে আৰাম পোৱা যায়। আঙুৰ আঙুৰৰ পৰা হাওঁফাওঁৱে শক্তি পায়। কফ বাহিৰলৈ ওলাই আহে। আঙুৰ খোৱাৰ পিছত পানী খাব নালাগে। পালেং কাহত পালেং শাকৰ ৰস গৰম কৰি কুলকুলি কৰিলে আৰাম পোৱা যায়। চালগোম চালগোম পানীত উতলাই পানী খিনি চেকি লৈ চেনি মিহলাই খাব লাগে। মেথি চাৰি চামুচ মেথিদানা এগিলাচ পানীত সিজাই পানী খিনি আধা হ’লে চেকি লৈ গৰমে গৰমে খাব লাগে। তিল যদি চৰ্দি হৈ কাহ হয় তেন্তে চাৰি চামুচ আৰু সমান পৰিমাণৰ মিচিৰি মিহলাই উতলাব। এগিলাচ পানীত উতলাই আধা গিলাচ হ’লে নমাব লাগে। এনেদৰে দিনত তিনিবাৰ তিল সিদ্ধ পানী খালে কাহ ভাল হয়। দালচেনি দালচেনি চুহি থাকিলেও কাহ নহয়। লং (১) এভাগ লং আৰু দুভাগ ডালিমৰ গুটি মিহলাই পিহি ল’ব লাগে। এচামুচ মৌৰ সৈতে আধা চামুচতকৈ কম পৰিমাণৰ চূৰ্ণ নিতৌ তিনিবাৰকৈ খালে কাহ আঁতৰে। (২) লং জুইত পুৰি মৌ মিহলাই চেলেকি খাব লাগে। চফ দুচামুচ চফ, দুচামুচ আজোৱান বা জনি আধা লিটাৰ পানীত সিজাই চেকি ল’ব লাগে। ইয়াৰে তিনি চামুচকৈ প্ৰতি ঘণ্টাত খাবলৈ দিলে পিত্তৰ কাহ সোনকালে ভাল হয়। জালুক (১) জালুক গুটি আৰু মিচিৰি মুখত লৈ থৈ দিলে ডিঙিৰ সুৰসুৰণি বন্ধ হয়। (২) পাঁচোটা জালুক এচিকুট শুকান আদা গুৰি কৰি মৌ মিহলাই পুৱা-গধুলি খালে কফ যুক্ত কাহ ভাল হয়। (৩) এচামুচ জালুকৰ গুৰি সাত গ্ৰাম গুড়ৰ লগত মিহলাই লাৰু বনাই আধা লাডু পুৱা-গধূলি মূখত লৈ চুহিলে সকলো কাহ ভাল হয়। (৪) জালুক আৰু মিচিৰি সম ভাগ লৈ গুৰি কৰি ইয়াৰ সৈতে লাডু তৈয়াৰ কৰিব পৰাকৈ ঘিউ মিহলাই লওক। এনে লাৰু মুখত লৈ চুহিলেও কাহ ভাল হয়। (৫) দহটা জালুকৰ গুৰি মৌৰ লগত মিহলাই পুৱা-গধূলি আৰু দহটা জালুকৰ গুৰি ৰাতি শোৱাৰ সময়ত গৰম গাখীৰত মিহলাই খাব লাগে। (৬) এগিলাচ পানীত কেইটা মান জালুক সিজাই খাব লাগে। (৭) গাজৰৰ ৰসত মিচিৰি মিহলাই জুইত উতলাই ঘন কৰি ল’ব লাগে। ইয়াত জালুকৰ চূৰ্ণ মিহলাই কাহ হোৱা ৰোগীক খাবলৈ দিলে কফ বাহিৰলৈ ওলাই আহে। ধনীয়া ধনীয়া আৰু মিচিৰি সমান মাত্ৰাত পিহি ল’ব লাগে। একাপ এই মিশ্ৰণ মিহলাই খাব লাগে। মিচিৰি বাৰে বাৰে কাহ উঠিলে মিচিৰিৰ টুকুৰা মুখত লৈ থাকিব লাগে। কফি তীব্ৰ কাহত গাখীৰ নিদিয়া গৰম কফি খোৱা ভাল। ডালিম আঠ ভাগ ডালিমৰ গিটিৰ চূৰ্ণ এভাগ সৈন্ধৱ নিমখ পানীৰ লগত মিহলাই বৰি তৈয়াৰ কৰি ল’ব লাগে। এটাকৈ এনে বৰি দিনত তিনি বাৰ মুখত লৈ চুহিব লাগে। নহৰু ৬০ গ্ৰাম সৰিয়হৰ তেলত এটা নহৰু চাফা কৰি সিজাই লৈ থৈ দিয়ক। এই তেল বুকু আৰু ডিঙিত মালিচ কৰিলে আৰাম পোৱা যায়। তদুপৰি ২০ ফোটা নহৰুৰ ৰস ডালিমৰ চৰবতৰ লগত মিহলাই খালেও সকলো ধৰণৰ কাহত সুফল পোৱ যায়। (১) পাঁচটা বাদাম আগদিনা ৰাতি পানীত তিয়াই পিচ দিনাখন ইয়াত মিচিৰি আৰু এফোটা নহৰু মিহলাই পিহি ল’ব লাগে। দুই-তিনি দিন একেৰাহে খুৱাব লাগে। নহৰু সৰিয়হৰ তেলত ভাজি তেল খিনিৰে ডিঙি, পিঠি আৰু বুকুত মালিচ কৰিলেও আৰাম পোৱা যায়। (২) নহৰুৰ সতেজ ৰস দহ ফোটা মৌ আৰু পানী চাৰি গ্ৰাম মাত্ৰাত দিনত চাৰি বাৰ খুৱাব লাগে। পদিনা পদিনাৰ চাহত সামান্য নিমখ মিহলাই খালে সুফল পোৱা যায়। ঘেঁহু ২০ গ্ৰাম ঘেঁহু, ৯ গ্ৰাম সৈন্ধৱ লৱণৰ সৈতে এগিলাচ পানীত সিজাই এক-তৃতীয়াংশ পানী থাকিলে নমাই লৈ চেকি পেলাব লাগে। এনে পানী সাত দিন খালে কাহ দূৰ হয়। ঘিউ দেশী ঘিউ আৰু গুড় জুইত গৰম কৰি খাব লাগে। বুকুত ঘিউ আৰু সৈন্ধৱ নিমখ মিহলাই মালিচ কৰিলে পুৰণি কাহ ভাল হয়। সৰিয়হৰ তেল শিশুক সৰিয়হৰ তেল গৰম কৰি বুকুত মালিচ কৰিব লাগে। শ্বাস কষ্ট হ’লে বা কফ জমা হ’লে সৰিয়হৰ তেলত সৈন্ধৱ লৱণ মিহলাই ল’ব লাগে। গুড় শীত ঋতুত গুড় আৰু ক’লা তিলৰ লাৰু তৈয়াৰ কৰি খালে কাহ, হাঁপানি, ব্ৰংকাইটিছ দূৰ হয়। হালধি কাহ, ডিঙিৰ সুৰসুৰণি, বুকুৰ ধৰফৰণি হ’লে গৰম পানীত নিমখ মিহলাই খুৱাই দিয়াৰ পিছত হালধিৰ সৰু টুকুৰা এটা মুখত লৈ চুপি থাকিব লাগে। মৌচম্বী সঘনাই কাহ হ’লে একেৰাহে কিছুদিন মৌচম্বীৰ ৰস খাব লাগে। ফিটকিৰি (১) আধা গ্ৰাম পিহ ফিটকিৰি মৌৰ লগত মিহলাই খালে হাঁপানি, কাহত আৰাম পোৱা যায়। (২) ফিটকিৰি আৰু বুটৰ দাইল সমান মাত্ৰাত পিহি লৈ খাব লাগে। মৌ কাহৰ বাবে মৌ উপকাৰী। ১২ গ্ৰাম মৌ দিনত তিনিবাৰকৈ খালে কাহ ভাল হয়। তদুপৰি এটা নেমু পানীত সিজাই ৰস উলিয়াই লৈ ইয়াৰ সৈতে এফোটা গ্লিচাৰিণ আৰু দুচামুচ মৌ মিহলাই ভালকৈ জোকাৰি এচামুচকৈ দিনত চাৰি বাৰ খাব লাগে। আজোৱান বা জনি আজোৱান চোবাই গৰম পানী খাল কাহ বন্ধ হয়। আদা (১) আদাৰ ৰস ৩০ গ্ৰাম দিনত তিনি বাৰ গৰম কৰি দহ দিনলৈ খাব লাগে। কাহ, হাঁপানি ৰোগৰ বাবে উপকাৰী। অৱশ্যে এই সময় ছোৱাত দৈ আৰু টেঙা খাব নালাগে। (২) ১২ গ্ৰাম আদা সৰু টকুৰা কৰি এগিলাচ পানী, গাখীৰ আৰু চেনি মিহলাই চাহৰ দৰে উতলাই খাব লাগে। (৩) ঘিউত গুড় মিহলাই প্ৰাতঃ কালত খালী পেটত কিছুদিন খাব লাগে। (৪) আঠটা জালুক, স্বাদ অনুসৰি নিমখ আৰু গুড়, চাৰি ভাগৰ এভাগ পিহি লোৱা শুকান আদা এগিলাচ পানীত উতলাই আধা গিলাচ হ’লে গৰমে গৰমে খাব লাগে। (৫) দহ গ্ৰাম আদা সৰু সৰু টুকুৰা কৰি এটা কেৰাহীত জুইৰ ওপৰত উঠাই দি বিছ গ্ৰাম গুড় দিব লাগে। গুড় খিনি গলি আদাৰ সৈতে ভালদৰে মিহলি হৈ পৰিলে সামান্য গৰম হৈ থকা অৱস্থাত এচামুচ বা দুচামুচ খাব লাগে। খোৱাৰ পিছত এঘণ্টালৈ পানী খাব নালাগে। কফ যুক্ত কাহৰ বাবে ই বৰ উপকাৰী। তুলসী কাহৰ বাবে জ্বৰ জীৰ্ণ হ’লে, বুকুৰ বিষ হ’লে তুলসী পাতৰ ৰস মিচিৰি মিহলাই খালে সুফল পোৱা যায়। (১) পাঁচটা লং গুৰি কৰি তুলসী পাতৰ লগত চোবাই খালে সকলো ধণৰ কাহ ভাল হয়। মিচিৰি চাৰি গ্ৰাম আৰু তুলসী পাতৰ শুকান গুৰি সমান মাত্ৰাত খালে কাহ আৰু হাওঁফাওঁৰ দুৰ্বলতা আঁতৰ হয়। (২) তুলসীৰ পাত আৰু জালুক সমান মাত্ৰাত পিহি লৈ বৰি তৈয়াৰ কৰি দিনত চাৰিবাৰ এটাকৈ এনে বৰি খালে কফ ওলাই আহে। (৩) তুলসী পাতৰ কাথ ১২ গ্ৰাম তৈয়াৰ কৰি ইয়াৰ সৈতে চেনি আৰু গাখীৰ মিহলাই খালে কাহ আৰু বুকুৰ বিষ ভাল হয়। (৪) ৩ গ্ৰাম তুলসীৰ ৰস, ৬ গ্ৰাম মিচিৰি আৰু তিনিটা জালুক পিহি খালে বুকুৰ ধপ্ধপ্নি, পুৰণি জ্বৰ আৰু কাহ ভাল। (৫) জ্বৰ, কাহ, শ্বাস ৰোগৰ বাবে তুলসীৰ ৰস ৩ গ্ৰাম, আদাৰ ৰস ৩ গ্ৰাম আৰু মৌ ৫ গ্ৰাম মিহলাই পুৱা-গধুলি খালে স-ফল পোৱা যায়। (৬) জ্বৰ, কাহ, বুকুত কফ জমা হ’লে তুলসীৰ শুকান পাত, খয়েৰ, কৰ্পূৰ আৰু ইলাচি সম ভাগ আৰু ইয়াৰ ৯ গুণ পৰিমাণৰ চেনি মিহিকৈ বটি লৈ সামান্য পৰিমাণে পুৱা-গধূলি দুবাৰকৈ একেৰাহে কিছুদিন খাব লাগে। (৭) তুলসীৰ পাত আৰু জালুক সমান মাত্ৰাত পিহি লৈ সৰু সৰু বড়ি তৈয়াৰ কৰি এটাকৈ বড়ি দিনত চাৰি বাৰ খাব লাগে। নাৰিকল শুকান নাৰিকল এটা ৰুকি লৈ এভাগ নাৰিকল একাপ পানীত দুঘণ্টা তিয়াই থ’ব লাগে। তাৰ পিছত পানীৰ পৰা উঠাই মিহিকৈ পিহি লৈ নাৰিকল তিওৱা পানী খিনিৰ এটা ঘোল তৈয়াৰ কৰি খাব লাগে। এনেদৰে নিতৌ তিনি বাৰ খালে কাহ, যক্ষা আৰি যকৃতৰ অইন ৰোগ ভাল হয়। ডাঙৰ কিচমিচ সঘনাই কাহ-গ্বৰ হ’লে ১১ টা ডাঙৰ জাতৰ কিচমিচ, ১১ টা জালুক, ৫ টা বাদাম তিয়াই পিহি লৈ ২৫ গ্ৰাম মাখন মিহলাই ৰাতি শোৱাৰ সময়ত খাব লাগে। ৰাতিপুৱা গাখীৰত জালুকৰ গুৰি, শুকান আদাৰ গুৰি উতলাই কেই মাহ মান খালে স্থায়ী ভাৱে ৰোগ নিৰাময় হয়। শুকান কাহ গুড় ১৫ গ্ৰাম গুড় আৰু ১৫ গ্ৰাম সৰিয়হৰ তেল মিহলাই জিভাৰে চেলেকি খাব লাগে। তৰমুজ শুকান কাহত তৰমুজ খোৱা উপকাৰী। আম পকা আম জুইত পুৰি পিটিকি খালে শুকান কাহ ভাল হয়। খেজুৰ শুকান কাহৰ বাবে খেজুৰ উপকাৰী। জালুক (১) জালুক আৰু মিচিৰি মুখত লৈ লাহে লাহে চোবাব লাগে, (২) মিচিৰি আৰু জালুক সম ভাগত পিহি লৈ ঘিউৰে লেটিয়াই সৰু সৰু লাডু তৈয়াৰ কৰি মুখত লৈ লজেন্সৰ দৰে চুপিব লাগে। (৩)সহোটা মান জালুক পিহি মৌৰ সৈতে মিহলাই পুৱা-গধুলি খাব লাগে। ৰাতি গৰম গাখীৰত জালুকৰ গুৰি মিহলাই খাব লাগে। গাজৰ গাজৰৰ ৰস ৩১০ গ্ৰাম, পালেং শাকৰ ৰস ১২৫ গ্ৰাম মিহলাই খালে শ্বাস নলীৰ সংক্ৰমণ দূৰ হয়। বাদাম শুকান কাহত বাদাম মুখত লৈ চোবালেও ডিঙিৰ সুৰসুৰণি বন্ধ হয়। হুপিং কাহ হুপিং কাহ এক সংক্ৰমক ৰোগ। সধাৰণতে ই এজন শিশুৰ পৰা আন এজনলৈ সংক্ৰমিত হয়। প্ৰথমতে পাতলীয়া ধৰণৰ জ্বৰ উঠে। কাহ আৰম্ভ হয় আৰু লাহে লাহে ইয়াৰ তীব্ৰতা বাঢ়ে। দিন-ৰাতি সমানে কাহৰ বেগ উঠে। এবাৰ কাহ উঠিলে আধা মিনটৰ পৰা এক মিনিটলৈ কাহি থাকিব লাগে আৰু উশাহ বন্ধ হৈ যোৱা যেন অনুভৱ হয়। কেতিয়াবা বমিও হয়। চকু ৰঙা পৰে। ই শিশুৰ বাবে এক অতি কষ্ট দায়ক দীৰ্ঘ কালীন ৰোগ। বৰ্তমান ইয়াৰ প্ৰতিষেধক আছে যদিও কিছুমান খাদ্য দ্ৰব্যৰ যোগেদি ইয়াক শীঘ্ৰে আৰোগ্য কৰিব পৰা যায়। এই ৰোগত ব্যৱহৃত বিভিন্ন খাদ্য দ্ৰব্য এনে ধৰণৰ- হুপিংকাহত কোনো ধৰণৰ সুগন্ধি মিশ্ৰণ নকৰা শুদ্ধ নাৰিকল তেল শিশুক নিতৌ চাৰিবাৰ খুৱালে সুফল পোৱা যায়। মাকৈ মাকৈ জুইত পুৰি ছাই খিনি মিহিকৈ গুড়ি কৰি ল’ব লাগে। ইয়াৰ সৈতে স্বাদ অনুসৰি সৈন্ধৱ নিমখ মিহলাই চামুচ এখনৰ চাৰি ভাগৰ এভাগ মাত্ৰাত দিনত চাৰি বাৰ গৰম পানীৰে খুৱাব লাগে। লেখিকা: ডাঃ স্বৰ্ণালী শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।