মাত বহি যোৱা আৰু ডিঙিৰ বিষৰ ঘৰুৱা চিকিৎসা আমলখি শুকুৱাই গুৰি কৰি গৰুৰ (কুহুমীয়া গৰম) গাখীৰৰ লগত খালে মাত বহি যোৱা ৰোগ হয়। কুহিয়াৰ জুইত সেকি চোবাই খালে মাত বহি যোৱা ৰোগ ভাল হয়। বাহাকৰ (তিতা ফুল)পাত দহখন ভালদৰে ধুই কুটি লৈ এগিলাচ পানীত সিজাই আধা হ’লে নমাই চেকি লওক। এই ৰস মৌ মিহলাই খালে মাত বহি যোৱা ৰোগি ভাল হয়। শুকান আদা, জালুক, পিপলি, শিলিখা, ভোমোৰা গুটি, আমলখি আৰু য-খাৰ এই আটাইবোৰৰে এচিকুটকৈ গুৰি মিহলাই অকণ অকণকৈ মুখত লৈ থাকিলে মাত বহি যোৱা ৰোগ ভাল হয়। সোৱগা আধা গ্ৰাম(মটৰমাহ এটামান জোখৰ) মুখত লৈ তাৰ ৰস চুপি থাকক। মাত বহি যোৱা বা মাত ভাঙি যোৱা ৰোগ ভাল হয়। দুই তিনিঘণ্টামানলৈকে মাত পৰিস্কাৰ হৈ থাকিব। শোৱাৰ সময়ত যষ্ঠিমধুৰ গুৰি মুখত লৈ কিছু সময় চোবাই থাকক। পুৱালৈ ডিঙি পৰিস্কাৰ হৈ থাকিব। যষ্ঠিমধুৰ গুৰি পাণৰ ওপৰত ছটিয়াই খালেও ভাঙি যোৱা মাত বা বহি যোৱা মাত ভাল হয়। ডিঙিৰ বিষ হৈ থাকিলেও এই ঔষধে ভাল কাম কৰে। ভাত খোৱাৰ পিছত দুটা গোটা জালুকৰ গুৰি আধা চামুচ ঘিউৰ লগত মিহলাই চেলেকি খালেও বহি যোৱা মাত ভাল হয়। পানী লগা, কাহ, মাতভঙা আদি সকলো দোষ ভাল হয়। একচামুচ পানী লাউৰ ৰসৰ লগত এচামুচ মৌ মিহলাই খালেও এই বিকাৰ ভাল হয়। পালেং শাক বতি তাৰ ৰস উলিয়াই একাপ পানীৰ লগত গৰম কৰি কুলকুলি কৰিলেও বহি যোৱা মাত ওলায়। তেজপাত উতলাই সামান্য গৰম হৈ থাকোতে সেই পানীৰে কুলকুলি কৰিলেও মাত বহি যোৱাৰ বিকাৰ ভাল হয়। আধা চামুচ খাঁটি হালধিৰ গুৰিৰ লগত এচামুচ মৌ মিহলাই চেলেকি খাই থাকিলেও বহি যোৱা মাত ভাল হয়। আদা, জালুক, নহৰু, কিচমিচ বা ডাঙৰ জাতৰ কিচমিচ আৰু ঘিউ এই ৰোগৰ কাৰণে অতি উপযোগী দ্ৰব্য। ইয়াৰ বিপৰীতে মাত বহি যোৱা ৰোগীয়ে দৈ, টেঙা বস্তু, বেছিকৈ তেলত ভজা খাদ্য, ঠাণ্ডা দ্ৰব্য আদিৰ সেৱন পৰিহাৰ কৰিব। টনচিলৰ ৰোগ কেঁচা অমিতা এটা মিহিকৈ কুটি পটা বা মিক্সিত বতি তাৰ ৰস উলিয়াই লওক। সেই ৰসৰ লগত সামান্য পানী মিহলাই অকণমান গৰম কৰি টনচিলৰ কাষ পোৱাকৈ কুলকুলি কৰক। টনচিল ফুলা, বিষ হোৱা আদি নিৰাময় হয়। দালচেনি মিহিকৈ গুৰি কৰি আঙুলিৰ আগেৰে ফুলা টনচিলৰ মূৰত লগাওক। পিছত লাহে লাহে সেপ গিলিলে ফুলা টনচিল বহি যাব আৰু বিষো নাইকীয়া হব। ফিটকিৰি, হালধি, যষ্ঠিমধু শুকানকৈ ভাজিলোৱা সোৱগা সমান মাত্ৰাত লৈ ভালদৰে মিহিকৈ বটি বটলত ভৰাই থৈ দিয়ক। এই মিশ্ৰণৰ দুই চামুচ এগিলাচ গৰম পানীত মিহলাই সহ্য কৰিব পৰাকৈ গৰমে গৰমে কুলকুলি কৰিলে টনচিল ফুলা আৰু টনচিলৰ বিষ ভাল হয়। ৪-৫ গ্ৰাম (এক চামুচ) শুকানকৈ ভজিলোৱা ফিটকিৰি আৰু ৫ গ্ৰাম (এক চামুচ) মিচিৰি একেলগে মিহলাই খালে টনচিল ফুলা বা বাৰে বাৰে হোৱা টনচিলৰ বিষ ভাল হয়। মিঠা পট্টিৰ (পাণ) লগত লং, যষ্ঠিমধু পিপৰমিণ্ট লগাই দিনে তিনিবাৰ খালে টনচিলৰ যন্ত্ৰণা লাঘৱ হয়। শিঙৰিৰ (পানী ফল) গুটি খালেও টনচিলৰ বিষ ভাল হয়। শিঙৰিত যথেষ্ট পৰিমাণে আয়োদিন থাকে। জনি, তুলসী আৰু আদা উতলোৱা পানীৰে কুলকুলি কৰক। এগিলাচ কুহুমীয়া পানীত খাটি গুৰি হালধি ৩ গ্ৰাম আৰু ২ গ্ৰাম নিমখ মিহলাই দিনে তিনি চাৰিবাৰ কুলকুলি কৰক। এটা মজলীয়া আকাৰৰ নহৰুৰ আধামান লৈ থেতালি গৰম পানীত দি সেই পানীৰে কুলকুলি কৰক। টনচিলৰ বিষ ভাল হয়। আমলখিৰ আঠ-দহটা পাত পটাত বটি চেকি লৈ তাৰ ৰসখিনি এগিলাচ গৰম পানীত লৈ সেই পানীৰে কুলকুলি কৰিলে টনচিল ভাল হয়। তিল তেলত হালধিৰ গুৰি মিহলাই ডিঙিত লেপ দিলেও টনচিলৰ বিষ ভাল হয়। গৰম মছলা, ঠাণ্ডা পানীয়, টেঙা বা তেলত ভজা বস্তু পৰিহাৰ কৰিব। নিম পাতৰ এচামুচ ৰসৰ লগত এচামুচ মৌ মিহলাই খাব। ডিঙিৰ বিষ ভাল হব আৰু ডিঙিৰ সুৰসুৰণিও আৰাম পাব। ডিঙিত তুলসী পাতৰ মালা পিন্ধিলে টনচিল আৰু ডিঙিৰ ৰোগ নহয়। শুকান ডিমৰু ফল পানীত উতলাই সেই পানীতে ভালদৰে পিটিকি খচি লওক। এই পেষ্ট সামান্য গৰম হৈ থাকোতে ডিঙিত লেপ দিয়ক। টনচিল ফুলা আৰু বিষ ভাল হব। কলৰ বাকলি শুকান তাৱাত গৰম কৰি ডিঙিৰ ওপৰত লগাই বান্ধি থলেও বিষ আৰু ফুলা কমে। গাজৰৰ ৰস নিয়মীয়াকৈ খাই থাকিলে টনচিলৰ বিষ নহয়। মাম্পছ বা পিঠা খোৱা ৰোগ সৰ তোলা গাখীৰেৰে তৈয়াৰী দৈৰ ঘোলৰ লগত এমুঠিমান জালুক বটি মুখৰ ফুলা অংশত লেপ দি থলে পিঠাখোৱা ভাল হয়। পাঁচটামান পিঁয়াজ কুটি ঘিউত ভাজি গৰমে গৰমে ফুলা অংশত সেক দিলে বা টোপোলা কৰি বান্ধি সেক ল’লে এই ৰোগ ভাল হয়। আম পাত শুকুৱাই পুৰি তাৰ ধোঁৱা মুখেৰে ল’লে ডিঙিৰ ভিতৰত হোৱা বিষ কম হয় আৰু মুখ সহজে মেলিব পৰা হয়। তেজপাত পাঁচটা এগিলাচ পানীত উতলাই সেই পানীৰে কুলুকুলি কৰিলে ডিঙিৰ ভিতৰৰ বিষ কমে আৰু মেলিবলৈ সহজ হয়। লাউৰ ৰস উলিয়াই তাত সামান্য মৌ মিহলাই খালে ডিঙিৰ বিষ আৰু পোৰণি উপশম হয়। মদাৰ গছৰ শিপা খুন্দি গুৰি কৰি তাৰ লগত টেঙা দৈৰ পানী মিহলাই ফুলা অংশত লেপ দিলেও ৰোগৰ যন্ত্ৰণা কমে। গুৰি হালধি আধা চামুচ পানীত গুলি ফুলা অংশত আৰু ডিঙিত লেপ দিব। আধা চামুচ হালধীৰ গুৰি একাপ পানীত উতলাই সেই পানীৰে কুলকুলি কৰক। তিল তেলৰ লগত হালধি মিহলাই ডিঙিত লেপ দিলেও পিঠাখোৱা ৰোগৰ যন্ত্ৰণা কমে। নুনি গছৰ ফল আৰু নুনি ফলৰ চৰ্বত খালে ৩-৪ দিনৰ ভিতৰতে এই ৰোগৰ স্ংক্ৰমণ নিৰাময় হয়। যষ্ঠিমধু, আদা আৰু তুলসী একেলগে মিহলাই খালে ডিঙিৰ যিকোনো ৰোগ উপশম হয়। কুহুমীয়া পানীৰে কুলকুলি কৰিলে ডিঙিৰ যিকোনো ৰোগেই প্ৰতিৰোধ হয়। প্ৰয়োজন অনুসৰি পানীত নিমখ, চাহপাত, তুলসী পাত, লং, ফিটকিৰি বা জনি পেলাই লব পাৰে। ডিঙিৰ যিকোনো ৰোগ হ’লে তিনিদিনলৈ গোটা আহাৰ নেখালে ভাল। ফল আৰু পাচলিৰ ৰস, চুপ আদি খাব লাগে। ডিঙিৰ যিকোনো ৰোগকে অৱহেলা নকৰিব। বিষ যন্ত্ৰণা বা ফুলা যেন অনুভৱ হ’লেই চিকিৎসকৰ পৰামৰ্শ লওক। স্বাস্থ্য আৰু দীৰ্ঘ জীৱন